ETV Bharat / bharat

Successful landing of Chandrayaan-3: গুগলৰ CEO সুন্দৰ পিচাইয়ে অভিনন্দন জনালে ভাৰতীয় বিজ্ঞানীক - ভাৰতীয় মহাকাশ গৱেষণা সংস্থা

চলিত বৰ্ষৰ 14 জুলাইৰ দিনা অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰযান-3 ৷ প্ৰায় ডেৰ মাহৰ পাচত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে চন্দ্ৰযান-3 য়ে ৷ চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-3ৰ বিক্ৰম লেণ্ডাৰে অৱতৰণ কৰাৰ পাচতে বিশ্ববাসীয়ে অভিনন্দ আৰু শুভেচ্ছাৰ বাণীৰে উপচাই পেলায় ভাৰতক ৷

Successful landing of Chandrayaan-3 on Moon
ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ল ভাৰতবাসী
author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 7:36 AM IST

ইন্টানেশ্যলেল ডেস্ক, 24 আগষ্ট : ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ল ভাৰতবাসী ৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO য়ে চন্দ্ৰৰ দক্ষিণ মেৰুত থ’লে ভৰি ৷ চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে ভৰি থোৱা প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ল ভাৰত ৷ ইফালে চন্দ্ৰযান-3 ৰ চন্দ্ৰত অৱতৰণৰ 2 ঘন্টা 26 মিনিটৰ পাচতে চন্দ্ৰযানৰ বিক্ৰমৰ পৰা ওলাই গৈছে ৰ’ভাৰ প্ৰজ্ঞান ৷ প্ৰজ্ঞানে ইতিমধ্যে পঠিয়াইছে কেইবাখনো ফটো ৷

ভাৰতৰ এই সফলতাক সকলোৱে জনাইছে সম্ভাষণ ৷ গুগলৰ CEO সুন্দৰ পিচাইয়েও বুধবাৰে চন্দ্ৰযান-3 ৰ চন্দ্ৰত সফল অৱতৰণ কৰাৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাক অভিনন্দন জনায় ৷ ইয়াক তেওঁ এক অবিশ্বাস্য মুহূৰ্ত বুলি অভিহিত কৰে । বুধবাৰে পিচাইয়ে টুইট কৰি কয়, ‘‘বুধবাৰে চন্দ্ৰযান-3 য়ে চন্দ্ৰত সফলতাৰে অৱতৰণ কৰিছে ৷ অভিনন্দন ভাৰত’’ ৷

  • Chandrayaan-3 Mission:
    Updates:

    The communication link is established between the Ch-3 Lander and MOX-ISTRAC, Bengaluru.

    Here are the images from the Lander Horizontal Velocity Camera taken during the descent. #Chandrayaan_3#Ch3 pic.twitter.com/ctjpxZmbom

    — ISRO (@isro) August 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে ভাৰতৰ এই সফলতাক ইজৰাইল, যুক্তৰাজ্য, ফ্ৰান্স, জাৰ্মানী আৰু অষ্ট্ৰেলিয়াৰ দূতে অভিনন্দন জনাইছে ৷ ইজৰাইলৰ দূত নাওৰ গিলনে (Naor Gilon) ও টুইটযোগে ভাৰত আৰু ISRO ক এই কৃতিত্বৰ বাবে অভিনন্দন জনায় ৷ গিলনে X (পূৰ্বৰ টুইটাৰ)ত কয়, ‘‘মহাকাশ অন্বেষণৰ প্ৰতি ভাৰত সমৰ্পণে আমাক সকলোকে আচৰিত কৰিছে ৷ ভাৰত আৰু বিশ্বৰ বাবে ই এটা ডাঙৰ মুহূৰ্ত ৷ অভিনন্দন ভাৰত’’ ৷

ফ্ৰান্সৰ দূতাবাসে টুইটযোগে কয়, ‘‘ভাৰতৰ জনসাধাৰণক অভিনন্দন জনাইছোঁ ৷ ইতিহাসৰ পাতত খোদি হ’ল ভাৰতৰ নাম ৷ এই ঐতিহাসিক কৃতিত্বৰ জৰিয়তে ভাৰতে মানৱ জাতিৰ মহাকাশ অন্বেষণৰ প্ৰচেষ্টাক লাভান্বিত কৰিব ৷ জাৰ্মানীৰ দূত ফিলিপ একাৰমেনেও ভাৰতৰ বাবে এয়া এক ঐতিহাসিক দিন বুলি অভিহিত কৰি টুইটাৰযোগে অভিনন্দন জনায় তেওঁ কয়, কেৱল ভাৰতৰ বাবেই নহয় এয়া সমগ্ৰ বিশ্বৰ বাবে ঐতিহাসিক দিন ৷

  • Chandrayaan-3 Mission:
    The image captured by the
    Landing Imager Camera
    after the landing.

    It shows a portion of Chandrayaan-3's landing site. Seen also is a leg and its accompanying shadow.

    Chandrayaan-3 chose a relatively flat region on the lunar surface 🙂… pic.twitter.com/xi7RVz5UvW

সকলোৰে জ্ঞাত যে ভাৰত হৈছে চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰা চতুৰ্থখন দেশ ৷ আমেৰিকা, চীন আৰু ৰাছিয়াৰ পিচত ইতিবাসৰ পাতত নিজৰ অভিলেখৰ গাঁথা খোদিত কৰিলে ভাৰতে । ভাৰত এই ঐতিহাসিক ক্ষণৰ সাক্ষী হোৱাৰ বাবে বুধবাৰে দেশৰ প্ৰতিখন বিদ্যালয়, বিজ্ঞান কেন্দ্ৰ, ৰাজহুৱা প্ৰতিষ্ঠানকে ধৰি সকলোতে চন্দ্ৰযান অৱতণৰ বিশেষ মুহূৰ্ত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছিল ।

উল্লেখ্য যে, অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা 14 জুলাইৰ দিনা মহাকাশযানখন উৎক্ষেপণ কৰা হৈছিল ।

লগতে পঢ়ক : India on Moon : ভাৰতৰ সফল চন্দ্ৰ অভিযান; গৌৰৱান্বিত দেশবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.