ETV Bharat / bharat

ধৰ্ষণৰ অভিযুক্তক ৰেহাই উচ্চ ন্যায়ালয়ৰ - High Court acquittes rape accused

এজন ধৰ্ষণৰ অভিযুক্তৰ বিৰুদ্ধে থকা অপৰাধমূলক প্ৰক্ৰিয়া বাতিল কৰিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে (Karnataka court judgement on rape case)। ভুক্তভোগী কিশোৰীগৰাকী ১৮ বছৰত ভৰি দিয়াৰ লগে লগে অভিযুক্ত যুৱকজনে তেওঁক বিয়া পাতিছিল । পৰৱৰ্তী সময়ত কন্যা সন্তানৰ পিতৃ-মাতৃও হয় তেওঁলোক । যাৰ বাবে সমগ্ৰ পৰিস্থিতি বিবেচনা কৰি উচ্চ ন্যায়ালয়ে ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

Karnataka court
ধৰ্ষণৰ অভিযুক্তক ৰেহাই উচ্চ ন্যায়ালয়ৰ
author img

By

Published : Aug 24, 2022, 5:06 PM IST

নেশ্যনেল ডেস্ক,২৪ আগষ্ট : কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়দান । এজন ধৰ্ষণৰ অভিযুক্তৰ বিৰুদ্ধে থকা অপৰাধমূলক প্ৰক্ৰিয়া বাতিল কৰিলে আদালতে (High Court acquittes rape accused)। যৌন অপৰাধ আৰু পক্সো আইনৰ (POCSO) অধীনত ধৰ্ষণৰ গুৰুত্বৰ অভিযোগ আছিল ২৩ বছৰীয়া যুৱকজনৰ বিৰুদ্ধে । কিন্তু কিয় যুৱকজনক ৰেহাই দিয়া হ'ল ?

আচলতে ১৭ বছৰীয়া ভুক্তভোগী কিশোৰীগৰাকী ১৮ বছৰত ভৰি দিয়াৰ লগে লগে অভিযুক্ত যুৱকজনে তেওঁক বিয়া পাতিছিল । আনকি গোচৰটো সত্ৰ আদালতত বিচাৰাধীন হৈ থকাৰ সময়তে দম্পতীটোৰ এটা সন্তানো জন্ম পাইছিল । আদালতে কয় যে সম্ভৱত এনে পৰিস্থিতিত আবেদনকাৰীয়ে অভিযুক্তৰ বিৰুদ্ধে প্ৰমাণ দিব নোৱাৰিলেহেঁতেন ।

উচ্চ ন্যায়ালয়ে লগতে কয় যে উভয় পক্ষৰ মাজত মীমাংসা হোৱা আৰু বিবাদ নিষ্পত্তি হোৱা উচিত (Karnataka court judgement on rape case)। ন্যায়াধীশ এম নাগাপ্ৰাসন্নে ৰায় প্ৰদান কৰি কয় যে যদি ন্যায়ালয়ে বিবাহিত আৰু সন্তানটোক ডাঙৰ-দীঘল কৰা দম্পতীৰ মাজত বাধা হিচাপে থিয় দিয়ে তেনেহ'লে গোটেই প্ৰক্ৰিয়াত ন্যায়াধীশৰ ভুল সিদ্ধান্ত হ'ব বুলি তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃয়ে ২০১৯ চনৰ মাৰ্চত অভিযোগ দাখিল কৰিছিল যে তেওঁৰ নাবালিকা জীয়ৰী সন্ধানহীন হৈ আছে । ছোৱালীজনীক অভিযুক্তৰ সৈতে উদ্ধাৰ কৰা হৈছিল । দুয়োগৰাকীয়ে দাবী কৰিছিল যে তেওঁলোকে সন্মতিক্ৰমে এই কাম কৰিছিল ।

অৱশ্যে ছোৱালীজনীৰ বয়স মাত্ৰ ১৭ বছৰ আছিল যাৰ বাবে অভিযুক্তজনৰ বিৰুদ্ধে পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল । ১৮ মাহ কাৰাগাৰত থকাৰ পাছত তেওঁক জামিন দিয়া হৈছিল । মুক্তিৰ পাছত, দম্পতীটোৱে ২০২০ চনৰ নৱেম্বৰত বিবাহপাশত আৱদ্ধ হয় । এবছৰ পিছত তেওঁলোকৰ এজনী কন্যা সন্তান জন্ম হয় ।

লগতে পঢ়ক :আজানত লাউডস্পীকাৰ ব্যৱহাৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.