ETV Bharat / bharat

মাংগালুৰুত নীতি বহিৰ্ভূতভাৱে নৱজাতকৰ COVID-১৯ পৰীক্ষা

author img

By

Published : Mar 30, 2021, 7:15 PM IST

মাংগালুৰু বিমানবন্দৰত নীতি বহিৰ্ভূতভাৱে সম্পন্ন কৰা হ'ল নৱজাতকৰ COVID-১৯ পৰীক্ষা । এই ঘটনা সন্দৰ্ভত স্বাস্থ্য বিষয়া ড০ ৰামচন্দ্ৰ বায়াৰীয়ে কয় যে, ২ বছৰ বা তাতোকৈ কম বয়সৰ শিশুৰ আৰ টি পি চি আৰ পৰীক্ষা কৰোৱাৰ প্ৰয়োজন নাই । লগতে নৱজাতকৰ COVID-১৯ পৰীক্ষা স্বাস্থ্য কৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও তেওঁ মন্তব্য কৰে ।

মাংগালুৰুত নীতি বহিৰ্ভূতভাৱে নৱজাতকৰ COVID-১৯ পৰীক্ষা
মাংগালুৰুত নীতি বহিৰ্ভূতভাৱে নৱজাতকৰ COVID-১৯ পৰীক্ষা

নেশ্যেনেল ডেস্ক, ৩০ মাৰ্চ: মাংগালুৰু বিমানবন্দৰত বলপূৰ্বকভাৱে এটি নৱজাতকৰ COVID-১৯ পৰীক্ষা সম্পন্ন কৰোৱাৰ অভিযোগ উত্থাপন কৰিছে এক দম্পতীয়ে । ব'লাৰৰ বাসিন্দা এই দম্পতীয়ে জনোৱা মতে, তেওঁলোকে ডুবাইৰ পৰা আহি মাংগালুৰু বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত নিয়ম অনুসৰি তেওঁলোকৰ আৰ টি পি চি আৰ পৰীক্ষা কৰোৱা হৈছিল । কিন্তু সেই সময়তে নীতি বহিৰ্ভূতভাৱে তেওঁলোকৰ কণমানি লৰা সন্তানৰো COVID-১৯ পৰীক্ষা সম্পন্ন কৰোৱাৰ অভিযোগ উত্থাপন কৰিছে স্বামী-স্ত্ৰীয়ে ।

তেওঁলোকে আপত্তি দৰ্শোৱাৰ পিছতো বিমানবন্দৰৰ স্বাস্থ্য কৰ্মীয়ে নৱজাতকৰ পৰীক্ষা কৰোৱাৰ অভিযোগ তুলিছে দম্পতীয়ে । আনহাতে, এই ঘটনা সন্দৰ্ভত ডি এইচ অ' ড০ ৰামচন্দ্ৰ বায়াৰীয়ে কয় যে, ২ বছৰ বা তাতোকৈ কম বয়সৰ শিশুৰ আৰ টি পি চি আৰ পৰীক্ষা কৰোৱাৰ প্ৰয়োজন নাই । লগতে তেওঁ কয় যে, বিমানবন্দৰত থকা স্বাস্থ্য কৰ্মীয়ে এই বিষয়ে নজনাৰ বাবে কণমানিটোৰ COVID-১৯ পৰীক্ষা সম্পন্ন কৰালে । নৱজাতকৰ COVID-১৯ পৰীক্ষা স্বাস্থ্য কৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক:বিজয় মালাকাৰৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.