ETV Bharat / bharat

প্ৰতিগৰাকী ছোৱালীৰ সুৰক্ষাৰ বাবে একোজনকৈ আৰক্ষী নিয়োজিত কৰিব নোৱাৰি: গোবিন্দ গৌড়ে

author img

By

Published : Jul 30, 2021, 10:12 PM IST

গোৱা(Goa)ৰ সাগৰৰ পাৰত দুগৰাকী কিশোৰী ধৰ্ষণৰ বলি হোৱাক লৈ মুখ্যমন্ত্ৰী প্ৰমোদ শাৱন্ত(Pramod Sawant)ক তীব্ৰ সমালোচনা কৰিছে বিৰোধীয়ে । এই সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোৱাৰ কলা আৰু সংস্কৃতি মন্ত্ৰী গোবিন্দ গৌড়ে(Govind Gaude) । তেওঁ কয় যে, প্ৰতিগৰাকী ছোৱালীৰ সুৰক্ষাৰ বাবে একোজনকৈ আৰক্ষী নিয়োজিত কৰিব নোৱাৰি ।

Goa minister Govind Gaude reaction on gang rape
গোৱাৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত মন্ত্ৰী গোবিন্দ গৌড়েৰ প্ৰতিক্ৰিয়া

নেশ্যনেল ডেস্ক, ৩০ জুলাই: দুগৰাকী কিশোৰীৰ ধৰ্ষণক লৈ গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে(Pramod Sawant) কৰা মন্তব্যক লৈ সম্প্ৰতি বিৰোধীয়ে সমালোচনা কৰা আৰম্ভ কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে কিশোৰী দুগৰাকীৰ অভিভাৱকক দোষাৰোপ কৰিছিল । মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থ হোৱাৰ অভিযোগ তুলিছে বিৰোধী দলৰ নেতাই । শুকুৰবাৰে ৰাজ্যিক বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী গোবিন্দ গৌড়েয়ে কয় যে, প্ৰতিগৰাকী ছোৱালীৰ সুৰক্ষাৰ বাবে একোজনকৈ আৰক্ষী নিয়োজিত কৰিব নোৱাৰি ।

তেওঁ কয় যে, বিৰোধীয়ে কোৱাৰ দৰে সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ হ'লে প্ৰতিগৰাকী ব্যক্তি, প্ৰতিজনী ছোৱালীৰ সুৰক্ষাৰ বাবে পৃথকে পৃথকে একোজনকৈ আৰক্ষী জোৱান নিয়োজিত কৰিব লাগিব । ইয়াৰ বাবে কিমান আৰক্ষী নিয়োগ কৰিব লাগিব বুলিও তেওঁ বিৰোধীক উভতি প্ৰশ্ন কৰে । তেওঁ কয় যে, চৰকাৰে নিজৰ দায়িত্ব পালন কৰিয়েই আছে, ৰাইজৰ সুৰক্ষাৰ ব্যৱস্থা কৰিছে । চৰকাৰ জনসাধাৰণৰ ওচৰত সদায় আছে ।

বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰক সমৰ্থন কৰা একমাত্ৰ নিৰ্দলীয় বিধায়ক গৌড়ে লগতে কয় যে, কিশোৰী এগৰাকীৰ সুৰক্ষাৰ দায়িত্ব কেৱল চৰকাৰৰে নহয় পিতৃ-মাতৃৰো । মুখ্যমন্ত্ৰীৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে, শিশুসকল ক'ত আছে সেই বিষয়ে জনাটো অভিভাৱকৰ দায়িত্ব । ইয়াৰ অৰ্থ এইটো নহয় যে, চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু দায়িত্ব লোৱাৰ পৰা আঁতৰি ফুৰিছে ।

মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এই বিষয়ে স্পষ্ট কৰি দিছে বুলিও তেওঁ মন্তব্য কৰে । মন্ত্ৰীগৰাকীয়ে কয় যে, শিশুসকলৰ সৰু সৰু কথাবোৰ পিতৃ-মাতৃয়ে গুৰুত্ব দিব লাগে । শিশু ক'লৈ গৈছে, শিশুৱে ওলাই যোৱাৰ আগতে অনুমতি লৈছে নে নাই, তেওঁলোকে কাৰ ঘৰত আছে এই সকলোবোৰ অভিভাৱকে জনা উচিত বুলি তেওঁ মন্তব্য কৰে । তেওঁ কয় যে, সুৰক্ষাজনিত দিশটোৰ ওপৰত চৰকাৰেও গুৰুত্ব দিব লাগিব ।

আনহাতে ধৰ্ষণ কাণ্ডক লৈ বুধবাৰে অভিভাৱকক উদ্দেশ্যি কৰা মন্তব্যৰ বাবে বিৰোধীয়ে মুখ্যমন্ত্ৰীক ক্ষমা বিচাৰিবলৈ দাবী জনাইছিল । বুধবাৰে,বৰ্ষাকালীন অধিৱেশনৰ সময়ত এক আলোচনাত সাৱন্তে কয় যে, অভিভাৱকসকলে আন্ধাৰ হোৱাৰ পিছত নিজৰ শিশুক সমুদ্ৰ তীৰত সময় কটাবলৈ যাবলৈ অনুমতি দিলেও তেওঁলোকে নিজে দায়িত্ব লোৱা উচিত । উল্লেখ্য যে, যোৱা ২৪ জুলাই ১০ গৰাকী কিশোৰ-কিশোৰীয়ে সাগৰৰ পাৰত পাৰ্টী কৰিবলৈ গৈছিল । ১০ জনৰ ভিতৰত, ৬ জন ঘৰলৈ উভতি আহিছিল ।

বাকী চাৰিগৰাকীৰ ভিতৰত দুজন ল'ৰা আৰু দুগৰাকী কিশোৰী আছিল আৰু তেওঁলোকে ওৰে নিশা কলভা সমুদ্ৰ তীৰত আছিল । উক্ত নিশাই দুয়ো ধৰ্ষণৰ বলি হয় । সাৱন্তে কৈছিল যে, যেতিয়া এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে সমুদ্ৰ তীৰত নিশা কটায়, তেনে ক্ষেত্ৰত পিতৃ-মাতৃয়ে তেওঁলোকৰ বিষয়ে জনা উচিত । ইফালে, কিশোৰী দুগৰাকীৰ ধৰ্ষণৰ ঘটনা সন্দৰ্ভত এজন চৰকাৰী কৰ্মচাৰীসহ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক:ৰামদেৱৰ কৰ'নিল সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.