ETV Bharat / bharat

Oppositions leader phone hack : এপলক তদন্তত সহযোগ কৰিবলৈ আহ্বান চৰকাৰৰ

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 4:59 PM IST

দেশৰ সকলো নাগৰিকৰ গোপনীয়তা আৰু নিৰাপত্তা সুৰক্ষিত কৰাৰ বাবে চৰকাৰ দায়বদ্ধ । আইফোন হেক বিতৰ্কৰ প্ৰকৃত আৰু সঠিক তথ্য উদঘাটনৰ বাবে তদন্তত এপলৰ সহযোগিতা কামনা কৰিছে দেশৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ।

Oppositions leader phone hack
এপলক তদন্তত সহযোগ কৰিবলৈ আহ্বান চৰকাৰৰ

নেশ্যনেল ডেস্ক,৩১ অক্টোবৰ : একাংশ বিৰোধী নেতাই দাবী কৰিছে যে তেওঁলোকৰ আইফোন ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত হেক কৰাৰ চেষ্টা চলোৱা হৈছে । এই সন্দৰ্ভত তেওঁলোকে এপলৰ তৰফৰ পৰা সতৰ্কবাণী মেছেজ আৰু ই-মেইল লাভ কৰিছে । বিৰোধীৰ এই অভিযোগৰ পাছতে কেন্দ্ৰীয় চৰকাৰে এপলক প্ৰকৃত আৰু সঠিক তথ্যৰ সৈতে তদন্তত সহযোগ কৰিবলৈ আহ্বান জনাইছে ।

কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এক্সৰ এক পোষ্টত ৰাজনীতিবিদসকলৰ দাবীক ব্যাপক অনুমান বুলি অভিহিত কৰিছে । তেওঁ দাবী কৰে যে ভাৰত চৰকাৰে গোপনীয়তা সুৰক্ষিত কৰাৰ ভূমিকা অতি গুৰুত্ব সহকাৰে লৈছে ।

  • In light of such information and widespread speculation, we have also asked Apple to join the investigation with real, accurate information on the alleged state sponsored attacks. (5/5)

    — Ashwini Vaishnaw (@AshwiniVaishnaw) October 31, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ কৈছে ভাৰত চৰকাৰে সকলো নাগৰিকৰ গোপনীয়তা আৰু নিৰাপত্তা সুৰক্ষিত কৰাৰ দায়িত্ব অতি গুৰুত্ব সহকাৰে লৈ আহিছে । সেয়ে এই অধিসূচনাসমূহৰ ওপৰত তদন্ত কৰিব । তেওঁ আন এটা পোষ্টত কৈছে এনে তথ্য আৰু ব্যাপক অনুমানৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এপলক কথিত ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত হোৱা আক্ৰমণৰ প্ৰকৃত আৰু সঠিক তথ্যৰ ওপৰত তদন্তত সহযোগ কৰিবলৈও আহ্বান জনাইছে ।

এপলে দাবী কৰিছে যে এপল আইডিবোৰ ডিভাইচবোৰত সুৰক্ষিতভাৱে এনক্ৰিপ্ট কৰা হয় । যাৰ ফলত ব্যৱহাৰকাৰীৰ স্পষ্ট অনুমতি অবিহনে সেইবোৰত প্ৰৱেশ কৰা বা চিনাক্ত কৰাটো অত্যন্ত কঠিন হৈ পৰে । এই এনক্ৰিপশ্বনে ব্যৱহাৰকাৰীৰ এপল আইডি সুৰক্ষিত কৰে আৰু নিশ্চিত কৰে যে ই ব্যক্তিগত আৰু সুৰক্ষিত হৈ থাকে ।

উল্লেখ্য যে মঙলবাৰে পুৱাই তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰকে ধৰি কেইবাগৰাকী বিৰোধী নেতাই আইফোনত হেক সম্পৰ্কীয় সতৰ্কবাণী লাভ কৰা কথা উল্লেখ কৰিছে । তেওঁলোকে দাবী কৰা মতে সতৰ্কবাণীত কোৱা হৈছে যে ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত আক্ৰমণকাৰীয়ে তেওঁলোকৰ ফোন হেক কৰাৰ চেষ্টা চলাইছে । এই সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক সমালোচনাও কৰা দেখা গৈছে ।

লগতে পঢ়ক :Oppositions leader phone hack : 'আদানিৰ প্ৰসংগ আনিলেই চৰকাৰে চোৰাংচোৱাগিৰি আৰম্ভ কৰে'-ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.