ETV Bharat / bharat

কুলগামত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

দক্ষিণ কাশ্মীৰ জিলাৰ ৰেডৱানী অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত এই সংঘৰ্ষ আৰম্ভ হয় । পুৱতি নিশা প্ৰায় ১ বাজি ৩০ মিনিটত ৰেডৱানী গাঁৱত গুলীচালনা আৰম্ভ হয় । আৰক্ষী, সেনা আৰু চিআৰপিএফৰ যুটীয়া দলে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি এক কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু তালাচী অভিযান আৰম্ভ কৰিছিল ।

author img

By

Published : Jul 9, 2021, 10:07 PM IST

Kulgam called off as militants give slip to forces
নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

নেশ্যনেল ডেস্ক, ৯ জুলাই : কাশ্মীৰৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসবাদীৰ (Militants) আক্ৰমণ অব্যাহত আছে । শেহতীয়াকৈ কেইবাটাও আক্ৰমণৰ ঘটনাৰ পাছতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অধিক সষ্টম হৈছে নিৰাপত্তা বাহিনী । সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক অভিযানৰ সময়তে দক্ষিণ কাশ্মীৰ জিলাৰ ৰেডৱানী অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত তীব্ৰ সংঘৰ্ষৰ সূত্ৰপাত হয় । এগৰাকী বিষয়াই জনোৱা মতে কেইবা ঘণ্টা ধৰি নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলীৰ চলিছিল আৰু সম্প্ৰতি পৰিস্থিতি শান্ত হৈছে ।

উল্লেখ্য যে, শুকুৰবাৰে পুৱাই দক্ষিণ কাশ্মীৰ জিলাৰ ৰেডৱানী অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত এই সংঘৰ্ষ আৰম্ভ হয় । পুৱতি নিশা প্ৰায় ১ বাজি ৩০ মিনিটত ৰেডৱানী গাঁৱত গুলীচালনা আৰম্ভ হয় । আৰক্ষী, সেনা আৰু চিআৰপিএফৰ যুটীয়া দলে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি এক কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু তালাচী অভিযান আৰম্ভ কৰিছিল । এগৰাকী আৰক্ষী বিষয়াই কোৱা মতে যেতিয়া নিৰাপত্তাৰক্ষী ঘটনাস্থলীৰ ওচৰ পাইছিল আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীসকলে তেওঁলোকৰ ওপৰত গুলীচালনা আৰম্ভ কৰিছিল যাৰ প্ৰত্যুত্তৰত গুলীবৰ্ষণ কৰিছিল নিৰাপত্তা বাহিনীয়েও ।

খবৰ অনুসৰি দক্ষিণ কাশ্মীৰত যোৱা ২৪ ঘণ্টাত এইটো তৃতীয় সংঘৰ্ষ আছিল । শুকুৰবাৰে পুলৱামা আৰু কুলগামত সংঘটিত গুলীচালনাত লস্কৰ-ই-তৈবাৰ (LeT) ৩ জন আৰু আল-বদৰৰ এজন সন্ত্ৰাসবাদী নিহত হয় । ইয়াৰ উপৰিও আৰক্ষীয়ে জনোৱা মতে বৃহস্পতিবাৰে বুদগাম আৰক্ষীয়ে লস্কৰ-ই-তৈবা (LeT) ৰ এজন সন্ত্ৰাসবাদী সহযোগীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে জনোৱা মতে ৰে'লক্ৰছিঙৰ ওচৰৰ অৰ্চন্দৰহামা মাগামত তালাচী অভিযানৰ সময়ত অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হয় ।

উল্লেখ্য যে ইয়াৰ মাজতো জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ (Militants) বিভিন্ন ধৰণৰ কাৰ্যকলাপ অব্যাহত আছে । ইতিমধ্যে সংগঠনবোৰে হাইব্ৰিড সন্ত্ৰাসবাদী অথবা ড্ৰোন (Drone) আদিৰ ব্যৱহাৰেৰে আৰক্ষীৰ চকুত ধুলি দিবলৈ চেষ্টা কৰিছে । কেইবাটাও স্থানত সন্ত্ৰাসবাদীয়ে ড্ৰোনৰ জৰিয়তে বিস্ফোৰণ সংঘটিত কৰিছে । হাইব্ৰিড সন্ত্ৰাসবাদীয়েও (Hybrid militant) কেইবাজনো লোকক আক্ৰমণ কৰিছে ।

লগতে পঢ়ক :নতুন গোপনীয়তা নীতি সন্দৰ্ভত হোৱাটছএপে কি ক'লে দিল্লী উচ্চ ন্যায়ালয়ক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.