ETV Bharat / bharat

উচ্চতম ন্যায়ালয়লৈ পদোন্নতি ৩ গৰাকী মহিলা ন্যায়াধীশৰ

উচ্চতম ন্যায়ালয়লৈ পদোন্নতিৰ বাবে সেই ৯ গৰাকী ন্যায়াধীশৰ নাম আগবঢ়াইছিল ন্যায়ালয়ৰ কলেজিয়ামে । প্ৰথমবাৰৰ বাবে কলেজিয়ামে পৰামৰ্শ দিয়া নামবোৰৰ ভিতৰত তিনিগৰাকী মহিলা ন্যায়াধীশ আছে ।

SC
উচ্চতম ন্যায়ালয়লৈ পদোন্নতি ৩ গৰাকী মহিলা ন্যায়াধীশৰ
author img

By

Published : Aug 26, 2021, 10:51 AM IST

নেশ্যনেল ডেস্ক, ২৬ আগষ্ট : উচ্চতম ন্যায়ালয়লৈ পদোন্নতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে ৯ গৰাকী ন্যায়াধীশৰ নাম । তাৰ ভিতৰত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে (Supreme Court Collegium) পৰামৰ্শ দিয়া তিনিগৰাকী মহিলা ন্যায়াধীশ আছে । ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ (Chief Justice of India NV Ramana) নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে উচ্চতম ন্যায়ালয়লৈ পদোন্নতিৰ বাবে সেই ৯ টা নাম আগবঢ়াইছিল ।

লক্ষণীয়ভাৱে প্ৰথমবাৰৰ বাবে কলেজিয়ামৰ দ্বাৰা পৰামৰ্শ দিয়া নামবোৰৰ ভিতৰত তিনিগৰাকী মহিলা ন্যায়াধীশ আছিল । উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে পৰামৰ্শ দিয়া ৯ টা নাম হৈছে ক্ৰমে গুজৰাটৰ বিক্ৰম নাথ (Vikram Nath), কৰ্ণাটকৰ এ এছ ওকা (A S Oka), তেলেংগানাৰ হিমা কোহলী (Hima Kohli) আৰু ছিকিমৰ জে কে মহেশ্বৰী (J K Maheshwari) । তাৰ পাছত উচ্চ ন্যায়ালয়ৰ চাৰিগৰাকী ন্যায়াধীশ হৈছে ক্ৰমে কৰ্ণাটকৰ ন্যায়াধীশ বি ভি নাগাৰাথনা (B V Nagarathna), মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এম এম সুন্দ্ৰেশ (MM Sundresh), কেৰালাৰ চিটি ৰবিকুমাৰ (CT Ravikumar) আৰু গুজৰাটৰ বেলা এম ত্ৰিবেদী (Bela M Trivedi) আৰু জ্যেষ্ঠ অধিবক্তা পি নৰসিংহ (P S Narasimha)।

ইফালে কলেজিয়ামৰ বৈঠকৰ পাছতে একাংশ সংবাদক তীব্ৰ সমালোচনা কৰিছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পূূৰ্বে এন ভি ৰমনাই । বৈঠকৰ পাছতে একাংশ সংবাদ মাধ্যমত ন্যায়াধীশসকলৰ নামক লৈ একাংশ মনেসজা বাতৰি সম্প্ৰচাৰ কৰা হৈছিল । সেই অনুমান আৰু প্ৰতিবেদনক দুৰ্ভাগ্যজনক আখ্যা দিছিল মুখ্য ন্যায়াধীশে ।

লগতে পঢ়ক : সংবাদকৰ্মীক থিতাতে গাড়ীচালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.