ETV Bharat / bharat

Goods train ran over workers: ওড়িশাত পুনৰ ৰে’ল দুৰ্ঘটনা; ছয়জন শ্ৰমিকৰ মৃত্যু

author img

By

Published : Jun 7, 2023, 5:35 PM IST

Updated : Jun 7, 2023, 6:24 PM IST

ওড়িশাত পুনৰ ৰে’ল দুৰ্ঘটনা ৷ ৰখাই থোৱা মালবাহী ৰে’ল হঠাৎ গতি কৰাৰ ফলত ছয়জন শ্ৰমিক নিহত আৰু আন তিনিজন আহত হয় (Goods train ran over workers) ৷

Goods train derailed
Goods train derailed

নিউজ ডেস্ক, 7 জুন: বালাচোৰৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ পাচত বুধবাৰে তৃতীয়টো ৰে’ল দুৰ্ঘটনা সংঘটিত হ’ল ওড়িশাত ৷ ৰাজ্যখনৰ জাজপুৰ ৰোড ৰে’ল ষ্টেচনত ৰখাই থোৱা অৱস্থাত গতি কৰে এখন মালবাহী ৰে’লে ৷ এই ঘটনাত ছজন লোক নিহত হোৱাৰ লগতে আহত হয় তিনিজন লোক ৷ জাজপুৰ ৰোড ৰে’লৱে’ ষ্টেচনৰ চুনভাটি প্লটৰ ওচৰত ৰখাই থোৱা হৈছিল মালবাহী ৰে’লখন । কিন্তু হঠাতে ইঞ্জিনটোৱে গতি কৰিবলৈ ধৰে আৰু ৰে’লৰ তলত শুই থকা কেইজনমান শ্ৰমিকসকলৰ ওপৰেৰে ৰে’লখন চলি যায় ৷ ফলত 6 জন শ্ৰমিকৰ থিতাতে মৃত্যু হোৱাৰ লগতে 3 জন শ্ৰমিক গুৰুতৰভাৱে আহত হয় (Goods train ran over workers)।

উল্লেখ্য যে, যোৱা 2 জুনত ওড়িশাৰ বালাছোৰত দুৰ্ঘটনাত পতিত হৈছিল ক’ৰ’মণ্ডল এক্সপ্ৰেছ ৷ লাইনচ্যুত হৈ এখন মালবাহী ৰে’লত খুন্দা মৰাৰ পাচত বিচ্ছিন্ন হৈ পৰে ৰে’লখনৰ কেইবাটাও দবা ৷ ৰে’লখনৰ দুটা দবা উফৰি গৈ আনটো ট্ৰেকত থকা বেংগালুৰু-হাওৰা এক্সপ্ৰেছত খুন্দা মাৰেগৈ ৷ এই ঘটনাত প্ৰায় 288 গৰাকী লোক নিহত হোৱাৰ লগতে আহত হয় অতিকমেও 1175 গৰাকী লোক (Fresh rail accident in Odisha) ৷

এই ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ইতিমধ্যে চিবিআই তদন্ত ঘোষণা কৰিছে ৷ ক’ৰ’মণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হোৱাৰ 20 মিনিট পিচৰ পৰা আৰম্ভ হয় উদ্ধাৰ অভিযান ৷ কেন্দ্ৰীয় ৰেলমন্ত্ৰী বৈষ্ণৱে নিজে উপস্থিত থাকি নিৰীক্ষণ কৰে সমগ্ৰ উদ্ধাৰ অভিযান ৷ ইতিমধ্যে এই ঘটনাত আহত আৰু নিহতৰ পৰিয়াললৈ যাৱতীয় ক্ষতিপূৰণৰ ব্যৱস্থা কৰিছে চৰকাৰে (Balasore train accident) ৷

লগতে পঢ়ক: Odisha train tragedy : বালাছোৰ দুৰ্ঘটনাক লৈ চিবিআইৰ তদন্ত আৰম্ভ

ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ দুৰ্ঘটনাৰ পিচতে যোৱা 5 জুনত পুনৰ ওড়িশাত দুৰ্ঘটনাত পতিত হয় এখন মালবাহী ৰে’ল ৷ চূণশিল কঢ়িয়াই অনা ৰে’লগাড়ীখন লাইনচ্যুত হয় বৰগড়ৰ ভাটলীৰ সমীপত ৷ অৱশ্যে সেই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই (Train accidents in Odisha) ৷

মঙলবাৰে ঝাৰখণ্ডৰ বোকাৰোত ৰে’ল গেটত এখন ট্ৰেক্টৰ খুন্দা মৰাৰ ফলত এক বৃহৎ ৰে’ল দুৰ্ঘটনা ৰোধ কৰা হয় । ৰে’ল বিভাগৰ বিষয়াসকলৰ মতে, ভোজুডিহ ৰে’লৱে ষ্টেচনৰ সমীপত সন্থালডিহ ৰে’লৱে ক্ৰছিঙৰত নতুন দিল্লী-ভুৱনেশ্বৰ ৰাজধানী এক্সপ্ৰেছ (22812 নং ৰে’ল) পাৰ হৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয় (Balasore train accident death teroll) ।

ইফালে মঙলবাৰে ঝাৰখণ্ডৰ বোকাৰোত ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰে ভূৱনেশ্বৰ-দিল্লী ৰাজধানী এক্সপ্ৰেছ ৷ গোমো আৰু আদ্ৰাৰ মাজৰ ভোজুদিহ ৰে’ল শাখাৰ সান্থালডহ ৰে’ল ক্ৰছিঙত এখন ট্ৰলীৰ সৈতে সংঘৰ্ষ হয় ৰাজধানী এক্সপ্ৰেছখনৰ ৷ জানিব পৰা মতে, ৰে’লখন অহাৰ খবৰ থকাৰ পাচতো গেইট বন্ধ কৰোঁতে পলম কৰিছিল দায়িত্বত থকা ব্যক্তিগৰাকীয়ে ৷ ফলত ট্ৰেক্টৰখন পাৰ হ’বলৈ চেষ্টা কৰে যদিও সেইসময়তে ৰে’লখন আহি পায় ৷ অৱশ্যে ৰে’লৰ চালকজনে বুদ্ধিমত্তাৰে ব্ৰেক প্ৰয়োগকৰি ৰে’লখন ৰখাবলৈ সক্ষম হয় ৷ ফলত বহু লোকৰ প্ৰাণ ৰক্ষা পৰে (Balasore train accident news) ৷

Last Updated : Jun 7, 2023, 6:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.