ETV Bharat / bharat

Hijab row : পোছাক বিধি পালনৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতে শিক্ষাৰ্থীৰ নিলম্বন প্ৰত্যাহাৰ

author img

By

Published : Jun 9, 2022, 5:56 PM IST

কৰ্ণাটকৰ প্ৰথম শ্ৰেণীৰ এখন মহাবিদ্যালয়ত হিজাব বিতৰ্ক অব্যাহত আছে (Hijab controversy in Government First Grade College)। পোছাক বিধি পালন কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতে ৬ গৰাকী শিক্ষাৰ্থীৰ নিলম্বন প্ৰত্যাহাৰ কৰিছে মহাবিদ্যালয়খনে । ইয়াৰ পূৰ্বে কেইবাগৰাকী শিক্ষাৰ্থীক হিজাব পৰিধান কৰাক লৈ মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছিল ।

Hijab row
পোছাক বিধি পালনৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতে শিক্ষাৰ্থীৰ নিলম্বন প্ৰত্যাহাৰ

নেশ্যনেল ডেস্ক,৯ জুন : দেশত অব্যাহত আছে হিজাব বিতৰ্ক (Hijab controversy in India)। শেহতীয়াকৈ দক্ষিণ কৰ্ণাটকৰ উপিনাংগাডিৰ এখন চৰকাৰী প্ৰথম শ্ৰেণীৰ মহাবিদ্যালয়ত হিজাব বিতৰ্কই বিশেষ স্থান লাভ কৰিছে (Govt College revokes suspension of 6 students)। মহাবিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে কেইবাগৰাকী ছাত্ৰীক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰা আৰু মহাবিদ্যালয়ৰ পোছাক বিধি উলংঘন কৰাৰ অভিযোগত নিলম্বন কৰিছে ।

অৱশ্যে ইয়াৰে ৬ গৰাকী শিক্ষাৰ্থীয়ে পোছাক বিধি পালন কৰাৰ প্ৰতিশ্ৰুতি দাখিল কৰাৰ পাছতে তেওঁলোকৰ নিলম্বন প্ৰত্যাহাৰ কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই ।

জানিব পৰা মতে মহাবিদ্যালয় কৰ্তৃপক্ষই দিয়া নিৰ্দেশনাৰ পাছতো একাংশ শিক্ষাৰ্থীয়ে হিজাব পৰিধান কৰি মহাবিদ্যালয়লৈ আহিছিল । যাৰ বাবে যোৱা ৭ জুনত ২৪ গৰাকীকৈ শিক্ষাৰ্থীক মহাবিদ্যালয়ৰ পৰা নিলম্বন কৰিছিল (24 students suspended after wearing Hijab)। মহাবিদ্যালয়ৰ মুঠ ১০১ গৰাকী মুছলমান শিক্ষাৰ্থীৰ ভিতৰত যোৱা সপ্তাহত হিজাব পন্থী প্ৰতিবাদত (Hijab row protest in Karnataka college) উপস্থিত নথকা ১১ গৰাকী শিক্ষাৰ্থী আৰু ২৯ গৰাকী মহাবিদ্যালয়ত অনুপস্থিত শিক্ষাৰ্থীয়েও পোছাক বিধি পালন কৰাৰ প্ৰতিশ্ৰুতি দিছে । মুঠ ৪৬ গৰাকী শিক্ষাৰ্থী ইতিমধ্যে পোছাক বিধি পালন কৰিব বুলি প্ৰতিশ্ৰুতি দাখিল কৰিছে ।

উল্লেখ্য যে শিক্ষা প্ৰতিষ্ঠানৰ হিজাব বিতৰ্কই শেহতীয়া কেইটামান মাহত দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়াত আছে যদিও এই বিতৰ্কৰ অন্ত নপৰালৈ শিক্ষাৰ্থীসকলক প্ৰতিষ্ঠানৰ পোছাক পৰিধান কৰাৰ নিৰ্দেশনা দিয়া হৈছিল । কিন্তু তাৰ মাজতে দেশৰ কিছুমান প্ৰান্তত শিক্ষা প্ৰতিষ্ঠানলৈ হিজাব পিন্ধি আহি একাংশ শিক্ষাৰ্থীয়ে পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক :Presidential Election 2022 : আজি ঘোষণা হ'ব ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ তাৰিখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.