ETV Bharat / bharat

কিমান হ্ৰাস হ’ল সোণৰ মূল্য ?

author img

By

Published : Jul 7, 2021, 10:57 PM IST

একেটা নিশাৰ ভিতৰতে বিশ্বজুৰি হ্ৰাস পালে সোণ-ৰূপৰ মূল্য । এইচ ডি এফ চি(HDFC) ছিকিউৰিটিজৰ মতে, দিল্লীত বুধবাৰে প্ৰতি ১০ গ্ৰাম সোণৰ মূল্যত ২৯ টকা হ্ৰাস পাইছে । বৰ্তমান প্ৰতি ১০ গ্ৰাম সোণৰ নতুন মূল্য হৈছে ৪৬,৯০৩ টকা । একেদৰে প্ৰতি কেজি ৰূপৰ মূল্য ৬৮,৫৬০ টকালৈ হ্ৰাস পাইছে ।

Gold price dipped marginally to Rs 46,903 per 10 gram
প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৪৬,৯০৩ টকালৈ হ্ৰাস

নেশ্যনেল ডেস্ক, ৭ জুলাই: হ্ৰাস পালে সোণৰ মূল্য । মঙলবাৰে নিশাটোৰ ভিতৰতে আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস পালে সোণ-ৰূপৰ মূল্য । এইচ ডি এফ চি(HDFC) ছিকিউৰিটিজৰ মতে, ৰাজধানী দিল্লীত বুধবাৰে প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৪৬,৯০৩ টকালৈ হ্ৰাস পাইছে । প্ৰতি ১০ গ্ৰাম সোণৰ মূল্যত ২৯ টকাকৈ হ্ৰাস পাইছে । পূৰ্বে ১০ গ্ৰাম সোণৰ মূল্য ৪৬,৯৩২ টকা আছিল ।

আনহাতে, প্ৰতি কেজি ৰূপত ৭৬২ টকাকৈ হ্ৰাস পাইছে । এতিয়া প্ৰতি কেজি ৰূপৰ মূল্য হৈছে ৬৮,৫৬০ টকা । পূৰ্বে প্ৰতি কেজি ৰূপৰ মূল্য আছিল ৬৯,৩২২ টকা । আন্তৰ্জাতিক বজাৰত সোণৰ মূল্য প্ৰতি আউন্সত ১,৮০৫ মাৰ্কিন ডলাৰ ।

ইফালে, প্ৰতি আউন্স ৰূপৰ মূল্য ২৬.৩৩ মাৰ্কিন ডলাৰ । এইচ ডি এফ চি(HDFC) ছিকিউৰিটিজৰ জ্যেষ্ঠ বিশ্লেষক তপন পেটেলৰ মতে, সোণৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস পাইছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰৰ উৎপাদন হ্ৰাস পাইছে ।

আনহাতে, যোৱা ২৬ জুনত দিল্লীত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য আছিল ৪৬,৩০৯ টকা । প্ৰতি কেজি ৰূপৰ মূল্য আছিল ৬৭,২৪৮ টকা । ইয়াৰ পাছত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৪৬,৯৩২ টকালৈ বৃদ্ধি পায় । ইফালে, প্ৰতি কেজি ৰূপৰ মূল্য ৬৯,৩২২ টকা হয়গৈ ।

বিগত সময়ছোৱাত দুবাৰ সোণৰ মূল্য হ্ৰাস পাইছে । আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণ-ৰূপৰ মূল্য হ্ৰাস হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় ৰাজধানীতো হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য ।

লগতে পঢ়ক:মোডীৰ মন্ত্ৰীসভাত ২১ খন নতুন মুখ : আধিপত্য বিস্তাৰ কৰিব বিহাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.