নেশ্যনেল ডেস্ক,১৪ ছেপ্টেম্বৰ : পাকিস্তানে ভাৰতত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ অব্যাহত ৰাখিছে । তাৰ মাজতে পাকিস্তানৰ আন এক ভয়ংকৰ অভিসন্ধিৰ তথ্য পোহৰলৈ আহিছে । এইবাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত পাকিস্তানীসহ জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ (Drugs seized in Gujarat coast)।
গুজৰাট এটিএছৰ অভিযানত জব্দ হৈছে প্ৰায় ৪০ কিলোগ্ৰাম ড্ৰাগছ (40 kg drugs seized)। গুজৰাট এটিএছ আৰু উপকূলৰক্ষী বাহিনীয়ে অভিযান চলাই জব্দ কৰে ড্ৰাগছখিনি (Gujarat ATS raid)। জানিব পৰা মতে জব্দ হোৱা ড্ৰাগছখিনিৰ আনুমানিক মূল্য হ'ব ২০০ কোটি টকা ।
প্ৰাপ্ত তথ্য মতে, পাঞ্জাৱৰ কাৰাগাৰৰ এজন নাইজেৰিয়ান কয়েদীয়ে এই ড্ৰাগছ সৰবৰাহৰ তথ্য দিছিল । সেই তথ্যৰ আধাৰত গুজৰাট এটিএছ আৰু উপকূলৰক্ষী বাহিনীয়ে যুটীয়াভাৱে আন্তঃৰাষ্ট্ৰীয় জলসীমাত অভিযান চলাইছিল ।
লক্ষণীয়ভাৱে এই অভিযানত পাকিস্তানী নাওসহ ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হয় (Pakistani arrested with drugs)। নাওখনৰ পৰা জব্দ কৰা হয় ড্ৰাগছখিনি । সম্প্ৰতি আৰক্ষীয়ে আটকাধীন লোককেইজনক জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :খটখটীত অবৈধ ইউৰিয়া ভৰ্তি পাঁচখন ট্ৰাক জব্দ