ETV Bharat / bharat

ভাৰতীয় সেনাত পদ মুকলি : কেনেদৰে কৰিব আবেদন ? - নথিপত্ৰসমূহ ডাকযোগে প্ৰেৰণ কৰিব লাগিব

চৰকাৰী খণ্ডত কেৰিয়াৰ বিচৰা সকলৰ বাবে এটা সোণালী সুযোগ ৷ প্ৰতিৰক্ষা মন্ত্ৰণালয় আৰু ভাৰতীয় সেনাই প্ৰকাশ কৰিছে ৰান্ধনী, চাফাই কৰ্মী, চালক আৰু অসামৰিক প্ৰশিক্ষকৰ বাবে খালী পদৰ বিজ্ঞাপন ৷

govt-jobs-update-defense-ministry-indian-army-open-vacancies
ভাৰতীয় সেনাত পদ মুকলি: কেনেদৰে কৰিব আবেদন?
author img

By

Published : Jun 18, 2021, 8:25 PM IST

নতুন দিল্লী : কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয় আৰু ভাৰতীয় সেনাই প্ৰকাশ কৰিছে খালী পদ পূৰণৰ বিজ্ঞাপন ৷ সেনাত যোগদান কৰিবলৈ আগ্ৰহী মহিলাসকলৰ বাবেও আছে ডাঙৰ সুযোগ ৷ কৰ'ণা মহামাৰীৰ মাজত বিত্তীয় সংকটৰ সন্মুখীন হোৱা লোকসকলৰ বাবে এই চাকৰিৰ সুযোগবোৰ এক আশীৰ্বাদলৈ পৰিৱৰ্তিত হ'ব পাৰে ৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত এএছচি চেণ্টাৰ দক্ষিণ-2 (ASC Center (South)-2) এটিচি য়ে ৰান্ধনী, চালক আৰু অসামৰিক প্ৰশিক্ষক পদৰ বাবে 100 টা খালী পদ ঘোষণা কৰিছে ৷ দশম শ্ৰেণী উত্তীৰ্ণ যুৱকসকলে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰে ৷ প্ৰাৰ্থীসকলে আৱেদন প্ৰ-পত্ৰৰ সৈতে প্ৰমাণিত নথিপত্ৰসমূহ ডাকযোগে প্ৰেৰণ কৰিব লাগিব ৷ আৱেদন দাখিল কৰাৰ অন্তিম তাৰিখ হৈছে নিযুক্তিৰ অধিসূচনা জাৰী কৰাৰ 30 দিন অৰ্থাৎ 12 জুন ৷ এই 100 টা পদৰ মাজৰ বিভাগ অনুসৰি খালী পদৰ বিৱৰণ এনেধৰণৰ-

1/ চাফাই কৰ্মী- 40 টা পদ : 18,000 টকা/মাহে

2/ ৰান্ধনী-15 টা পদ: 19,900 টকা/মাহে

3/ চিভিল মটৰ ড্ৰাইভাৰ- 42 টা পদ: 19,900 টকা/মাহে

4/ অসামৰিক কেটাৰিং প্ৰশিক্ষক-3 টা পদ : 19,900 টকা/মাহে

এই পদ সমূহৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা হৈছেঃ

1. চাফাই কৰ্মী -দশম উত্তীৰ্ণ, প্ৰাসংগিক কামত দক্ষ

2. ৰান্ধনী- দশম উত্তীৰ্ণ, ৰন্ধনত দক্ষ (নিম্নতম 1 বছৰৰ অভিজ্ঞতাৰ সৈতে)

3. চিভিল মটৰ ড্ৰাইভাৰ- হেভি মটৰ ভেহিকল ড্ৰাইভাৰ লাইচেঞ্চ, 2 বছৰৰ ড্ৰাইভিং অভিজ্ঞতা

4. অসামৰিক কেটাৰিং প্ৰশিক্ষক- দশম উত্তীৰ্ণ, কেটাৰিং ডিপ্লোমা, কেটাৰিং প্ৰশিক্ষক হিচাপে 1 বছৰৰ অভিজ্ঞতা

এই আটাইকেইটা পদৰ বাবে বয়সৰ সীমা হৈছে 18 ৰ পৰা 25 বছৰ ৷ আৱেদন প্ৰ-পত্ৰ প্ৰেৰণ কৰাৰ ঠিকনা : প্ৰিজাইডিং অফিচাৰ, চিভিলিয়ান ডাইৰেক্ট ৰিকুইটমেণ্ট ব'ৰ্ড, চিএইচকিউ, এএছচি চেণ্টাৰ (দক্ষিণ)-2 এটিচি, এডভান্স পোষ্ট, বাংগালোৰ-07 ৷

আনহাতে ভাৰতীয় সেনাই কেৱল মহিলা প্ৰাৰ্থীৰ বাবে মুকলি কৰিছে সাধাৰণ কৰ্তব্য মহিলা সৈনিক নিয়োগ 2021 অভিযান ৷ আগ্ৰহী প্ৰাৰ্থীসকলে এখন অনলাইন আবেদন পত্ৰ পূৰণ কৰি পদটোৰ বাবে আবেদন কৰিব পাৰে ৷ সাধাৰণ কৰ্তব্য মহিলা সৈনিকৰ বাবে প্ৰায় 100 টা পদ খালী আছে ৷ প্ৰ-পত্ৰখন পূৰণ কৰাৰ অন্তিম তাৰিখ হৈছে 20 জুলাই, 2021 ৷ উল্লেখ্য যে,জেনেৰেল ডিউটি মহিলা সৈনিক পদৰ বাবে আবেদন পত্ৰ সকলো প্ৰাৰ্থীৰ বাবে বিনামূলীয়া ৷

এই পদসমূহৰ বাবে যোগ্যতাৰ চৰ্তসমূহ হৈছে :

1.পদটো কেৱল মহিলা প্ৰাৰ্থীৰ বাবে ৷

2. শিক্ষা- ভাৰতৰ যিকোনো স্বীকৃত ব’ৰ্ডৰ পৰা নিম্নতম 45 শতাংশ নম্বৰৰ সৈতে দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব ৷

3. বয়সৰ সীমা- 17.5 ৰ পৰা 21 বছৰ

শাৰীৰিক অৰ্হতা :

5. দৈৰ্ঘ- 152 চেন্টি মিটাৰ

6. দৌৰৰ সময় - 1.6 কিমি /7.30 মিনিট

7. লং জাপ-10 ফুট

8. হাই জাপ-3 ফুট

লগতে পঢ়কঃ দিল্লীৰ হিংসা : DELHI HIGH COURT ৰ ৰায়ত অসন্তুষ্ট উচ্চতম ন্যায়ালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.