নেশ্যনেল ডেস্ক, 4 ডিচেম্বৰ: আজি ৰাজধানী দিল্লীত পৌৰ নিগমৰ নিৰ্বাচন (Delhi MCD Polls)৷ পুৱাৰ পৰা ৰাজধানী চহৰত ভোটদান কৰিবলৈ ভোটকেন্দ্ৰত ভিৰ কৰিছেহি লোকসকলে ৷
কিন্তু এই নিৰ্বাচনী সমাগমৰ মাজতে দিল্লীৰ বুৰাৰীত সংঘটিত হৈছে এটা আজৱ ঘটনা ৷ এতিয়া বিয়াৰ বতৰ ৷ দেশজুৰি উদুলি মুদুলি বিবাহস্থলীসমূহ ৷ নৱবিবাহিতা পত্নীক লৈ পোনচাটেই বিবাহস্থলীত উপস্থিত হ’ল এহাল দৰা-কইনা(groom reached the polling station)৷ এতিয়া সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে এইহাল দৰা-কইনাৰ ফটো ৷
ঘটনা অনুসৰি বুৰাৰীৰ সুধীৰ ৰাণা নামৰ লোকজনে উত্তৰ প্ৰদেশৰ বিজনৌত বিবাহপাশত আৱদ্ধ হৈছিল ৷ তেওঁলোকে বিবাহৰ ৰীতি-নীতি সম্পন্ন কৰি নিশাই বুৰাৰীৰ নিজ গৃহ অভিমুখে ৰাওনা হৈছিল ৷ সপত্নীকে সুধীৰে গৃহত প্ৰৱেশ কৰি প্ৰথমে কইনাৰ গৃহ প্ৰৱেশকে ধৰি ঘৰৰ নিয়মসমূহ সম্পন্ন কৰে ৷
তাৰ পিছতেই সুধীৰে সিদ্ধান্ত লয় যে তেওঁ পত্নীক লগত লৈ ভোট দিবলৈ যাব ৷ এই কথা প্ৰথমে সুধীৰে নৱবিবাহিতা পত্নীক অৱগত কৰে ৷ এই কথা শুনি পত্নীয়ে সুধীৰৰ কথাত সন্মতি প্ৰদান কৰে ৷ তাৰ পিছতেই দুয়ো ঘৰৰ লোকক এই কথা জনোৱাত ঘৰৰ লোকে দুয়োৰে কথা মানি লয় ৷
নৱবিবাহিতা দম্পতীয়ে বিবাহৰ সাজেৰে ভোট দিবলৈ যাবলৈ ঠিৰাং কৰে ৷ দুয়োৱে বিবাহৰ সাজেৰে বুৰাৰী ভোটকেন্দ্ৰত উপস্থিত হয় ৷ সুধীৰে ভোটদান কৰে ৷ দম্পতীটোক তেনেকৈ দেখি ভোটদান কেন্দ্ৰটোৰ লোকসকল আচৰিত হয়( Groom and bride reached polling station)৷ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে বিবাহৰ সাজত থকা দম্পতীটো ৷ দুয়োকে ভোটকেন্দ্ৰত লোকসকলে শুভেচ্ছা জনোৱাৰ লগতে সুধীৰৰ এই ব্যতিক্ৰমী পদক্ষেপ দেখি প্ৰশংসা কৰে ৷
সুধীৰে কিয় এনেকৈ আহিল বুলি সোধাত তেওঁ কয় যে ভোট দিয়াটো প্ৰতিজন নাগৰিকৰ কৰ্তব্য ৷ এইটো আন কামৰ দৰে আমাৰ বাবেও গুৰুত্বপূৰ্ণ ৷ গণতন্ত্ৰত ভোট দিয়া মানে আপোনাৰ দাবী উত্থাপন কৰাৰ প্ৰক্ৰিয়া ৷ যদি আমি ভোটদান নকৰো তেনেহ’লে আমি ভুল দেখিলে চৰকাৰক কেনেকৈ প্ৰশ্ন কৰিম ?
উল্লেখ্য যে দিল্লীত হৈ থকা পৌৰ নিগমৰ নিৰ্বাচনত বেমেজালি সৃষ্টি হোৱাৰ ঘটনাও পোহৰলৈ আহিছে ৷ নিৰ্বাচনৰ দিনা কংগ্ৰেছৰ ৰাজ্যিক সভাপতি অনিল চৌধুৰীয়ে ভোট দিবলৈ ভোটকেন্দ্ৰলৈ যাওঁতে ভোটাৰ তালিকাত তেওঁৰ নাম পোৱা নগৈছিল ৷ ফলত তেওঁ ভোট দিব নোৱাৰি বিমুখ হৈ উভতি আহিবলগা হয়(State Congress President Anil Chaudhary)৷ তেওঁ এই সন্দৰ্ভত নিৰ্বাচন আয়োগক তদন্তৰ দাবী জনাইছে ।
লগতে পঢ়ক: Ajmal controversial statement : হৰিদ্বাৰৰ সাধু-সন্তই উভতি ধৰিলে আজমলক