ETV Bharat / bharat

কেৰালাৰ দুখন জিলাত নিশ্চিত হৈছে বাৰ্ড ফ্লুৰ অৱস্থিতি

author img

By

Published : Jan 4, 2021, 7:56 PM IST

কেৰালাত আৰম্ভ হৈছে বাৰ্ড ফ্লুৰ আতংক ৷ ৰাজ্যখনৰ আলাপূড়া আৰু কোট্টায়মত জিলাত বাৰ্ড ফ্লুৰ অৱস্থিতি ধৰা পৰিছে ৷ পৰিস্থিতিৰ পৰ্যবেক্ষণ আৰু ব্যৱস্থাপনাৰ বাবে নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰা হৈছে ৷

H5N8 Bird flu gets confirmed in two places in Kerala
কেৰালাৰ দুখন জিলাত নিশ্চিত হৈছে বাৰ্ড ফ্লুৰ অৱস্থিতি

নিউজ ডেস্ক, 4 জানুৱাৰী : কৰ‘ণা মহামাৰীৰ আতংকৰ মাজতে এইবাৰ আৰম্ভ হৈছে বাৰ্ড ফ্লুৰ আতংক ৷ কেৰালাত বাৰ্ড ফ্লুৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ পাছতে ৰাজ্য চৰকাৰ তৎপৰ হৈ পৰিছে ৷ পৰিস্থিতিৰ পৰ্যবেক্ষণ আৰু ব্যৱস্থাপনাৰ বাবে নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰা হৈছে ৷ বাৰ্ড ফ্লুৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে চৰাইক মাৰি পেলোৱাৰ নিৰ্দেশনা জাৰি কৰিছে ৷ এই ক্ষেত্ৰত পোহনীয়া আৰু সজোৱা চৰাই সমূহক আঁতৰাই দিয়া হ‘ব যাতে এই ভাইৰাছ অধিক সংক্ৰমিত নহয় ৷ তদুপৰি এই ভাইৰাছৰ মানুহৰ শৰীৰলৈ সংক্ৰমণৰ আশংকা নৎসাত কৰা হৈছে ৷ লগতে কোৱা হৈছে যে,যিটো অঞ্চলতে এই ভাইৰাছৰ সংক্ৰমণৰ সম্ভেদ পোৱা যাব,উক্ত অঞ্চলৰ এক কিলোমিটাৰ ব্যসাৰ্ধৰ সকলো চৰাইক মাৰি পেলাবলৈ নিৰ্দেশ দিয়া হৈছে ৷

উল্লেখ্য যে,এই পৰ্যন্ত কেৰালাৰ দুটা স্থানত বাৰ্ড ফ্লুৰ ঘটনা পোহৰলৈ আহিছে ৷ ৰাজ্যখনৰ আলাপূড়া আৰু কোট্টায়মত জিলাত বাৰ্ড ফ্লুৰ অৱস্থিতি ধৰা পৰিছে ৷ এই তথ্য প্ৰদান কৰিছে ৰাজ্যখনৰ বন,পশুপালন আৰু ডেয়ৰী বিকাশ মন্ত্ৰী কে. ৰাজুৱে সোমবাৰে সদৰি কৰে ৷

লগতে পঢ়ক: 72 সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত উজ্বলিব অসমৰ চাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.