তেজপুৰ, ২৯ জুলাই : মণিপুৰত এতিয়াও শাম কটা নাই পৰিস্থিতি ৷ শনিবাৰে মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীয়ে মণিপুৰৰ চুৰাচান্দপুৰৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে ৷ আশ্ৰয় শিবিৰত থকা লোকসকলৰ সৈতে কথা বাৰ্তাত মিলিত হৈ ৰাজ্যপালগৰাকীয়ে কয় যে, ৰাইজে সুধিছে ৰাজ্যত কেতিয়া পুনৰ শান্তি ঘূৰি আহিব ৷ মই অহৰহ চেষ্টা কৰি আছো যে, দুয়োটা সম্প্ৰদায়ৰ লোকে ইজনে সিজনৰ লগত কথা পাতি শান্তি ঘূৰাই আনিব লাগে ৷ ৰাজ্যখনত শান্তি ঘূৰাই আনিবলৈ সহায় কৰাৰ হেতুকে আমি সকলো ৰাজনৈতিক দলক আহ্বান জনাইছো ৷
![Governor Anusuiya Uikey meets people in relief camp in Churachandpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-07-2023/19128626_gvt.jpg)
ৰাজ্যপালগৰাকীয়ে লগতে কয় ,"চৰকাৰে লোকসকলক ক্ষতিপূৰণ প্ৰদান কৰিব, এই হিংসাত্মক ঘটনাত যিসকল লোকৰ পৰিয়ালৰ সদস্যৰ লগতে সম্পতিৰ ক্ষতিসাধন হৈছে, তেওঁলোকক চৰকাৰৰ ফালৰ পৰা ক্ষতিপূৰণ প্ৰদান কৰা হ’ব ৷"
![Governor Anusuiya Uikey meets people in relief camp in Churachandpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-07-2023/19128626_gvtttt.jpg)
ৰাজ্যপালগৰাকীয়ে শিবিৰত থকা মহিলা তথা শিশুসকলৰ সৈতে বাৰ্তালাপ কৰি আৰু তেওঁলোকে পৰ্যাপ্ত সুবিধাসমূহ লাভ কৰিছেনে নাই তাৰ বুজ লয় ৷ মণিপুৰত যোৱা 3 মে’ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিচতে 4 মে’ৰ পৰা লোকসকলক আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত কৰা হৈছিল ৷ যেতিয়ালৈ ৰাজ্যখনত পূৰ্বৰ পৰিস্থিতি ঘূৰি নাহে তেতিয়ালৈ এই লোকসকলক আশ্ৰয় শিবিৰতে ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷
![Governor Anusuiya Uikey meets people in relief camp in Churachandpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-07-2023/19128626_gvtt.jpg)
বৰ্তমান কুকি আৰু মেইটেই দুইপক্ষই ৰাজ্যখনত শান্তিৰ বাবে আলোচনাৰ পোষকতা কৰা বুলি ৰাজ্যপাল অনুসূয়া উইকীয়ে জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, শেহতীয়াকৈ গঠন হোৱা বিৰোধী ঐক্য দল ইণ্ডিয়াৰ ২০ জনীয়া এটা প্ৰতিনিধিৰ দলে হিংসাজৰ্জৰিত মণিপুৰত ইতিমধ্যে উপস্থিত হৈছে ৷ এই বিৰোধীৰ প্ৰতিনিধি দলটোত আছে কংগ্ৰেছৰ অধীৰ ৰঞ্জন চৌধুৰী, গৌৰৱ গগৈ, টিএমচিৰ সুস্মিতা দেৱ, জেএমএমৰ মহুয়া মাঝি, ডিএমকেৰ কানিমোঝি, এনচিপিৰ মহম্মদ ফাইজাল, আৰএলডিৰ জয়ন্ত চৌধুৰী, আৰজেডিৰ মনোজ কুমাৰ ঝা, আৰএছপিৰ এন কে প্ৰেমচন্দ্ৰন আৰু ভিচিকেৰ টি থিৰুমাভালভানকে ধৰি মুঠ ২০ গৰাকী সাংসদ । দেওবাৰে ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰিব দলটোৱে ৷
লগতে পঢ়ক: INDIA Opposition team : শনিবাৰে নহয় দেওবাৰেহে ইণ্ডিয়া মিত্ৰজোঁটৰ দলে সাক্ষাৎ কৰিব অনুছুইয়া উইকেক