ETV Bharat / bharat

Nuh Violence updates: নুহ হিংসাত উচতনি যোগোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কংগ্ৰেছ বিধায়ক মামন খানক - Punjab and Haryana High Court

হাৰিয়ানা আৰক্ষীয়ে নুহ হিংসাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে কংগ্ৰেছৰ বিধায়ক মামন খানক । ১৪ ছেপ্টেম্বৰ বৃহস্পতিবাৰে পঞ্জাৱ হাৰিয়ানা উচ্চ ন্যায়ালয়ে মামন খানৰ আবেদন নাকচ কৰি আইনী বিকল্পৰ সন্ধানৰ লগতে নিম্ন আদালতলৈ যাব লাগে বুলি কৈছিল । বৰ্তমান নুহ জিলাৰ মূল ৰাজহুৱা স্থানসমূহত নিৰাপত্তা বৃদ্ধি কৰা হৈছে ।

Nuh Violence updates
Police Arrested Congress MLa Maman Khan
author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 7:40 AM IST

নিউজ ডেস্ক, 15 ছেপ্টেম্বৰ: হাৰিয়ানাৰ নুহ হিংসাৰ গোচৰত ফিৰোজপুৰ ঝিৰকাৰ কংগ্ৰেছ বিধায়ক মামন খান ইঞ্জিনীয়াৰক গ্ৰেপ্তাৰ কৰিছে নুহ আৰক্ষীয়ে । সূত্ৰ অনুসৰি আৰক্ষীয়ে গভীৰ নিশা কংগ্ৰেছৰ বিধায়ক মামন খানক গ্ৰেপ্তাৰ কৰে । মামন খানক গ্ৰেপ্তাৰ কৰাৰ পিছতে নুহ আৰক্ষীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । নগিনা থানাকে ধৰি জিলাখনৰ মূল ৰাজহুৱা স্থানসমূহত নিশাৰ ভাগতেই নিৰাপত্তা বৃদ্ধি কৰা হৈছে । অৱশ্যে বৰ্তমান আৰক্ষীয়ে তথ্য নিশ্চিত কৰাৰ পৰা বিৰত আছে । হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল বিজকে ধৰি বহু বিজেপি নেতাই মমন খানক হিংসাৰ উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ।

মামন খানে আদালতত দাখিল কৰিছিল আবেদন:

৩১ জুলাইত হাৰিয়ানাৰ নুহত ব্ৰজমণ্ডল যাত্ৰাৰ সময়ত দুটা সম্প্ৰদায়ৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হৈছিল । হাৰিয়ানা এছ আই টিয়ে নুহ হিংসাৰ তদন্ত কৰি আছে । নুহ হিংসা সন্দৰ্ভত কংগ্ৰেছ বিধায়ক মামন খানক জেৰা কৰিব বিচাৰিছে এছ আই টিয়ে । ইয়াৰ বাবে মামন খানক দুবাৰকৈ জাননী দিয়া হৈছে । অসুস্থতাৰ কাৰণে দুয়োবাৰেই এছ আই টিৰ সন্মুখত হাজিৰ নহ’ল কংগ্ৰেছ বিধায়কগৰাকী ।

ইয়াৰ পিছতে মামন খানে উচ্চ ন্যায়ালয়ত এছ আই টি বদলি কৰাৰ দাবীত এখন আৱেদন দাখিল কৰিছিল । ইয়াৰ উপৰিও তদন্ত চলি থকা সময়ত তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰিবলৈ হাৰিয়ানা আৰক্ষীক নিৰ্দেশ দিবলৈ আদালতক অনুৰোধ জনায় । ১৪ ছেপ্টেম্বৰত আদালতে তেওঁৰ আবেদন নাকচ কৰি আইনী বিকল্পৰ সন্ধানৰ লগতে নিম্ন আদালতলৈ যাবলৈ কয় ।

বিট্টু বজৰংগীকো নুহ হিংসা গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল: আপোনালোকক কওঁ যে, নুহ হিংসা গোচৰত বিট্টু বজৰংগীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । অৱশ্যে পিছত বিট্টু বজৰংগী এতিয়াও জামিনত আছে । অৱশ্যে এছ আইয়ে এতিয়াও তদন্ত অব্যাহত ৰাখিছে ।

নুহত ব্ৰজ মণ্ডল শোভাযাত্ৰাৰ সময়ত হিংসা: উল্লেখ্য যে, ২০২৩ চনৰ ৩১ জুলাই তাৰিখে নুহত ব্ৰজ মণ্ডল শোভাযাত্ৰাৰ সময়ত দুটা সম্প্ৰদায়ৰ মাজত হিংসা সংঘটিত হৈছিল । এই হিংসাত্মক ঘটনাত ২ জন হোমগাৰ্ড জোৱান সহ ৬ জন লোকে প্ৰাণ হেৰুৱাই ৬০ জনৰো অধিক লোক আহতও হয় । নুহ হিংসাত্মক ঘটনাত ৫০ খনতকৈও অধিক বাহনত অগ্নিকাণ্ড সংঘটিত হয় ।

লগতে পঢ়ক: Radha Charan Sah:জেডিইউৰ এম এল চি ৰাধাচৰণ সাহক পাটনাত 14 দিনৰ কাৰাগাৰৰ জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.