ETV Bharat / bharat

Goods train brake failure in Gaya: গয়াত ব্ৰেক ফেইল হোৱাত লাইনচ্যুত মালবাহী ৰে'ল

author img

By

Published : Oct 26, 2022, 1:40 PM IST

গয়াত ব্ৰেক ফেইল হোৱাৰ বাবে এখন মালবাহী ৰে'ল লাইনচ্যুত হৈছে (Goods Train Derailed at Gaya)। ইয়াৰ ফলত ৫৩ টা ডবা ক্ষতিগ্ৰস্ত হয় । মালবাহী ৰে'লখনত কয়লা ভৰ্তি আছিল । অৱশ্য়ে উক্ত দুৰ্ঘটনাটোত পাইলট আৰু গাৰ্ড সুৰক্ষিত বুলি সদৰি কৰিছে পূব কেন্দ্ৰীয় ৰে'লৱেই ।

Goods train brake failure in Gaya
গয়াত ব্ৰেক বিকল মালবাহী ৰে'ল লাইনচ্যুত

নেশ্য়নেল ডেস্ক, ২৬অক্টোবৰ: বিহাৰৰ গয়াত ব্ৰেক ফেইল হোৱাৰ ফলত এখন মালবাহী ৰে'লৰ ৫৩ টা ডবা লাইনচ্যুত হয় (Goods Train Derailed due to brake Failure in Gaya) । ইয়াৰ ফলত ৰে'লখন ক্ষতিগ্ৰস্ত হৈছে । মালবাহী ৰেলখন হাজৰিবাগ চহৰৰ পৰা ৰাষ্ট্ৰীয় তাপ বিদ্যুৎ নিগম দাদৰীলৈ (National Thermal Power Corporation Dadri) গৈ থাকোতেই দুৰ্ঘটনাটো সংঘটিত হয় (Goods Train Break Failed in Gaya)। পূব কেন্দ্ৰীয় ৰে'লৱেই (East Central Railway) এক বিবৃতিত কয় যে আজি পুৱা ৬:২৪ বজাত লাইনচ্যুত হোৱাৰ ফলত উজনি আৰু নামনি লাইনত ৰে'লৰ চলাচল ব্যাহত হৈছে ।

গয়া জিলাৰ গুৰপা ষ্টেচনৰ (Gurpa station in Gaya district) সমীপত এই মালবাহী ৰে'লখন লাইনচ্যুত হৈছে । উক্ত ঘটনাটো সংঘটিত হোৱাৰ পিছত গয়া ৰে'ল ষ্টেচনৰ পৰা সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় । ৰে'লখনত কয়লা বোজাই দি যাত্ৰা কৰাৰ পিছত ব্ৰেক ফেইল হোৱা বুলি সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে উল্লেখ কৰিছে (Goods Train Derailed in Gaya) ।

পূব কেন্দ্ৰীয় ৰে'লৱেই সদৰি কৰা মতে, ৰেলখনৰ পাইলট আৰু গাৰ্ডৰ কোনো ক্ষতি হোৱা নাই । ৰে'ল বিষয়া, টেকনিচিয়ান, ৰে'ল আৰক্ষী আৰু অন্যান্য বিভাগৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ এই বিষয়ত তদন্ত আৰম্ভ কৰিছে । ৰে'লখন লাইনচ্যুত হোৱাৰ ফলত আন কেইবাখনো ৰে'লৰ চলাচলৰ সময়সূচীৰ সাল-সলনি কৰা হৈছে ।

ইপিনে,গয়া ৰে'ল ষ্টেচনৰ মেনেজাৰ (Managea of Gaya railway station) উমেশ কুমাৰে এই সন্দৰ্ভত কয় যে ঘটনাটো বুধবাৰে পুৱা সংঘটিত হোৱাৰ পিচতেই মেৰামতিৰ বাবে এটা দল ঘটনাস্থলীত উপস্থিত হৈছে । মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতহে ৰে'লৰ চলাচল পুনৰ আৰম্ভ আৰম্ভ কৰা হ'ব বুলি তেওঁ কয় । উল্লেখ্য় যে মালবাহী ৰে'লখনৰ ৫৮ টা ডবাৰ ভিতৰত ৫৩ টা ডবাই লাইনচ্যুত হৈছে (53 Coaches of Goods Train Damaged AT Gaya) ।

লগতে পঢ়ক:Gold ETF: ডিজিটেল সোণৰ এক্সেচেঞ্জ ফাণ্ডে সোণৰ বিনিয়োগ বৃদ্ধিবৃ কৰিছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.