ETV Bharat / bharat

Communal clash in Haryana: মণিপুৰৰ পিচত জ্বলিছে হাৰিয়ানা, দোকান-ৰেষ্টুৰেণ্ট-ধৰ্মীয় গৃহত আক্ৰমণ দুৰ্বৃত্তৰ, নিহত 5

author img

By

Published : Aug 2, 2023, 9:40 AM IST

সাম্প্ৰদায়িক হিংসাত জ্বলিছে হাৰিয়ানা ৷ দুই গোটৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণৰ লগতে দোকান, ধৰ্মীয় স্থান আদিত অগ্নিসংযোগ ৷ বন্ধ ঘোষণা শিক্ষানুষ্ঠান ৷ পিছুৱাই দিয়া হৈছে দ্বাদশ শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষা ৷

Haryana violence
মণিপুৰৰ পিচত জ্বলিছে হাৰিয়ানা

নেশ্যনেল ডেস্ক, 2 আগষ্ট : হিংসাজৰ্জৰ মণিপুৰৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ জ্বলিছে দেশৰ উত্তৰ প্ৰান্তৰ এখন ৰাজ্য হাৰিয়ানা ৷ ৰাজ্যখনৰ খাণ্ডছা ৰোডৰ পাটৌদি চ’কত কেইবাখনো মাংসৰ দোকানসহ কেবাখনো দোকানত আক্ৰমণ চলায় পৰৱৰ্তী সময়ত জ্বলাই দিয়া বুলি জানিব পৰা গৈছে ৷ গুৰুগ্ৰামত এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছতে সমগ্ৰ ৰাজ্যখনতে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । মঙলবাৰে ছেক্টৰ-70 ত একাধিক শ্বেণ্টীত জুই লগাই দিয়া হয় বুলি সূত্ৰই জনায় । অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে ঘটনাত কোনো লোকৰ মৃত্যু হোৱা নাই বুলি দাবী কৰে ।

এই ঘটনাৰ পূৰ্বে মঙলবাৰে বাদশ্বাহপুৰ অঞ্চলত এদল লোকে কমেও চাৰিখন খাদ্যৰ দোকান আৰু সামগ্ৰী মেৰামতি কৰা দোকানত অগ্নিসংযোগ কৰে । পেট্ৰ’লৰ বটল লৈ বিভিন্ন বাহনত অহা 200 ৰো অধিক লোকে জুই লগাই দিয়ে । এই সাম্প্ৰদায়িক হিংসা পালৱাললৈ বিয়পি পৰে আৰু 25-30 টাতকৈও অধিক জুপুৰী ঘৰ জ্বলাই দিয়া হয় । গুৰুগ্ৰামৰ ছেক্টৰ 57 এলেকাত চুবুৰীয়া নুহ জিলাৰ আৰম্ভ হয় এই হিংসাত্মক পৰিস্থিতিৰ ৷ হিংসাত্মক পৰিস্থিতিৰ আৰম্ভণিতে এজন 26 বছৰীয়া যুৱক নিহত হোৱাৰ লগতে ধৰ্মীয় গৃহ জ্বলাই দিয়া হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

এই ঘটনাৰ পিছতে গুৰুগ্ৰাম আৰক্ষীয়ে চহৰখনৰ আইন-শৃংখলা পৰিস্থিতিত কোনো ধৰণৰ ব্যাঘাত নঘটাবলৈ সৰ্বসাধাৰণলৈ আহ্বান জনাইছে । জিলাখনৰ অপৰাধ শাখাৰ সহকাৰী আৰক্ষী আয়ুক্ত বৰুণ দহিয়াই কয়, "গুৰুগ্ৰামত হিংসাৰ বাতৰি পোৱাৰ মাজতে সমগ্ৰ গুৰুগ্ৰামৰ গুৰুত্বপূৰ্ণ স্থানত কেইবাজনো আৰক্ষী কৰ্মী নিয়োগ কৰা হৈছে । যিকোনো হিংসাৰ বিষয়ে 112 নম্বৰযোগে সাধাৰণ ৰাইজে গুৰুগ্ৰাম আৰক্ষীক অৱগত কৰিব পাৰে ।"

নুহত বিশ্ব হিন্দু পৰিষদৰ শোভাযাত্ৰা বন্ধ কৰি দিয়াৰ পিছতে গ্ৰুপ সংঘৰ্ষৰ সূচনা হয় । ঘটনাটোৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ সকলো শিক্ষানুষ্ঠানৰ বন্ধ ৰখাৰ লগতে দ্বাদশ শ্ৰেণীৰ বৰ্ডৰ পৰীক্ষাও পিছুৱাই দিয়া হয় বুলি জানিবলৈ পৰা গৈছে ৷ সংঘৰ্ষৰ ফলত বৰ্তমানলৈ মৃত্যু হৈছে 5 জনৰ ৷

লগতে পঢ়ক : SC on Manipur violence: মণিপুৰ হিংসা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানলৈ উচ্চতম ন্যায়ালয়ৰ চমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.