ETV Bharat / bharat

হিমন্ত বিশ্ব শৰ্মাৰ সভাত অঘটন: তেলেংগানাৰ মুখ্য সচিবৰ পৰা প্ৰতিবেদন বিচাৰিলে গৃহ মন্ত্ৰণালয়ে

author img

By

Published : Sep 11, 2022, 1:22 PM IST

হায়দৰাবাদৰ ঘটনা সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কেন্দ্ৰীয় চৰকাৰৰ(Central govt concerned over Hyderabad incident) ৷ তাৎক্ষণিক প্ৰতিবেদন বিচাৰি কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাৰ পত্ৰ প্ৰেৰণ তেলেংগানা চৰকাৰলৈ ৷

GoI seeking report from Telengana govt on Himanta attack
হায়দৰাবাদ ঘটনা সন্দৰ্ভত উদ্বিগ্ন কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়

নিউজ ডেস্ক,11 ছেপ্টেম্বৰ: অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে হায়দৰাবাদত অংশগ্ৰহণ কৰিছিল গণেশ শোভাযাত্ৰাৰ এক কাৰ্যসূচীত (Himanta Biswa Sarma programme in Hyderabad)৷ কিন্তু সভাখন অনুষ্ঠিত হৈ থকাৰ মাজতে সৃষ্টি হয় এক অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷ ভাষণৰত অৱস্থাতে মাইক কাঢ়ি নিবলৈ চেষ্টা কৰা হ'ল মুখ্যমন্ত্ৰীগৰাকীৰ হাতৰ পৰা ৷ জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত হায়দৰাবাদত অনুষ্ঠিত হোৱা সভাখনত এই অবাঞ্চিত ঘটনাটো সংঘটিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীৰ সুৰক্ষাৰ দিশটোক লৈ বিভিন্ন প্ৰশ্নৰ উত্থাপন হয় ৷

তেলেংগানাৰ শাসকীয় দল তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ (TRS) নন্দ কিশোৰ ব্যাস নামৰ এগৰাকী ব্যক্তিয়ে (Telangana Rashtra Samith) তেলেংগনাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাও সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আপত্তিজনক মন্তব্য আগবঢ়োৱাৰ বাবে মাইক কাঢ়ি লৈ আনে বুলি সংবাদ মাধ্যমৰ আগত স্বীকাৰেক্তি দিয়ে(Man tried snatch mike in Assam CM meeting) ৷ বিশেষকৈ ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰি ৰাজনীতিৰ চৰ্চা কৰাটো অনুচিত বুলি ব্যাসে কয়(Ganesh immersion in Hyderabad) ৷ পৰৱৰ্তী সময়ত নিৰাপত্তাৰক্ষীয়ে লোকজনক আটক কৰি উক্ত স্থানৰ পৰা লৈ যায় ৷

ধৰ্মীয় অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰিত হোৱা অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে সংঘটিত ঘটনাটো সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰেও ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে তেলেংগানা চৰকাৰৰ সৈতে যোগাযোগ কৰিছে ৷

তদুপৰি, সমগ্ৰ ঘটনাটোৰ তাৎক্ষণিক প্ৰতিবেদন বিচাৰি কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই তেলেংগানাৰ মুখ্য সচিব সোমেশ কুমাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে(Union Home Secretary) ৷ গণেশ চতুৰ্থী(Ganesh immersion in Hyderabad) উপলক্ষে অনুষ্ঠিত উক্ত অনুষ্ঠানটিত অঘটনটো সংঘটিত হোৱাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীৰ সুৰক্ষা ব্যৱস্থাটোত কৰবাত ত্ৰুটি ৰৈ গৈছিল নেকি বুলিও ৰাজনৈতিক মহলত প্ৰশ্নৰ অৱতাৰণা হৈছে ৷

লগতে পঢ়ক: আজি অন্তিমটো নিযুক্তি পৰীক্ষা: কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্দ্ধত জাৰি ১৪৪ ধাৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.