ETV Bharat / bharat

ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে চৰকাৰক আহ্বান প্ৰাক্তন কাশ্মীৰি সন্ত্ৰাসবাদীৰ পত্নীৰ

author img

By

Published : Dec 8, 2020, 11:14 AM IST

মিছবাহ নামৰ এগৰাকী প্ৰতিবাদকাৰীয়ে শ্ৰী নগৰৰ প্ৰেছ কলনীক কয়, "ভাৰতীয় নাগৰিকত্ব লাভ কৰাটো আমাৰ অধিকাৰ ৷ যিকোনো দেশৰ পুৰুষৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা মহিলাৰ দৰে আমাক ইয়াৰ নাগৰিক হিচাপে গ্ৰহণ কৰিব লাগে ৷ আমি ভাৰত চৰকাৰৰ লগতে ৰাজ্য চৰকাৰকো আহ্বান জনাইছো হয়তো আমাক নাগৰিকত্ব প্ৰদান কৰক নহ’লে আমাক পুনৰ পাকিস্তান নিৰ্বাসনৰ ব্যৱস্থা কৰক ৷"

Grant us Indian citizenship or deport to Pakistan, says wives of ex- Kashmiri militants
ভৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে চৰকাৰক আহ্বান প্ৰাক্তন কাশ্মীৰি সন্ত্ৰসাবাদীৰ পত্নীৰ

নেশ্যনেল ডেস্ক,8 ডিচেম্বৰঃ "হয়তো ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰক নহ’লে পাকিস্তানলৈ নিৰ্বাসিত কৰাক ৷" কেন্দ্ৰ তথা জম্মু-কাশ্মীৰ চৰকাৰলৈ এই আহ্বান প্ৰাক্তন কাশ্মীৰি সন্ত্ৰাসবাদীৰ পত্নীসকলৰ ৷ এইসকল মহিলা প্ৰায় এটা দশক পূৰ্বে আত্মসমৰ্পনকাৰী সন্ত্ৰাসবাদীসকলৰ পুনৰ সংস্থাপন আঁচনিৰ জৰিয়তে নিজ স্বামীৰ সৈতে ভাৰতলৈ আহিছিল ৷

প্ৰতিবাদৰ সময়ত মিছবাহ নামৰ এগৰাকী প্ৰতিবাদকাৰীয়ে শ্ৰী নগৰৰ প্ৰেছ কলনীক কয়, "ভাৰতীয় নাগৰিকত্ব লাভ কৰাটো আমাৰ অধিকাৰ ৷ যিকোনো দেশৰ পুৰুষৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা মহিলাৰ দৰে আমাক ইয়াৰ নাকৰিক হিচাপে গ্ৰহণ কৰিব লাগে ৷ আমি ভাৰত চৰকাৰৰ লগতে ৰাজ্য চৰকাৰকো আহ্বান জনাইছো হয়তো আমাক নাগৰিকত্ব প্ৰদান কৰক নহ’লে আমাক পুনৰ পাকিস্তান নিৰ্বাসনৰ ব্যৱস্থা কৰক ৷" তেখেতে আৰু কয় যে, চৰকাৰে তেওঁলোকক নিয়ন্ত্ৰণ ৰেখাৰ সিটো পাৰে থকা নিজৰ আত্মীয়ক সাক্ষাতৰ বাবে ভ্ৰমণৰ নথি-পত্ৰ প্ৰদান কৰিবলৈও অমান্তি হয় ৷

মিছবাহে আৰু কয়, "প্ৰায় 8 বছৰ পূৰ্বে মই মোৰ স্বামীৰ সৈতে ইয়ালৈ আহিছিলো ৷ কিছুমান মহিলা 15 বছৰ ধৰি ইয়াত আছে ৷ কিন্তু আমাৰ নিজৰ কোনো পৰিচয় নাই ৷ আমি ভোট দিব পাৰো, নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰো কিন্তু পাছপোৰ্ট লাভ কৰিব নোৱাৰো ৷ আমি নিজৰ পিতৃ-মাতৃক সাক্ষাৎ কৰিব বিচাৰো ৷ যদি আমি কিবা ভুল কৰিছো তেন্তে আমাক জেললৈ প্ৰেৰণ কৰক আৰু আমাক নিৰ্বাসনৰ ব্যৱস্থা কৰক ৷"

উল্লেখ্য যে, 2010 চনত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহে কাশ্মীৰি সন্ত্ৰাসবাদীসকলৰ পুনৰ নিয়োজনৰ বাবে এক আঁচনি গ্ৰহণ কৰিছিল ৷ এই আঁচনিৰ জৰিয়তে 1989 চনৰ পৰা 2009 পৰ্যন্ত যিসকল কাশ্মীৰি লোকে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি অস্ত্ৰ-শস্ত্ৰৰ প্ৰশিক্ষণ গ্ৰহণৰ বাবে পাকিস্তানলৈ গৈছিল তেওঁলোকে নিজৰ পৰিয়ালৰ সৈতে 2016 চনত নেপাল সীমান্তৰে পুনৰ ভাৰতলৈ উভটাই অনা হয় ৷ কিন্তু পৰৱৰ্তী সময়ত এই আঁচনিখন কেন্দ্ৰই বন্ধ কৰি দিয়ে ৷

লগতে পঢ়ক-কৃষক বিদ্ৰোহ, কৰ'ণা মহামাৰীৰ বাবে জন্মদিন পালন নকৰে ছোনিয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.