ETV Bharat / bharat

Famous Chaiwala Story: 28 বাৰৰ বাবে ভাগ্য পৰীক্ষা কৰিবলৈ সাজু এজন চাহ বিক্ৰেতা

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 6:34 PM IST

অসমীয়াত এষাৰ কথা আছে- ঘঁহিলে শিলো ক্ষয় যায় ৷ এই কথাষাৰকে সাৰোগত কৰি এইবাৰ পুনৰ 28 নম্বৰ বাৰৰ বাবে নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ সাজু হৈছে চাহ বিক্ৰেতা আনন্দ সিং কুশাৱাহা ৷ এই চাহ বিক্ৰেতাগৰাকীয়ে মধ্যপ্ৰদেশত কাউঞ্চিলাৰৰ পৰা ৰাষ্ট্ৰপতিলৈ 27 বাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে ৷

28 বাৰৰ বাবে ভাগ্য পৰীক্ষা কৰিবলৈ সাজু হৈছে এজন চাহ বিক্ৰেতা

নেশ্যনেল ডেস্ক, 26 অক্টোবৰ : সমাগত মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচন ৷ মধ্য প্ৰদেশৰ নিৰ্বাচন বুলি ক’লেই এজন চাহ বিক্ৰেতা নাম নলৈ নোৱাৰি ৷ এই চাহ বিক্ৰেতাজনৰ আছে আন এক পৰিচয় ৷ কেৱল চাহ বিক্ৰেতা বুলি নহয় তেওঁ জনাজাত এজন প্ৰসিদ্ধ নেতা হিচাপে ৷ এই বিশেষ নেতাগৰাকীৰ নাম হৈছে আনন্দ কুশাৱাহা ৷

এই চাহ বিক্ৰেতাগৰাকীয়ে ৰাজ্যখনত কাউঞ্চিলাৰৰ পৰা ৰাষ্ট্ৰপতি পদলৈ 27 বাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে ৷ ৰাজ্যখনৰ প্ৰত্যেকটো নিৰ্বাচনতেই প্ৰতিদ্বন্দিতা আগবঢ়াই এইগৰাকী আনন্দই ৷ সেই পৰম্পৰা ধৰি ৰাখিয়েই মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচন 2023 ত বিএছপিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব আনন্দই ৷ এইবাৰ আনন্দ কুশৱাহে ২৮ তম বাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি জানিব পৰা গৈছে ৷ চাহ বিক্ৰেতাগৰাকীয়ে বুধবাৰে গোৱালিয়ৰ পূব বিধানসভা সমষ্টিৰ পৰা বহুজন সমাজ পাৰ্টিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে ।

নীলা টুপী, নীলা কাপোৰ আৰু নীলা জোতা পিন্ধি পৰিধান কৰি তেওঁৰ চাইকেলেৰে কালেক্টৰেটত উপস্থিত হয় আনন্দ ৷ তাৰ পিচতে তাতেই তেওঁ মনোনয়ন পত্ৰ দাখিল কৰে ৷ আনন্দৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ইমানেই আগ্ৰহ যে, তেওঁ কাউন্সিলাৰৰ পৰা ৰাষ্ট্ৰপতিলৈ এতিয়ালৈ 27 বাৰ প্ৰতিদ্বন্দিতা কৰিছে। কিন্তু তেওঁ প্ৰতিবাৰেই পৰাজয়ৰ সন্মুখীন হৈছে ৷ তথাপিও হাৰ মনা নাই আনন্দই ৷ যেতিয়াই মধ্য প্ৰদেশত নিৰ্বাচন হয়, তেওঁ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাটো প্ৰায় নিশ্চিত ৷

সাংবাদিকৰ প্ৰশ্নত চাহ বিক্ৰেতাজনে কয়, "যেতিয়া এজন চাহ বিক্ৰেতা এই দেশত প্ৰধানমন্ত্ৰী হ'ব পাৰে, মই কিয় সাংসদ, বিধায়ক হ'ব নোৱাৰো ? সেইকাৰণে মই প্ৰতিবাৰেই নিৰ্বাচনী ক্ষেত্ৰলৈ আহোঁ আৰু মই আশা কৰোঁ যে এদিন ৰাইজে মোক তেওঁলোকৰ নেতা হিচাপে নিৰ্বাচিত কৰিব আৰু মোক বিধানসভালৈ আগুৱাই নিব ৷" পোন প্ৰথমবাৰৰ বাবে 1994 চনত আনন্দ সিং কুশৱাহাই ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল ৷

তেওঁ কয় যে এইবাৰো তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ৷ তেওঁৰ নিবনুৱা, মুদ্ৰাস্ফীতি, নিযুক্তিৰ দৰে বিষয়সমূহ উত্থাপন কৰি ৰাইজৰ ওচৰলৈ যাব ৷ আনন্দ সিং কুশৱাহে লগতে কয় যে, তেওঁ প্ৰচাৰৰ বাবে ভিআইপি বাহন বা বিলাসী বাহন ব্যৱহাৰ নকৰে। তেওঁ সমগ্ৰ নিৰ্বাচনী প্ৰচাৰ নিজ চাইকেলেৰে কৰে ৷ তেওঁ চাইকেলেৰে মানুহৰ মাজলৈ যায় ।

লগতে পঢ়ক: Amrit Kalash Yatra : অমৃত কলহ যাত্রাৰ ৰাজ্যিক আনুষ্ঠানিক সভাত ৰাজ্যপাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.