নিউজ ডেস্ক, ২৪ জুন : শনিবাৰে অন্ত পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণ । আমেৰিকা ভ্ৰমণ সামৰি তেওঁ দুদিনীয়া ইজিপ্ত ভ্ৰমণলৈ ৰাওনা হৈছে । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ৰোনাল্ড ৰেগান কেন্দ্ৰত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে । উক্ত অনুষ্ঠানত ভাৰতীয় পেছাদাৰীসকলক এক গুৰুত্বপূৰ্ণ সকাহ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে যে ভাৰতীয় পেছাদাৰীসকলে বিদেশ ভ্ৰমণ নকৰাকৈ আমেৰিকা যুক্তৰাষ্ট্ৰতে তেওঁলোকৰ H1B ভিছা নৱীকৰণ কৰিব পাৰিব ।
আনহাতে, তেওঁ কয় যে ভাৰতত গুগলৰ কৃত্ৰিম বুদ্ধিমত্তা গৱেষণা কেন্দ্ৰই শতাধিক ভাৰতীয় ভাষাৰ ওপৰত কাম কৰিব । এই প্ৰচেষ্টাই মাতৃভাষা ইংৰাজী নোহোৱা শিশুসকলক ভাৰতত অধ্যয়ন কৰাটো সহজ কৰি তুলিব বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোনাল্ড ৰেগান কেন্দ্ৰত কয় যে বৰ্তমান সমগ্ৰ বিশ্বৰ দৃষ্টি ভাৰতৰ ওপৰত নিবদ্ধ হৈ আছে । সকলোৰে প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে এই বছৰ ছিয়েটলত এটা নতুন কনছুলেট খুলিবলৈ গৈ আছে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইয়াৰ উপৰি আমেৰিকাৰ আৰু দুখন চহৰত ভাৰতীয় কনছুলেট খোলা হ'ব । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে বৰ্তমান আহমেদাবাদ আৰু বেংগালুৰুত আমেৰিকাৰ দুটা নতুন কনছুলেট খুলিবলৈ গৈ আছে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "মোৰ ভ্ৰমণকালত গুগল, মাইক্ৰ'ন, এপ্লাইড মেটেৰিয়েলছ আৰু অন্যান্য কোম্পানীয়ে ভাৰতত যথেষ্ট বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে । এই ঘোষণাবোৰে ভাৰতত কৰ্মসংস্থাপন সৃষ্টিত সহায় কৰিব । ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত হোৱা আৰ্টেমিছ চুক্তিয়ে মহাকাশ গৱেষণাত বহুতো সুযোগ প্ৰদান কৰিব । নাছাৰ সৈতে একেলগে ভাৰতে মহাকাশচাৰীসকলক মহাকাশলৈ প্ৰেৰণ কৰিব ।"
ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত তিনিদিনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু তেওঁৰ মাজত যথেষ্ট আলোচনা হয় । তেওঁ কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অংশীদাৰিত্বক আন এটা স্তৰলৈ লৈ যোৱাৰ চেষ্টা সদায় কৰি আহিছে । মোদীয়ে কয়, "আমেৰিকাত 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ ইমান ধুনীয়া ছবি দেখুওৱাৰ বাবে মই আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ । মই আমেৰিকাত পোৱা মৰম আশ্চৰ্যজনক, সকলো কৃতিত্ব দেশখনৰ জনসাধাৰণৰ ।"
আনহাতে, প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত ৩ দিনত ৰাষ্ট্ৰপতি জো বাডেন আৰু তেওঁৰ মাজত যথেষ্ট আলোচনা হৈছে । বাইডেনক এজন অভিজ্ঞ ৰাজনীতিবিদ বুলিও উল্লেখ কৰে মোদীয়ে । তেওঁ সদায় ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অংশীদাৰিত্বক অন্য এটা পৰ্যায়লৈ লৈ যোৱাৰ চেষ্টা কৰি আহিছে বুলিও মোদীয়ে কয় ।
উল্লেখ্য, প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা ভ্ৰমণকালত মাইক্ৰ'ন, গুগল আৰু এপ্লাইড মেটেৰিয়েলছৰ দৰে ডাঙৰ কোম্পানীয়েও ভাৰতত বিনিয়োগৰ কথা ঘোষণা কৰিছে । ছেমি কণ্ডাক্টৰ খণ্ডত মাইক্ৰ'নৰ ২.৫ বিলিয়ন ডলাৰ বিনিয়োগে ভাৰতক বিশ্ব ছেমি কণ্ডাক্টৰ শৃংখলাৰ সৈতে সংযোগ কৰিবলৈ গৈ আছে ।
ৰোনাল্ড ৰেগান কেন্দ্ৰত এক সামূহিক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "আপোনালোকে এই হলত একপ্ৰকাৰ ভাৰতৰ সম্পূৰ্ণ মানচিত্ৰ তৈয়াৰ কৰিছে । ভাৰতৰ প্ৰতিটো কোণৰ লোকক ইয়াত দেখা যায় । আপোনালোক দূৰদূৰণিৰ পৰা ইয়ালৈ আহিছে । এনেকুৱা লাগিছে যেন ইয়াত এখন ক্ষুদ্ৰ ভাৰত নিৰ্মাণ হৈছে । আমেৰিকাত এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ ইমান ধুনীয়া ছবি দেখুওৱাৰ বাবে মই আপোনালোক সকলোকে হৃদয়েৰে অভিনন্দন জনাইছোঁ ।"
লগতে পঢ়ক :PM Modi leaves for Egypt : আমেৰিকাৰ পৰা ইজিপ্তলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোডী