ETV Bharat / bharat

সেউজীয়া, আৱৰ্জনা শূণ্য বিবাহ প্ৰচলন কৰক - সেউজীয়া বিবাহ

মহামাৰীয়ে আমাৰ জীৱনত বিভিন্ন ধাৰণা আনি দিছে ৷ আমি এতিয়া অনৰ্থকভাৱে আমাৰ সম্পদসমূহ গ্ৰহণ কৰিব নোৱাৰো, অধিক পৰিমানে আৱৰ্জনা সৃষ্টি কৰিব নোৱাৰো আৰু কালি নাহিব বুলি ধৰি জীয়াই থাকিব নোৱাৰো, কিয়নো অহাকালিৰ দিনটো আহিব ৷ আৰু যদিহে আমি সলনি নহওঁ, আমাৰ পৰৱৰ্তী প্ৰজন্মই জৈৱ বৈচিত্ৰতাৰ এক ভয়ংকৰ সমস্যাৰে যুঁজ দিব লাগিব ৷

Greener, zero-waste weddings are in vogue
সেউজীয়া, আৱৰ্জনা শূণ্য বিবাহ প্ৰচলন কৰক
author img

By

Published : Jan 9, 2021, 9:00 PM IST

নিউজ ডেস্ক, 9 জানুৱাৰী : বহনক্ষম বিবাহ সৰু হ’লেও এয়া এক বৃহৎ আৰম্ভণি কিয়নো এক চিন্তাপূৰ্ণ দিশেৰে আগবাঢ়িলে ইয়ে আমাৰ গ্ৰহত ধনাত্মক প্ৰভাৱ পেলায় ৷ এগৰাকী ইভেন্ট প্লেনাৰ, অম্বিকাই গুপ্তাই এইদৰে কয়, যাক আমি কাজল আগৰৱালৰ দৰে অভিনেত্ৰীৰ বিবাহ মণ্ডপ তথা বিবাহৰ সকলো পৰিকল্পনাকাৰী হিচাপে জানো ৷ এইগৰাকী উদ্যমীয়ে সেউজীয়া ভাল পায় আৰু ডিজাইনৰ কথা এনেদৰেই কয় ৷

তেওঁ কয় যে, এই মহামাৰীয়ে আমাৰ জীৱনত বিভিন্ন ধাৰণা আনি দিছে ৷ আমি এতিয়া অনৰ্থকভাৱে আমাৰ সম্পদসমূহ গ্ৰহণ কৰিব নোৱাৰো, অধিক পৰিমানে আৱৰ্জনা সৃষ্টি কৰিব নোৱাৰো আৰু কালি নাহিব বুলি ধৰি জীয়াই থাকিব নোৱাৰো, কিয়নো অহাকালিৰ দিনটো আহিব ৷ আৰু যদিহে আমি সলনি নহওঁ, আমাৰ পৰৱৰ্তী প্ৰজন্মই জৈৱ বৈচিত্ৰতাৰ এক ভয়ংকৰ সমস্যাৰে যুঁজ দিব লাগিব ৷

চেন্নাইত আজিৰ পৰা 8 বছৰ পূৰ্বে অম্বিকাই গঠন কৰিছিল The A-Cube Project নামে এক প্ৰকল্প যিয়ে বিবাহৰ আৰ্হি আৰু পৰিকল্পনাৰ ক্ষেত্ৰখনত যথেষ্ট ভাল কাম কৰি আহিছে ৷ চলিত বৰ্ষত তেওঁ ক'ভিড-19 ৰ পৰৱৰ্তী ছবিখনলৈ লক্ষ্য কৰি প্ৰত্যাহ্বান গ্ৰহণ কৰি কাম কৰিব লাগিব ৷ সুৰক্ষাজনিত দিশসমূহলৈ লক্ষ্য ৰাখি তেওঁ বিবাহস্থলীৰ লগতে বিবাহৰ পৰিকল্পনা কৰে, এইক্ষেত্ৰত তেওঁ কম-খৰচী আৰু সেউজীয়া বিবাহৰ প্ৰস্তাৱৰ বাবে গ্ৰাহকৰ সৈতে কথা পাতে ৷

লগতে পঢ়ক : চি চি টিভিত বন্দী তামিলনাডুৰ দুৰ্ঘটনাৰ লোমহৰ্ষক দৃশ্য

অম্বিকাই কয়, "মহামাৰীয়ে পৰিয়ালৰ অনুষ্ঠানসমূহ সৰুকৈ পাতিবলৈ বাধ্য কৰাইছে ৷ ইয়ে স্বয়ংক্ৰিয়ভাৱে আৱৰ্জনা কম কৰিছে যদিও মোৰ বহুসংখ্যক গ্ৰাহকে জৈৱ বৈচিত্ৰৰ বিষয়ে সজাগ আৰু নিজৰ বিবাহৰ দ্বাৰা এক উদাহৰণ স্থাপন কৰিবলৈ বিচাৰে ৷ উদাহৰণস্বৰূপে পণ্ডিচেৰীৰ এখন বিবাহত দৰা কইনাৰ লগতে তেওঁলোকৰ দলে ফ্ল’ৰেল আৰু খাদ্য আৱৰ্জনাৰ ধাৰণা তুলি ধৰিবলৈ বিবাহ মণ্ডপত চেষ্টা চলাইছিল ৷ এয়া কইনাৰ ফালৰ পৰা বিশেষ অনুৰোধ আছিল আৰু এয়া পৰিৱেশৰ বাবে উপযুক্ত আছিল ৷ বিবাহস্থলীত ব্যৱহাৰ কৰা ফুলসমূহ পুনৰ ব্যৱহাৰ কৰাৰ লগতে ৰাহি হোৱা খাদ্যসমূহ নিকটৱৰ্তী স্থানত বিলাই দিয়া হৈছিল ৷ India Wasted আৰু The Robin Hood Armyয়ে এইক্ষেত্ৰত আমাক সহায় কৰিছিল ৷

সেউজীয়া বিবাহৰ ক্ষেত্ৰত অম্বিকাৰ অন্যান্য টীপঃ স্থানীয় ফুল ব্যৱহাৰ কৰি কাৰ্বন ফুটপ্ৰীন্টৰ ব্যৱহাৰ কমোৱাৰ লগতে খেতিয়কক উৎসাহ প্ৰদান কৰিব পাৰি ৷ ফুলৰ অত্যাধিক সুবাস দিয়াৰ পৰিৱৰ্তে মন্তব্যসমূহ ব্যৱহাৰ কৰিলে ইয়াক সহজেই লক্ষ্য কৰিব পৰা যায় ৷ দোকানৰ পৰা কিনি অনা উপহাৰৰ পৰিৱৰ্তে স্বেচ্ছাসেৱী সংগঠন যিসকলে কলাকাৰসকলৰ সৈতে কাম কৰে, এক প্ৰকাৰৰ এৰা-ধৰা-দিয়া সম্পন্ন কৰিব পাৰি ৷ পণ্ডিচেৰীৰ বিবাহখনৰ বাবে অম্বিকাই ভান গোঘৰ এম্ব্ৰইডাৰিৰ সহায়ত মৰাপাটৰ বেগ প্ৰস্তুত কৰাৰ লগতে উত্তৰাখণ্ডৰ পুৰকাল স্ত্ৰী শক্তিয়ে প্ৰস্তুত কৰা এইসমূহ বেগ আলহীক প্ৰদান কৰিছিল ৷

  • বাঁহৰ দৰে জৈৱ-পচনযুক্ত ডিচপজিবল কাটলাৰি আৰু ক্ৰোকাৰী সামগ্ৰীৰ ব্যৱহাৰ ৷
  • বিবাহৰ নিমন্ত্ৰণী পত্ৰ পুনৰব্যৱহৃত কাগজৰ লগতে ইন্টাৰনেটযোগে আমন্ত্ৰণ জনাওঁক ৷
  • সাজসজ্জাৰ লগতে সজ্জাৰ বাবে ষ্ট্ৰ, ক্লে, জীৱিত গছ, পুনৰব্যৱহাৰযোগ্য সামগ্ৰী ব্যৱহাৰ কৰক ৷ কাজল আগৰৱালৰ বিবাহত কচ্ছ মন্দী গঠন কৰাৰ লগতে কচ্ছৰ কৰ্মশৈলীৰে ফাৰ্নিছাৰ, শুকান পাল্ম চিলাই, চেট্টিনাড় কনছোল আৰু কলৰ পাতেৰে ব্ৰাছ সজুলি প্ৰস্তুত কৰিছিল ৷ নাৰিকলৰ আৱৰ্জনাৰে তেওঁ কাজল আগৰৱালৰ বিবাহত ব্যৱহাৰ কৰিছিল পেট্টিছ ৷
  • বিবাহখন কম সংখ্যক লোকৰ সৈতে উদযাপন কৰাৰ লগতে স্থানীয়ভাৱেই উদযাপন কৰক ৷
  • থলুৱা ফাৰ্নিচাৰ ব্যৱহাৰ কৰাৰ লগতে প্লাষ্টিকৰ পৰিৱৰ্তে পুনৰ ব্যৱহৃত হোৱা আচবাব ভাড়ালৈ আনক ৷
  • পোহৰৰ বাবে কম-শক্তি খৰচী ব্যৱস্থাৰ বিষয়ে ভাৱক ৷

"মই পঢ়িছিলো যে, প্ৰতিবছৰে ভাৰতত 10 মিলিয়ন বিবাহ সম্পন্ন হয় আৰু ইয়ে পাহাৰসম আৱৰ্জনাৰ সৃষ্টি কৰে ৷ আমি সকলোৱে একেলগে ইয়াক ৰোধ কৰিবলৈ সক্ষম হম বুলি মই আশাবাদী ৷" শেষত এইদৰে কয় অম্বিকাই ৷

লগতে পঢ়ক : বকোৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় লোকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.