ETV Bharat / bharat

আহমেদাবাদত ভয়ংকৰ অগ্নিকাণ্ড - আহমেদাবাদত বুধবাৰে পুৱা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়

বুধবাৰে ৰাতিপুৱা আহমেদাবাদৰ নাৰণপুৰা অঞ্চলৰ এটা অট্টালিকাত থকা দোকানত জুইৰ সূত্ৰপাত হয় । পুৱা প্ৰায় ৬.৩০ বজাত সংঘটিত এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই ।

আহমেদাবাদত ভয়ংকৰ অগ্নিকাণ্ড
আহমেদাবাদত ভয়ংকৰ অগ্নিকাণ্ড
author img

By

Published : Feb 3, 2021, 12:52 PM IST

নিউজ ডেস্ক , ৩ ফেব্ৰুৱাৰী : গুজৰাটৰ আহমেদাবাদত বুধবাৰে পুৱা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । আহমেদাবাদৰ নাৰণপুৰা অঞ্চলৰ এটা অট্টালিকাত থকা তিনিখনকৈ দোকানত প্ৰথমে জুইৰ সূত্ৰপাত হয় আৰু পৰৱৰ্তী সময়ত অট্টালিকাটোৰ ওপৰৰ দুটা মহলাত থকা আৱাসিক এপাৰ্টমেন্টবোৰ ধোঁৱাই ছানি ধৰে ।

এজন অগ্নি নিৰ্বাপক বিষয়াই জনোৱা মতে ঘটনাস্থলীৰ পৰা আঠজনকৈ লোকক উদ্ধাৰ কৰা হৈছে । তিনিমহলীয়া অট্টালিকাটোৰ তলৰ মহলাত থকা দোকানৰ পৰা জুই সূত্ৰপাত হোৱা বুলি জানিবলৈ বিষয়া গৰাকীয়ে । জুইৰ ফলত দোকান কেইখনৰ বহু সামগ্ৰী নষ্ট হয় যদিও এই ঘটনাত কোনো লোক হতাহত হোৱা নাই ।

অগ্নিকাণ্ডৰ কেইঘন্টামানৰ ভিতৰতে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নি নিৰ্বাপক বাহিনীয়ে । কিন্তু জুইৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই বুলি কয় অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া গৰাকীয়ে ।

লগতে পঢ়ক :চৰকাৰে নতুনকৈ ক্ৰয় কৰিব ৮৩ খন তেজছ এলচিএ যুজাঁৰু বিমান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.