ETV Bharat / bharat

ঝাৰখণ্ডত নক্সাল সদস্যৰ আত্মসমৰ্পণ - ভাৰতীয় কমিউনিষ্ট দল

ঝাৰখণ্ডৰ ৰাঁচীত দেওবাৰে এগৰাকী দুধৰ্ষ নক্সালবাদীয়ে আত্মসমৰ্পণ কৰে ৷ আত্মসমৰ্পণ কৰা নক্সাল সদস্য গৰাকীৰ নাম হ'ল জীৱন কান্দুলনা ওৰফে পাত্ৰাছ ৷ ৰাঁচীৰ ৰাণিয়া অঞ্চলত নিৰাপত্তা বাহিনীক আক্ৰমণ কৰা বহু ঘটনাৰ লগত জৰিত থকা সদস্য গৰাকীৰ সন্ধান দিওতালৈ 10 লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছিল ঝাৰখণ্ড চৰকাৰে ৷

ঝাৰখণ্ডত নক্সাল সদস্যৰ আত্মসমৰ্পণ
ঝাৰখণ্ডত নক্সাল সদস্যৰ আত্মসমৰ্পণ
author img

By

Published : Feb 21, 2021, 10:39 PM IST

নেশ্যনেল ডেস্ক,21 ফেব্ৰুৱাৰী: দেওবাৰে ঝাৰখণ্ডৰ ৰাঁচীত এগৰাকী দুধৰ্ষ নক্সালবাদীয়ে আত্মসমৰ্পণ কৰে ৷ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা নক্সাল সদস্য গৰাকীৰ নাম হ'ল জীৱন কান্দুলনা ওৰফে পাত্ৰাছ ৷ ৰাঁচীৰ ৰাণিয়া অঞ্চলত নিৰাপত্তা বাহিনীক আক্ৰমণ কৰা বহু ঘটনাৰ লগত জৰিত আছিল সদস্য গৰাকী ৷ পূৰ্বতে ভাৰতীয় কমিউনিষ্ট দলৰ এগৰাকী সক্ৰিয় সদস্য হিচাপে কাম কৰা জীৱন কান্দুলনা পাচলৈ দলটোৰ উন্নয়ন বিৰোধী মনোভাৱে অসন্তুষ্ট কৰাত সদস্য গৰাকীয়ে উগ্ৰপন্থী সংগঠনত যোগদান কৰিছিল ৷

উল্লেখ্য যে, ঝাৰখণ্ড চৰকাৰে নক্সালবাদী সদস্য গৰাকীৰ সন্ধান দিওতালৈ 10 লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছিল যদিও দেওবাৰে স্ব ইচ্ছাই সদস্য গৰাকীয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৷ সদস্য গৰাকীয়ে ঝাৰখণ্ড চৰকাৰৰ আত্মসমৰ্পণ আৰু পুনৰ্সংস্থাপন আঁচনি অনুসৰি আৰ্থিক সহায় লাভ কৰিব বুলি সূত্ৰই প্ৰকাশ কৰে ৷

ইফালে,সদস্য গৰাকীৰ আত্ম সমৰ্পণৰ তথ্য গোপনে ৰখা হৈছিল যদিও সম্প্ৰতি অধিক তথ্যৰ বাবে আৰক্ষীৰ জিম্মাত ৰাখিছে দুধৰ্ষ নক্সালবাদী সদস্য গৰাকীক ৷

লগতে পঢ়ক: কয়লা হৰলুকিৰ ঘটনাত অভিষেক বেনাৰ্জীৰ পত্নীলৈ চিবিআইৰ জাননী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.