ETV Bharat / bharat

Hardik Patel resigned from congress : কংগ্ৰেছ এৰিলে হাৰ্দিক পেটেলে - হাৰ্দিক পেটেলে এইবাৰ দল ত্যাগ কৰিছে

কংগ্ৰেছ দল ত্যাগ কৰিলে গুজৰাটৰ ৰাজ্যিক কমিটিৰ কাৰ্যকৰী সভাপতি হাৰ্দিক পেটেলে (Hardik Patel quits congress)। ৰাজ্যিক নেতৃত্বৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি এই সিদ্ধান্ত নেতাগৰাকীৰ । বিজেপি অথবা আম আদমী পাৰ্টিত যোগদানৰ সম্ভাৱনা ।

congress
হাৰ্দিক পেটেলৰ কংগ্ৰেছ ত্যাগ
author img

By

Published : May 18, 2022, 12:48 PM IST

নেশ্যনেল ডেস্ক,১৮ মে' : বিপদে লগ নেৰা হৈছে কংগ্ৰেছৰ । শেহতীয়া নিৰ্বাচনবোৰত শোচনীয় পৰাজয়ৰ অন্তত ইজনৰ পাছত সিজন নেতাই দল ত্যাগ কৰিবলৈ আৰম্ভ কৰিছে । এইবাৰ গুজৰাট কংগ্ৰেছত খহনীয়া । গুজৰাট কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি তথা প্ৰভাৱশালী নেতা হাৰ্দিক পেটেলে এইবাৰ দল ত্যাগ কৰিছে (Gujarat working president Hardik Patel quits congress)।

দলটোৰ ৰাজ্যিক নেতৃত্বৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি এই সিদ্ধান্ত লৈছে হাৰ্দিক পেটেলে (Hardik Patel quits Congress)। টুইটাৰযোগে পেটেলে এই কথা প্ৰকাশ কৰে । টুইট কৰি নেতাগৰাকীয়ে কয় যে, গুজৰাট কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি পদ আৰু দলৰ প্ৰাথমিক সদস্য পদৰ পৰা তেওঁ পদত্যাগৰ সিদ্ধান্ত লৈছে । তেওঁৰ এই সিদ্ধান্তক সকলো সহকৰ্মী আৰু গুজৰাটৰ ৰাইজে আদৰণি জনাব বুলিও তেওঁ আশা প্ৰকাশ কৰিছে । তেওঁ ভৱিষ্যতে গুজৰাটৰ হৈ কাম কৰিবলৈ সক্ষম হ'ব বুলিও তেওঁ আত্মবিশ্বাসী ।

উল্লেখ্য যে, গুজৰাট কংগ্ৰেছ কমিটিৰ নেতাসকলৰ মাজত দীৰ্ঘদিন ধৰি মতভেদ দেখিবলৈ পোৱা গৈছিল । আনকি বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলীয় গোটৰ মতভেদৰ সমস্যা সমাধানৰ বাবে হাৰ্দিক পেটেলৰ ওচৰলৈ গৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী । ৰাহুল গান্ধীয়ে পত্ৰ প্ৰেৰণ কৰি হাৰ্দিক পেটেলক দল ত্যাগ নকৰিবলৈ আহ্বানো জনাইছিল ।

সূত্ৰৰ পৰা জানিব পৰা মতে পেটেলে ৰাজ্যিক কংগ্ৰেছ সমিতিৰ সভাপতিৰ পদ বিচাৰিছিল কিন্তু তেওঁক কেৱল কাৰ্যকৰী সভাপতিৰহে দায়িত্ব দিয়া হ'ল । ইফালে কাৰ্যকৰী সভাপতি হিচাপে নিযুক্ত হোৱাৰ পাছতো ৰাজ্যিক নেতৃত্বই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত তেওঁৰ মতামত নলয় বুলিও সূত্ৰই জানিবলৈ দিছে । যাৰ বাবে পেটেলে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা স্পষ্ট হৈ পৰিছে ।

এক স্পষ্টীকৰণ জাৰি কৰি নেতাগৰাকীয়ে কয় যে, তেওঁ দলৰ নেতা ৰাহুল গান্ধী বা প্ৰিয়ংকা গান্ধীৰ ওপৰত অসন্তুষ্ট নহয় । কিন্তু তেওঁ ৰাজ্যিক নেতৃত্বৰ ওপৰতহে অসন্তুষ্ট ।

কিন্তু পেটেলে এইবাৰ কোনটো দলত যোগদান কৰিব ? তাক লৈ চৰ্চা চলি আছে যদিও বহুতে দাবী কৰা মতে গেৰুৱা বসন পিন্ধিব হাৰ্দিক পেটেলে । অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ আৰু ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বিজেপি চৰকাৰক প্ৰশংসা কৰাৰ পিছতে তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ এক জল্পনা-কল্পনা চলি আছে । অৱশ্যে পেটেলে আম আদমী পাৰ্টিত যোগদান কৰাৰো সম্ভাৱনা আছে ।

লগতে পঢ়ক :Sheena Bora murder case : ছবছৰ পাঁচ মাহৰ পাচত জামিন পালে ইন্দ্ৰাণী মুখাৰ্জীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.