ETV Bharat / bharat

ভেলেণ্টাইন ডে’ৰ উপহাৰ: ৰুগীয়া পত্নীক বৃক্ক দান

author img

By

Published : Feb 15, 2021, 1:34 PM IST

প্ৰেমৰ দিৱসৰ দিনাই উপহাৰ হিচাপে পত্নীক আগবঢ়ালে বৃক্ক । গুজৰাটৰ আহমেদাবাদৰ এগৰাকী ব্যক্তিয়ে ভেলেণ্টাইন ডে'ৰ দিনা ৰুগীয়া পত্নীক উপহাৰ হিচাপে বৃক্ক দান কৰে ।

প্ৰেমৰ দিৱসৰ দিনাই গুজৰাটত ৰুগীয়া পত্নীক বৃক্ক দান

নিউজ ডেস্ক,১৫ ফেব্ৰুৱাৰী: ১৪ ফেব্ৰুৱাৰীৰ দিনটো সমগ্ৰ বিশ্বতে পালন কৰা হয় প্ৰেমৰ দিৱস বা ভেলেণ্টাইন ডে' হিচাপে । এই দিনটোৰ বাবে ৰৈ থাকে প্ৰেমিক-প্ৰেমিকাসকলে । ভালপোৱা ব্য়ক্ত কৰিবলৈ কোনোৱে কাৰো হাতত গুজি দিয়ে এপাহি ৰঙা গোলাপ, ভালপোৱাৰ সংজ্ঞাৰ এখনি কাৰ্ড অথবা চকলেট । কিন্তু এই উপহাৰবোৰৰ বিপৰীতে ব্যতিক্ৰমী ৰূপত দেখা গ'ল এটা দম্পতীক । এই বিশেষ দিনটোৰ দিনা স্বামীয়ে উপহাৰ হিচাপে ৰুগীয়া পত্নীক দান দিলে নিজৰ বৃক্ক ।

গুজৰাটৰ আহমেদাবাদৰ বিনোদ পেটেল নামৰ এগৰাকী ব্যক্তিয়ে ২৩ সংখ্যক বিবাহ বাৰ্ষিকীত পত্নী ৰীতা পেটেলক উপহাৰ হিচাপে আগবঢ়াই বৃক্ক । ৰীতা পেটেল বিগত তিনি বছৰে বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ আছে । বহু চিকিৎসা কৰিও কোনো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই ৰীতাই । অৱশেষত স্বামী বিনোদ পেটেলে পত্নী ৰীতাক বৃক্ক দান কৰে । দেওবাৰে আহমেদাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত বিনোদে পত্নী ৰীতাক এই বৃক্ক দান কৰে ।

লগতে পঢ়ক: ভয়ংকৰ বিস্ফোৰণৰ পৰা কথমপি ৰক্ষা পৰিল জন্মু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.