ETV Bharat / bharat

Good governance day : প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক সোঁৱৰণ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ - President pays tribute to Atal Bihari Vajpayee

৯৮ সংখ্যক জন্ম জয়ন্তীত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক দেশবাসীয়ে স্মৰণ কৰিছে (Atal Bihari Vajpayee birth anniversary)। বাজপেয়ীৰ সমাধিস্থলী 'সদেৱ অটল'ত ৰাষ্ট্ৰপতি দ্ৰৌপাদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁৰ জন্ম জয়ন্তীক দেশবাসীয়ে সুশাসন দিৱস হিচাপে পালন কৰিছে ।

Good governance day
বাজপেয়ীক ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
author img

By

Published : Dec 25, 2022, 11:03 AM IST

নেশ্যনেল ডেস্ক, ২৫ ডিচেম্বৰ : আজি প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৮ সংখ্যক জন্ম জয়ন্তী (Atal Bihari Vajpayee birth anniversary)। দেশবাসীয়ে সুঁৱৰিছে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক । জন্ম জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপাদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নেতাগৰাকীক স্মৰণ কৰে ৷ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি দেওবাৰে পুৱাই বাজপেয়ীৰ সমাধিস্থলী 'সদেৱ অটল'ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi pays tribute to Atal Bihari Vajpayee) উপস্থিত হৈ নেতাগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে ।

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰেও শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে । অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, নিৰ্মলা সীতাৰমণ আৰু হৰদীপ সিং পুৰীও উপস্থিত থাকে । ইফালে পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

টুইটত প্ৰধানমন্ত্ৰীয়ে লিখিছে,"অটলজীৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ । ভাৰতলৈ তেওঁৰ অৱদান অচ্যুত । তেওঁৰ নেতৃত্ব আৰু দৃষ্টিভংগীয়ে লাখ লাখ লোকক অনুপ্ৰাণিত কৰে ।" ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ শাসনত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তীত ভাৰতে সুশাসন দিৱস হিচাপে উদযাপন কৰে । ২০১৮ চনত ৯৩ বছৰ বয়সত তেওঁৰ মৃত্যু হৈছিল ।

জানিব পৰা মতে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তীত প্ৰতিখন ৰাজ্যতে বিজেপি দলে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে । দলীয় কাৰ্যালয়ত নেতা-কৰ্মীসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক স্মৰণ কৰিছে (Tributes to former PM Atal Bihari Vajpayee)।

উল্লেখ্য যে অটল বিহাৰী বাজপেয়ী ভাৰতৰ সফল প্ৰধানমন্ত্ৰীবোৰৰ ভিতৰত অন্যতম বুলি কোৱা হয় । তেওঁ যিধৰণে প্ৰভাৱশালী আছিল জনতাৰ হৃদয়টো তেওঁৰ এক বিশেষ স্থান আছে । যাৰ বাবে আজি দেশবাসীয়ে তেওঁক সুঁৱৰিছে । কেৱল বিজেপি দল বা দলৰ নেতা-কৰ্মীয়েই নহয় সমগ্ৰ দেশতে তেওঁৰ জন্ম জয়ন্তী উদযাপন কৰা হৈছে । তেওঁৰ অনুৰাগীসকলে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে সুশাসন দিৱস পালন কৰিছে (Good governance day in India)।

একে সময়তে, অটল জয়ন্তী উপলক্ষে উত্তৰ প্ৰদেশ চৰকাৰে 'সংকল্প অটল, হৰ ঘৰ নল কা জল' অভিযানৰ অধীনত ৰাজ্যখনৰ ৯৮০০০ ঘৰত 'পানীৰ টেপ সংযোগ' কাৰ্যসূচী হাতত লৈছে । মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ ৯৮ সংখ্যক জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।

উল্লেখ্য যে অটল বিহাৰী বাজপেয়ীৰ জন্ম ১৯২৪ চনৰ ২৫ ডিচেম্বৰত গোৱালিয়ৰত হৈছিল । তেওঁ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু কাৰাগাৰলৈও গৈছিল । তেওঁ গোৱালিয়ৰৰ পৰা স্কুলীয়া আৰু কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল ।

লগতে পঢ়ক :Azamgarh Manduri Airport controversy : আৰক্ষীয়ে কিয় আটক কৰিলে মেগছেছে বঁটা বিজয়ী ড০ সন্দীপ পাণ্ডেক ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.