নিউজ ডেস্ক, ২ জানুৱাৰী : এগৰাকী ১৭ বছৰীয়া কিশোৰী । এখন প্ৰান্তীয় গাঁৱৰ এটা দৰিদ্ৰ জনজাতীয় পৰিয়ালৰ তেওঁ সদস্য । তেওঁ অধ্যয়নত মেধা সম্পন্ন হোৱাৰ লগতে পৰ্বত আৰোহণৰ প্ৰতিও এক আগ্ৰহ গঢ়ি উঠে । কিন্তু তেওঁৰ মতে সেয়া অভিনৱভাৱে কৰা উচিত, যাতে বহু লোকে সেয়া জানিব পাৰে । সেয়ে তেওঁ সকলোকে অনুপ্ৰাণিত কৰিবলৈ আগবাঢ়ি আহিছে । আনকি তেওঁ এই ক্ষেত্ৰত বাধাৰ সন্মুখীন হোৱাৰ পিছতো আত্মবিশ্বাসেৰে সফলতা অৰ্জন কৰি আছে । লগতে প্ৰমাণ কৰিছে যে যদি কোনো কামত দৃঢ়তাৰে আগবাঢ়ি যোৱা যায়, তেন্তে একোৱেই তাত বাধা প্ৰদান কৰিব নোৱাৰে ।
তেওঁ হৈছে বানোথ ভেনেলা । তেলেংগানাৰ কামাৰেড্ডী জিলাৰ মাচাৰেড্ডীৰ এটা দৰিদ্ৰ জনজাতীয় পৰিয়ালত জন্ম তেওঁৰ । সৰুতেই তেওঁ পিতৃহাৰা হয় । ফলত মাতৃ ভূলিয়ে শ্ৰমিক হিচাপে কাম কৰি তেওঁৰ চাৰিটা সন্তানক ডাঙৰ-দীঘল কৰে । ভেনেলাই কামাৰেড্ডীৰ এখন ব্যক্তিগত কনিষ্ঠ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিকত অধ্যয়ন কৰি আছে । সৰুৰে পৰা দুঃসাহসিক অভিযানৰ প্ৰতি থকা প্ৰেমৰ বাবেই তেওঁ সমাজৰ বাবে কিবা এক দুঃসাহসিক কাম কৰাৰ কথা ভাবিছিল ।
আৰম্ভণিৰে পৰাই ভেনেলাৰ পৰ্বত আৰোহণৰ প্ৰতি এক প্ৰেম গঢ়ি উঠিছিল । সেইটোৱেই হৈছে তেওঁৰ লক্ষ্য । তেওঁৰ সকলো পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছত কিলিমাঞ্জাৰো আৰোহণ কৰাৰ সুযোগ পাইছিল । কিন্তু পৰ্বত আৰোহণ কৰিবলৈ ৩ লাখলৈকে খৰচ হ'ব বুলি জানি তেওঁ পিছুৱাই আহিবলগা হয় । দৰিদ্ৰতা ভেনেলাৰ সপোন পূৰণৰ দিশত এক বাধা হৈ পৰে । কিন্তু ভেনেলাৰ অধ্যৱসায়ত আপ্লুত হৈ বহুতে তেওঁক বৰঙনি আগবঢ়াই কিলিমাঞ্জাৰো বগাবলৈ সহায় কৰে ।
পৰ্বত আৰোহণৰ লগতে ভেনেলাৰ চাইকেল চলোৱাতো চখ আছে । সামাজিক সমস্যাবোৰৰ বিষয়ত তেওঁ দীঘলীয়া দূৰত্বৰ চাইক্লিঙত অংশগ্ৰহণ কৰিছে । তেওঁ কাৰ্গিলৰ পৰা কন্যাকুমাৰীলৈ চাইকেল চলোৱা যাত্ৰাৰ বিষয়ে শুনিছিল । তাত তেওঁ অংশগ্ৰহণ কৰাৰ ইচ্ছা আছিল যদিও আৰ্থিক অসুবিধাৰ বাবে সহায়ৰ হাতৰ বাবে অপেক্ষা কৰিবলগা হয় । এই সন্দৰ্ভত তেওঁ চিবিআইৰ প্ৰাক্তন যুটীয়া সঞ্চালক লক্ষ্মীনাৰায়ণৰ দ্বাৰা প্ৰতিষ্ঠা কৰা জেডি ফাউণ্ডেচনৰ বিষয়ে জানিব পাৰে আৰু তালৈ তেওঁৰ প্ৰস্তাৱ প্ৰেৰণ কৰে ।
ভেনেলাৰ আৰ্থিক অৱস্থাৰ বিষয়ে জানিব পৰা চিবিআইৰ প্ৰাক্তন যুটীয়া সঞ্চালক লক্ষ্মীনাৰায়ণে তেওঁক উৎসাহিত কৰিবলৈ ৭০ হাজাৰ টকাৰ এখন চাইকেল ক্ৰয় কৰি দিয়ে । আনহাতে, হায়দৰাবাদ চাইক্লিং গ্ৰুপৰ প্ৰতিষ্ঠাপক ৰবীন্দ্ৰৰ নিৰ্দেশনাত তেওঁক ৬ মাহৰ বাবে বিশেষ প্ৰশিক্ষণ দিয়া হয় । যাৰ বাবে তেওঁ বিগত বছৰ ২১ নৱেম্বৰত আৰম্ভ হোৱা চাইকেল ভ্ৰমণত সফলতাৰে অংশগ্ৰহণ কৰে আৰু ২৩ দিনত ৩৮০০ কিলোমিটাৰ অতিক্ৰম কৰে । উক্ত ভ্ৰমণত ১৩ গৰাকী আৰোহীৰ ভিতৰত ভেনেলাই আছিল আটাইতকৈ কম বয়সীয়া ।
উল্লেখ্য যে ভেনেলাই পৃথিৱীৰ ৭ খন সৰ্বোচ্চ পৰ্বত আৰোহণৰ লক্ষ্য ৰাখিছে । কিলিমাঞ্জাৰো আৰোহণ কৰি প্ৰথম পদক্ষেপটো সম্পূৰ্ণ কৰাৰ পিছত ভেনেলাই বাকী পৰ্বতবোৰ আৰোহণ কৰিবলৈ সংকল্পবদ্ধ হৈছে । কিন্তু আৰ্থিক সমস্যাই তেওঁৰ বাটত বাধাৰ প্ৰাচীৰ ৰূপে থিয় দি আছে । ভেনেলাই কয় যে যদি চৰকাৰে তেওঁক সহায় কৰে তেন্তে তেওঁৰ আকাংক্ষিত লক্ষ্যত উপনীত হ'ব পাৰিব । ভেনেলাই কয় যে তেওঁ ৰাজ্য তথা দেশলৈ সুনাম আৰু খ্যাতি আনিব বিচাৰে ।