ETV Bharat / bharat

Gurugram violence: দল সংগঠনক হিংসাত্মক কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান আমেৰিকাৰ - US urges calm

নুহ আৰু গুৰুগ্ৰামৰ চলিত হিংসাক লৈ উদ্বিগ্ন আমেৰিকা । সকলোকে শান্তি শৃংখলা বজাই ৰখাৰ লগতে দল-সংগঠনবোৰক হিংসাৰ পৰা বিৰত থাকিবলৈও আহ্বান জনাইছে ।

Gurugram violence
হিংসাত্মক কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান আমেৰিকাৰ
author img

By

Published : Aug 3, 2023, 11:04 AM IST

নেশ্যনেল ডেস্ক, ৩ আগষ্ট : প্ৰসংগ গুৰুগ্ৰামৰ হিংসা । শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে আমেৰিকাই । নতুন দিল্লীৰ সমীপৰ গুৰুগ্ৰামত হোৱা সাম্প্ৰদায়িক হিংসাৰ ফলত কোনো আমেৰিকান প্ৰভাৱিত হৈছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত আমেৰিকা প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰই শান্তি প্ৰতিষ্ঠাৰ বাবে আহ্বান জনাইছে আৰু উভয় পক্ষক হিংসাত্মক কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছে । ৰাজ্যিক বিভাগৰ মুখপাত্ৰ মেথিউ মিলাৰে সকলো পক্ষক শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে ।

ইয়াৰ পূৰ্বে বুধবাৰে হাৰিয়ানা চৰকাৰে গুৰুগ্ৰামত অব্যাহত অগ্নিসংযোগ আৰু হিংসাত্মক কাৰ্যকলাপৰ মাজত কেন্দ্ৰীয় বাহিনীৰ আৰু ৪ টা কোম্পানী বিচাৰিছিল । বজৰং দলৰ এজন কৰ্মীৰ চিকিৎসালয়ত মৃত্যু হোৱাৰ পাচত কাষৰীয়া নুহৰ পৰা আৰম্ভ হোৱা সাম্প্ৰদায়িক হিংসাত মৃত্যুৰ সংখ্যা ৬ লৈ বৃদ্ধি পাইছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

মৃত লোকজনৰ নামৰ প্ৰদীপ শৰ্মা বুলি জানিব পৰা গৈছে । তেওঁ দিল্লীৰ এখন চিকিৎসালয়ত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছিল য'ত তেওঁৰ মৃত্যু হয় । তেওঁ সোমবাৰে নুহৰ খেদলা মোডৰ সমীপত বিশ্ব হিন্দু পৰিষদৰ সমদলত আক্ৰমণ হোৱাৰ ফলত আহত হোৱাসকলৰ ভিতৰত আছিল ।

উল্লেখ্য যে, বুধবাৰে গুৰুগ্ৰামত দুটা অস্থায়ী ঘৰ জ্বলাই দিয়া হৈছিল আৰু এখন চাহৰ দোকানো লণ্ডভণ্ড কৰিছিল । আন এটা বস্তিত একাংশ লোকে কেইবাটাও জুপুৰি লণ্ডভণ্ড কৰিছিল । মঙলবাৰে নিশা গুৰুগ্ৰাম জিলাত ৫ টা গুদাম জ্বলাই দিয়া হয় আৰু দুখন মাংসৰ বিপনীও লণ্ডভণ্ড কৰে । আৰক্ষীয়ে দাবী কৰিছে যে উত্তেজিত লোকসকলক আৰক্ষীয়ে ছত্ৰভঙ্গ দিবলৈ সক্ষম হৈছে ।

  • Pl ease do not listen to rumours. Please do not give credence to reports on social media.

    We request you to immediately call 112 in case u need any help at all and we assure you - Gurugram Police shall be there for you.

    — Gurugram Police (@gurgaonpolice) August 1, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে নুহৰ আক্ৰমণক লৈ বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰো প্ৰতিবাদ অব্যাহত আছে । দিল্লীৰ লগতে হাৰিয়ানা সীমান্তত প্ৰতিবাদৰ ফলত যান-জঁটৰ সৃষ্টি হয় আৰু দিল্লী আৰু ফৰিদাবাদৰ মাজত যান-বাহন চলাচল ব্যাহত হয় ।

উচ্চতম ন্যায়ালয়ে বুধবাৰে স্পৰ্শকাতৰ এলেকাসমূহত নিৰাপত্তাকৰ্মীসকলক অধিক সক্ৰিয় হোৱাৰ লগতে প্ৰৰোচনামূলক ভাষণৰ ওপৰত কঠোৰ অভিযানৰ নিৰ্দেশ দিছে । অৱশ্যে, ন্যায়াধীশ সঞ্জীৱ খান্না আৰু এছ ভি ভাট্টিক লৈ গঠিত বিচাৰপীঠে দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত দুটা হিন্দু গোটৰ দ্বাৰা প্ৰস্তাৱিত সমদল বন্ধ কৰিবলৈ অস্বীকাৰ কৰে ।

লগতে পঢ়ক : Haryana violence : হাৰিয়ানা সংঘৰ্ষত মৃত্যুৰ সংখ্যা ৬ জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.