ETV Bharat / bharat

Man tries to enter Mamata Banerjees residence : অস্ত্ৰ আৰু ড্ৰাগছসহ মমতা বেনাৰ্জীৰ বাসগৃহৰ সন্মুখৰ পৰা এজনক গ্ৰেপ্তাৰ - Mamata Banerjee

মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত ৰৈ আছিল লোকজন । লোকজনে মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবে আহিছিল ! শ্বেখ নুৰ আলম নামৰ লোকজনৰ পৰা অস্ত্ৰ আৰু ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে । পিছে কি উদ্দেশ্যৰে আহিছিল লোকজন ? তদন্ত অব্যাহত আছে ।

Mamata Banerjees residence
অস্ত্ৰ আৰু ড্ৰাগছসহ মমতা বেনাৰ্জীৰ বাসগৃহৰ সন্মুখৰ পৰা এজক গ্ৰেপ্তাৰ
author img

By

Published : Jul 21, 2023, 3:44 PM IST

নেশ্যনেল ডেস্ক,২১ জুলাই : পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বাসগৃহত অস্ত্ৰধাৰী লোকৰ প্ৰৱেশৰ চেষ্টা । বাসগৃহৰ সন্মুখত এখন বাহনত ৰৈ আছিল লোকজন । সন্দেহজনক পৰিস্থিতিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক । ঘটনা তদন্ত অব্যাহত আছে । ঘটনাটোক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।

জানিব পৰা মতে শুকুৰবাৰে তৃণমূল কংগ্ৰেছৰ শ্বহীদ দিৱসলৈ যোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বাসগৃহৰ সন্মুখত ঘূৰি ফুৰিছিল লোকজনে । তৃণমূলৰ মুৰব্বীগৰাকীৰ কালিঘাট বাসগৃহৰ ঠিক বাহিৰতে আৰক্ষীৰ ষ্টিকাৰ থকা এখন ক'লা বাহন ৰখাই থোৱা দেখা গৈছিল । য'ত বহু সময় ধৰি লোকজনে বাহনখনৰ ভিতৰতে বহি থকা দেখা গৈছিল । মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিশেষ টাস্ক ফ'ৰ্চৰ (এছটিএফ) বিষয়াসকলে বিষয়টো প্ৰত্যক্ষ কৰে আৰু সন্দেহজনক অৱস্থাত থকা লোকজনক আটক কৰি সোধা-পোছা কৰে ।

লোকজনক নুৰ আলম বুলি চিনাক্ত কৰা হৈছে । ৰহস্যজনকভাৱে আৰক্ষীয়ে লোকজনৰ পৰা এটা আগ্নেয়াস্ত্ৰ, খঞ্জৰ আৰু ড্ৰাগছ উদ্ধাৰ কৰে । নুৰ আলমে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত কিয় অপেক্ষা কৰি আছে বুলি সোধাত তেওঁ সন্তোষজনক উত্তৰ দিয়াত ব্যৰ্থ হয় । নুৰ আলমে কেৱল উত্তৰ দিছিল যে তেওঁ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব বিচাৰিছিল । ইতিমধ্যে কলকাতা আৰক্ষীয়ে নিৰ্দিষ্ট গোচৰ ৰুজু কৰি নুৰ আলমক গ্ৰেপ্তাৰ কৰিছে ।

কলকাতাৰ আৰক্ষী আয়ুক্ত বিনীত গোৱেলে কয় যে কলকাতা আৰক্ষীয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বাসগৃহৰ ওচৰত শ্বেখ নুৰ আলম নামৰ লোকজনক সেই পথত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত বাধা দিয়ে । বিভিন্ন সংস্থাৰ কেইবাটাও পৰিচয় পত্ৰৰ উপৰিও তেওঁৰ হাতত এটা আগ্নেয়াস্ত্ৰ, এখন খঞ্জৰ আৰু নিষিদ্ধ সামগ্ৰী পোৱা গৈছিল । আনহাতে লোকজনৰ বাহনখনত আৰক্ষীৰ ষ্টিকাৰো লগোৱা আছিল । আৰক্ষী, এছটিএফ আৰু বিশেষ শাখাই তেওঁক স্থানীয় আৰক্ষী চকীত সোধা-পোচা অব্যাহত ৰাখিছে ।

২১ জুলাই এই বিশেষ দিনটোতে তৃণমূল কংগ্ৰেছে চহৰখনৰ মাজমজিয়াত শ্বহীদ দিৱস উদযাপন কৰিছে । য'ত দূৰৱৰ্তী গাঁও আৰু চহৰৰ বৃহৎ সংখ্যক কৰ্মীয়ে বেনাৰ্জীৰ ভাষণ শুনিবলৈ একত্ৰিত হৈছে । মমতা বেনাৰ্জীয়ে উক্ত অনুষ্ঠানত ভাগ লোৱাৰ পূৰ্বে লোকজনক মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ।

লগতে পঢ়ক :Arunachal rape case : ২১ গৰাকীকৈ শিক্ষাৰ্থীক যৌন নিৰ্যাতন হোষ্টেল ৱাৰ্ডেনৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.