ETV Bharat / bharat

MP Brij Bhushan:নিজকে শ্বাহজাহানৰ সৈতে তুলনা সাংসদ ব্ৰীজ ভূষণ সিঙৰ - শ্বাহজাহান

গোণ্ডাত, সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙে স্বাধীনতা দিৱস উপলক্ষে তিৰংগা যাত্ৰা উলিয়ায় । ইয়াৰ পিচত, তেওঁ উপস্থিত সকলোকে সম্বোধন কৰে । এই সময়ছোৱাত, তেওঁ নিজকে শ্বাহজাহানৰ সৈতে তুলনা কৰে । কয় তেওঁ তাজমহল সাজিলে, মই নন্দিনী নগৰ সাজিলোঁ ৷

MP Brij Bhushan
সাংসদ ব্ৰীজ ভূষণ সিং
author img

By

Published : Aug 15, 2023, 10:57 PM IST

নেশ্যনেল ডেস্ক, 15 আগষ্ট : স্বাধীনতা দিৱসত বিজেপি সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙৰ নেতৃত্বত তিৰংগা যাত্ৰা উলিওৱা হয় । সমবেত লোকসকলক সম্বোধন কৰি সাংসদগৰাকীয়ে নিজকে শ্বাহজাহানৰ সৈতে তুলনা কৰি কয় যে বিশ্বত মাত্ৰ দুজন প্ৰেমিকৰ জন্ম হৈছে, এজন শ্বাহজাহান আৰু আনজন হৈছে ব্ৰীজ ভূষণ । শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল, মই নন্দিনী নগৰ নিৰ্মাণ কৰিলো । সাংসদজনে লগতে আৰু কৈছিল যে দেশ বিভাজনৰ বাবে জৱাহৰলাল নেহৰুহে দায়বদ্ধ । তেওঁৰ ভুল নীতিৰ বাবেই জয় কৰা এলেকাও হাতৰ পৰা ঘুৰি গৈছিল ।

MP Brij Bhushan
সাংসদ ব্ৰীজ ভূষণ সিং

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সাংসদজনে তেওঁৰ পৈতৃক বাসগৃহ বিষ্ণোহৰপুৰৰ পৰা নৱাবগঞ্জৰ নন্দিনী নগৰলৈ তিৰংগা যাত্ৰা উলিয়াইছিল । ইয়াৰ পিচতে তেওঁ প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰশংসা কৰে । "বিজেপিয়ে কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰাই দিছিল । বিজেপিক এনে শক্তি দিয়াৰ বাবে জনসাধাৰণৰ প্ৰতি কৃতজ্ঞ" । এই সময়ছোৱাত সাংসদগৰাকীয়ে নিজকে শ্বাহজাহানৰ সৈতে তুলনা কৰি কয় যে এই পৃথিৱীত মাত্ৰ দুজন প্ৰেমিকৰ জন্ম হৈছে । এজন শ্বাহজাহান আৰু আনজন হৈছে ব্ৰীজ ভূষণ সিং । শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল আৰু মই নন্দিনী নগৰ নিৰ্মাণ কৰিলো ।

সাংসদজনে নন্দিনী নগৰ নামটো ক’ৰ পৰা আহিছিল তাৰ কথা উল্লেখ কৰিছিল । কিছুমান লোকৰ মাজত আলোচনা হৈছিল যে নন্দিনী ব্ৰীজ ভূষণৰ মাতৃৰ নাম, কিছুমানে কৈছিল জীয়েকৰ নাম আৰু কিছুমানে কৈছিল যে এইটো তেওঁৰ প্ৰেমিকাৰ নাম । সাংসদজনে দেশ বিভাজনৰ বাবে জৱাহৰলাল নেহৰুক দোষাৰোপ কৰিছিল আৰু কৈছিল যে তেওঁৰ ভুল নীতিৰ বাবেই দেশখন বিভক্ত হৈছিল । তেওঁ কৈছিল ‘যেতিয়া পাকিস্তানে ভাৰতৰ সৈতে যুদ্ধ কৰিছিল, নেহৰুৱে বিজয়ী অঞ্চলটো ঘূৰাই দিছিল । বিদেশী নিৰাপত্তা উপদেষ্টাৰ নিৰ্দেশত, সেনা প্ৰত্যাহাৰ কৰিছিল । বিজয়ী ভূমিও বিনামূলীয়াকৈ ঘূৰাই দিছিল’ । সাংসদজনে প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহক প্ৰশংসা কৰি কয় যে মোদীজী আৰু অমিত শ্বাহে অনুচ্ছেদ ৩৭০ বাতিল কৰি এক মহান কাম কৰিছিল ।

লগতে পঢ়ক : Mathura building collapse: পুৰণি অট্টালিকা খহি মথুৰাত 5 জনৰ মৃত্যু; আহত কেইবাজনো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.