ETV Bharat / bharat

ক'ভিড সমীক্ষাঃ শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ বৈঠক

author img

By

Published : Apr 16, 2021, 6:48 PM IST

দেশৰ ভিতৰতে আটাইতকৈ বেছি ক'ভিড-১৯ সংক্ৰমণ হোৱা ৰাজ্যসমূহৰ স্বাস্থ্য মন্ত্ৰীৰ সৈতে শনিবাৰে বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে । মহামাৰীৰ সময়ত ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সুবিধাসমূহ বৃদ্ধি কৰা সন্দৰ্ভত সোমবাৰে দেশৰ ভিন্ন প্ৰান্তত থকা AIIMS হাস্পতালৰ কৰ্তৃপক্ষৰ সৈতেও আলোচনা কৰিব কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ।

বিভিন্ন ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধন

নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল: বৰ্ধিত ক'ভিড-১৯ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে । শুক্ৰবাৰে দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে প্ৰকাশ কৰে যে, তেওঁ শনিবাৰে বিভিন্ন ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ব ।

দেশৰ ভিতৰতে সংক্ৰমণৰ হাৰ আটাইতকৈ বেছি হোৱা ৰাজ্যবোৰৰ স্বাস্থ্য মন্ত্ৰীৰে আলোচনা কৰিব । আনহাতে, সোমবাৰে দেশৰ ভিন্ন প্ৰান্তত থকা সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান হাস্পতালৰ কৰ্তৃপক্ষৰ সৈতেও ভাৰ্চুৱেল মাধ্যমেৰে আলোচনা কৰিব কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে । তেওঁ লগতে কয় যে, শেহতীয়া তথ্য অনুসৰি, যোৱা সাতটা দিনত দেশৰ ৫৪ খন জিলাত এজনো লোক মহামাৰীত আক্ৰান্ত হোৱা নাই ।

বিগত ২৮ দিনত ৪৪ খন জিলাত ক'ভিড-১৯ আক্ৰান্তৰ ঘটনা পোহৰলৈ অহা নাই । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে, স্বাস্থ্য বিভাগে AIIMS ট্ৰমা চেণ্টাৰত ৭০ খন বিচনা আৰু ঝাজ্জৰস্থিত ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানত ১০০ খন বিচনা নতুনকৈ দিয়াৰ সিদ্ধান্ত লৈছে । ক'ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি হ'লেও সকলো প্ৰত্যাহ্বানৰে যুঁজিবলৈ সক্ষম হ'ব বুলিও তেওঁ নিশ্চিতি প্ৰদান কৰে । তেওঁ ৰেমডেচিবিৰ বেজীৰ ক'লা বেহাৰে জড়িত অসাধু লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ।

লগতে তেওঁ কয় যে, কৰ'ণাত আক্ৰান্ত ৰোগীৰ চিকিৎসাত ব্যৱহৃত ৰেমডেচিবি প্ৰস্তুত কৰা কোম্পানীবোৰক উৎপাদন বৃদ্ধি কৰিবলৈ কোৱা হৈছে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শুক্ৰবাৰে সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান(AIIMS) পৰিদৰ্শন কৰে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ সময়ত চিকিৎসালয়খনৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়া আৰু চিকিৎসালয়ৰ অন্যান্য চিকিৎসকসকল উপস্থিত থাকে ।

লগতে পঢ়ক:মহিলাক ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ সময় আহি পৰিছে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.