ETV Bharat / bharat

লাক্ষাদ্বীপ এতিয়া গুগল ছাৰ্চৰ কেন্দ্ৰবিন্দু - Lakshadweep search volume

গুগল ছাৰ্চত লাক্ষাদ্বীপৰ ধুমুহা । ভাৰত আৰু মালদ্বীপৰ কূটনৈতিক বিবাদৰ মাজতে লাখ লাখ লোকে গুগলত ছাৰ্চ কৰিছে স্থানীয় পৰ্যটনৰ অন্যতম গন্তব্যস্থান লাক্ষাদ্বীপ । মালদ্বীপৰ পৰিৱৰ্তে লাক্ষাদ্বীপ ভ্ৰমণৰো আহ্বান বিভিন্নজনৰ ।

Google search for Lakshadweep
লাক্ষাদ্বীপ এতিয়া গুগল ছাৰ্চৰ কেন্দ্ৰবিন্দু
author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 6:13 PM IST

নেশ্যনেল ডেস্ক,৮ জানুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ পিচৰে পৰা গুগলত এতিয়া বহু লোকে লাক্ষাদ্বীপ ছাৰ্চ কৰা দেখা গৈছে । যোৱা ২০ বছৰত সৰ্বাধিক লোকে গুগলত লাক্ষাদ্বীপৰ ছাৰ্চ কৰিছে । ভাৰত আৰু মালদ্বীপৰ কূটনৈতিক বিবাদ চলি থকাৰ মাজতে এই ঘটনাবোৰে নিশ্চিতভাৱে ভাৰতীয় পৰ্যটনত বিশেষ প্ৰভাৱ পৰাৰ ইংগিত প্ৰদান কৰিছে ।

উল্লেখ্য যে বছৰৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাক্ষাদ্বীপ ভ্ৰমণ কৰিছিল । সেই সময়ৰ কিছুমান ফটো আৰু ভিডিঅ' তেওঁ সামাজিক মাধ্যমত মুকলি কৰিছিল । তেতিয়াৰে পৰা গুগলত লাক্ষাদ্বীপ ছাৰ্চ কৰা লোকৰ সংখ্যাও বৃদ্ধি হোৱা দেখা গৈছে ।

ইফালে, ভাৰতীয় অনলাইন ট্ৰেভেল প্ৰতিষ্ঠান মেক মাই ট্ৰিপে সোমবাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লাক্ষা দ্বীপপুঞ্জ ভ্ৰমণৰ পিচৰে পৰা সমুদ্ৰ তীৰৰ গন্তব্য স্থান লক্ষদ্বীপৰ বাবে অন-প্লেটফৰ্ম ছাৰ্চ ৩,৪০০ শতাংশ বৃদ্ধি দেখা গৈছে । স্থানীয় ভাৰতীয় সমুদ্ৰ তীৰত সম্ভাব্য পৰ্যটকৰ এই আগ্ৰহে মঞ্চত 'ভাৰতৰ সমুদ্ৰ তীৰ' অভিযান আৰম্ভ কৰিবলৈ উদগনি যোগাইছে । এই অভিযানৰ জৰিয়তে ভাৰতীয় ভ্ৰমণকাৰীসকলক দেশৰ সমুদ্ৰ তীৰ অন্বেষণ কৰিবলৈ উৎসাহিত কৰাৰ বাবে অফাৰ আৰু ৰেহাইও দিয়া হৈছে ।

মেক মাই ট্ৰিপৰ মুখ্য বিপণন আৰু ব্যৱসায় বিষয়া ৰাজ ঋষি সিঙে কয় যে প্ৰতিষ্ঠানটোৱে 'ভাৰতৰ সমুদ্ৰ তীৰ' (Beaches of India) অভিযান আৰম্ভ কৰিছে । এই অভিযানৰ অধীনত পৰ্যটকসকলে ভাৰতৰ আকৰ্ষণীয় সমুদ্ৰতীৰৰ বিষয়ে জানিব পাৰিব । কেনেদৰে ভ্ৰমণ কৰিব, কোনখন ৰাজ্য, কেনেদৰে বুক কৰিব সকলো কথা জানিব পাৰিব । পৰ্যটকসকলক উল্লেখনীয় অফাৰ বা ৰেহাই প্ৰদান কৰাৰ কথাও উল্লেখ কৰিছে প্ৰতিষ্ঠানটোৰ বিষয়াগৰাকীয়ে ।

প্ৰতিষ্ঠানটোৱে সামাজিক মাধ্যমত উল্লেখ কৰিছে যে ভাৰতত ৪৫০ তকৈও অধিক সমুদ্ৰ তীৰ আছে । ভাৰত হৈছে যিকোনো সমুদ্ৰ তীৰ প্ৰেমীৰ বাবে উল্লেখ্যযোগ্য স্থান । প্ৰিয় সমুদ্ৰ তীৰৰ গন্তব্য স্থানবোৰৰ বাবে যথেষ্ট ৰেহাই পাবলৈ মেক মাই ট্ৰিপ ছাৰ্চ কৰিবলৈও আহ্বান জনোৱা হৈছে ।

সামাজিক মাধ্যমক মালদ্বীপ বৰ্জন অভিযান চলি থকাৰ মাজতে ট্ৰেভেল এজেন্সি ইজমাইট্ৰিপে মালদ্বীপলৈ সকলো বিমানৰ বুকিং বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । প্ৰতিষ্ঠানটোৱে লাক্ষাদ্বীপ অভিযানো আৰম্ভ কৰিছে ।

উল্লেখ্য যে শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মালদ্বীপ ভ্ৰমণ কৰিছিল । তেওঁ ভ্ৰমণৰ পাছতে মালদ্বীপৰ কেইবাগৰাকী উপ-মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ অপমানজনক মন্তব্য কৰিছিল । তাৰ পাছতে সামাজিক মাধ্যমত মালদ্বীপ বৰ্জনৰ অভিযান আৰম্ভ হৈছে । বহু ভাৰতীয় ভ্ৰমণকাৰীয়ে তেওঁলোকৰ মালদ্বীপ ভ্ৰমণৰ পৰিকল্পনা বাতিল কৰা বুলিও দাবী কৰিছে । ভাৰত আৰু মালদ্বীপৰ কূটনৈতিক পৰ্যায়ত বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়া লাভ কৰিছে । প্ৰতিক্ৰিয়া স্বৰূপে ইতিমধ্যে মালদ্বীপ চৰকাৰে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে মন্তব্য কৰা উপ-মন্ত্ৰীকেইগৰাকীক নিলম্বনো কৰিছে ।

এনে সময়তে ক্ৰিকেটাৰ, চলচ্চিত্ৰৰ বহু তাৰকা আৰু ভাৰতীয়সকলে স্থানীয় সমুদ্ৰ তীৰৰ গন্তব্যস্থান আৰু অন্যান্য পৰ্যটন স্থলীসমূহৰ প্ৰচাৰৰ সমৰ্থনত ওলাই আহিছে । বিশেষকৈ লাক্ষাদ্বীপৰ সমুদ্ৰ তীৰৰ পৰ্যটনৰ প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ আহ্বানকো দেশবাসীয়ে সমৰ্থন জনাইছে ।

লগতে পঢ়ক :মালদ্বীপলৈ বিমানৰ বুকিং বাতিল EaseMyTripৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.