ETV Bharat / bharat

Fencing in Manipur: ভাৰত-ম্যানমাৰ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ স্থাপন - Barbed wire fencing in Manipur

চৰকাৰে মণিপুৰত ভাৰত-ম্যানমাৰ সীমান্তত প্ৰায় ৪০০ কিঃমিঃ অঞ্চলত কাঁইটীয়া তাঁৰৰ বেৰ স্থাপন কৰিছে (Barbed wire fencing in Manipur)। মণিপুৰৰ ৰাজ্যপাল সুশ্ৰী অনুচুয়া উইকীৰ মণিপুৰ সীমান্ত পৰিদৰ্শন । সীমান্তৱৰ্তী চহৰ মোৰেত অস্থায়ী আশ্ৰয় গৃহ স্থাপনৰো পৰিকল্পনা চৰকাৰৰ ।

Govt erecting barbed wire fencing in Manipur
ভাৰত ম্যানমাৰ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ স্থাপন
author img

By

Published : Apr 29, 2023, 10:37 AM IST

নেশ্যনেল ডেস্ক,২৯ এপ্ৰিল : উত্তৰ-পূৱৰ অন্যতম ৰাজ্য মণিপুৰ আৰু চুবুৰীয়া দেশ ম্যানমাৰৰ মাজত সীমান্ত সমস্যা অব্য়াহত আছে (Manipur Myanmar border)। সীমান্তত অনুপ্ৰৱেশকে ধৰি নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহো অব্যাহত আছে । ইয়াৰ মাজতে ভাৰত চৰকাৰে সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ স্থাপনৰ বাবে বিশেষ পদক্ষেপ হাতত লৈছে ।

জানিব পৰা মতে চৰকাৰে মণিপুৰত প্ৰায় ৪০০ কিলোমিটাৰ ভাৰত-ম্যানমাৰ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ স্থাপন কৰি আছে (Barbed wire fencing in India Myanmar border) ৷ অসম ৰাইফলছৰ বিষয়াসকলে কোৱা মতে মণিপুৰৰ ৰাজ্যপাল সুশ্ৰী অনুচুয়া উইকীয়ে বৃহস্পতিবাৰে মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ১১০ কিলোমিটাৰ দক্ষিণে মোৰেত ভাৰত-ম্যানমাৰ সীমান্ত বেষ্টনী পৰিদৰ্শন কৰে ৷ ভ্ৰমণকালত অসম ৰাইফলছৰ বিষয়াসকলে ৰাজ্যপালক অনুপ্ৰৱেশ, ড্ৰাগছকে ধৰি বিভিন্ন নিষিদ্ধ সামগ্ৰীৰ চোৰাং ব্যৱসায় আৰু অসংখ্য সীমান্ত অপৰাধ প্ৰতিৰোধ কৰিবলৈ সীমান্তত নিৰাপত্তা প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে (Illegal activities in India Myanmar border)।

ৰাজ্যপালগৰাকীয়ে নিৰাপত্তা বাহিনীক প্ৰশংসা কৰাৰ লগতে নিৰাপত্তা বাহিনীৰ কঠোৰ সতৰ্কতাৰ বাবে সীমান্তত ড্ৰাগছ সৰবৰাহ, অবৈধ চোৰাং ব্যৱসায়ৰ ঘটনা যথেষ্ট হ্ৰাস পাইছে বুলি উল্লেখ কৰে ।

ম্যানমাৰত সেনা আৰু প্ৰতিৰক্ষা বাহিনীৰ মাজত তীব্ৰ সংঘৰ্ষৰ পাচত মণিপুৰ চৰকাৰে অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰিছে আৰু অসম ৰাইফলছক আন্তঃৰাষ্ট্ৰীয় সীমান্তত কঠোৰ সতৰ্কতা বজাই ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে (Myanmar crisis)।

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়েও শেহতীয়াকৈ মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত প্ৰচলিত নিৰাপত্তা পৰিস্থিতি, কাৰ্যকৰী প্ৰস্তুতি আৰু সীমান্ত বেষ্টনীৰ চলিত নিৰ্মাণ কাৰ্যৰ পৰ্যালোচনা কৰে । মণিপুৰ চৰকাৰে সীমান্তৱৰ্তী চহৰ মোৰেত এটা অস্থায়ী আশ্ৰয় গৃহ স্থাপন কৰাৰ কথা বিবেচনা কৰিছে । আশ্ৰয়স্থলত ৫,০০০ অনুপ্ৰৱেশকাৰী থাকিব পাৰিব । মিজোৰামৰ ১১ খন জিলাৰ ভিতৰত ৮ খন জিলাৰ ১৬০ টা সাহায্য শিবিৰ আৰু সামূহিক কেন্দ্ৰকে ধৰি অন্যান্য স্থানত ইতিমধ্যে ৩০,৫০০ তকৈও অধিক ম্যানমাৰৰ নাগৰিকে আশ্ৰয় লৈ আছে ।

লগতে পঢ়ক :Kalesar National Park : ১১০ বছৰৰ অন্তত কালেশৰ ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ বিচৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.