ETV Bharat / bharat

Girlfriend sitting at door of lover house: চাৰিবছৰীয়া প্ৰেমক প্ৰতাৰণা কৰাৰ অভিযোগ প্ৰেমিকৰ বিৰুদ্ধে - চাৰিবছৰীয়া প্ৰেমক প্ৰতাৰণা কৰাৰ অভিযোগ

আকোৰগোজ প্ৰেমিকা ৷ প্ৰেমিকৰ সৈতে বিয়াত বহিবলৈ একপ্ৰকাৰে প্ৰতিজ্ঞাবদ্ধ প্ৰেমিকা ৷ আনকি প্ৰেমিকৰ সৈতে যেতিয়ালৈকে প্ৰেমিকাৰ বিয়া নহয়, তেতিয়ালৈকে প্ৰেমিকৰ ঘৰৰ সন্মুখত বহি থকাৰ পণ প্ৰেমিকাৰ (Girlfriend sitting at door of lover house)৷ ঘটনাৰ স্থান ঝাৰখণ্ডৰ ৷

Girlfriend sitting at door of lover house
প্ৰমিকে প্ৰমিকাক কৰিলে প্ৰতাৰণা !
author img

By

Published : Jan 20, 2023, 11:18 AM IST

প্ৰমিকে প্ৰমিকাক কৰিলে প্ৰতাৰণা !

নেশ্যনেল ডেস্ক, 20 জানুৱাৰী : এফালে হাঁড় কঁপোৱা শীত ৷ ঘৰৰ পৰা মানুহ ওলাব নোৱাৰা অৱস্থা হৈছে ৷ গৰম কাপোৰ, জুইৰ তাপেও যেন কাম দিয়া নাই ৷ এনে সময়তে প্ৰেমিকক পাবলৈ এই মৰ ঠাণ্ডাতো দুদিন ধৰি প্ৰেমিকৰ ঘৰৰ দুৱাৰমুখত বহি থাকিল এগৰাকী প্ৰেমিকা ।

কিন্তু প্ৰেমিকাক লগ কৰিবলৈহে নাহিল প্ৰেমিক উত্তম ৷ আনকি প্ৰেমিক উত্তমে প্ৰেমিকাক ফোনত ব্লক কৰি থোৱাৰো অভিযোগ উত্থাপিত কৰিছে প্ৰেমিকাগৰাকীয়ে (Girlfriend sitting at door of lover house) ৷

চাৰি বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক চলি আছিল :

ঝাৰখণ্ডৰ ৰাজগঞ্জ থানাৰ অন্তৰ্গত মহেশপুৰ গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে উত্তম নামৰ এজন যুৱকৰ সৈতে এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল ৷ পৰৱৰ্তী সময়ত বন্ধুত্বৰ এই সম্পৰ্কই প্ৰেমৰ ৰূপ লৈছিল ৷ প্ৰায় চাৰিটা বছৰ ধৰি চলা এই প্ৰেমৰ সম্পৰ্কৰ কথা দুয়োৰে ঘৰতো গম পাইছিল ৷ ইমানলৈকে সকলো ঠিকেই আছিল ৷ সময়ৰ গতিত এই সম্পৰ্ক আৰু বেছি গাঢ় হ’বলৈ ধৰিলে ৷

প্ৰেমিক উত্তমে প্ৰেয়সীৰ ঘৰলৈ গৈছিল :

এদিন উত্তমে প্ৰেমিকাৰ ঘৰলৈ গৈ তেওঁলোকৰ বিবাহৰ বিষয়ে কথা পাতিছিল ৷ আনকি পৰিয়ালৰ লোকক সাক্ষী কৰি উত্তমে কৈছিল, ‘‘মই কেৱল তোমাক বিয়া কৰাম’’ ৷ কিন্তু লাহে লাহে বিয়াৰ কথা আহিলে উত্তমে বিয়াৰ কথাৰ পৰা ফালৰি কাটিবলৈ ধৰিলে ৷ আনকি এটা সময়ত উত্তমে প্ৰেমিকাগৰাকীক বিয়া কৰাবলৈ অস্বীকাৰো কৰিলে ৷ এনেদৰে সময় পাৰ হ’বলৈ ধৰিলে ৷

উত্তম আৰু প্ৰেমিকাগৰাকীৰ বিয়াৰ কথা পাতিবলৈ মঙলবাৰে আইতাকৰ সৈতে প্ৰেমিকৰ ঘৰলৈ আহিল প্ৰেমিকা ৷ কিন্তু উত্তমৰ পৰিয়ালৰ লোকে প্ৰেমিকাগৰাকীক ঘৰত সোমাবলৈকে নিদিলে ৷ এই অভিযোগ প্ৰেমিকাগৰাকীৰ ৷ আনকি প্ৰেমিকক লগ নোপোৱাৰ লগতে প্ৰেমিক উত্তমৰ পৰিয়ালৰ লোকৰ ব্যৱহাৰত অসন্তুষ্ট হৈ বিগত দুটা দিনে প্ৰেমিক উত্তমৰ ঘৰৰ দুৱাৰ মুখতে বহি থাকিল প্ৰেমিকাগৰাকী ৷

আনকি এই ক্ষেত্ৰত সকলো কথা জানিও ওচৰ চুবুৰীয়া লোকেও প্ৰেমিকাগৰাকীক কোনো ধৰণৰ সহায়-সহযোগ নকৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰেমিকাগৰাকীয়ে ৷

গাঁওবুঢ়াই খাদ্য খুৱাইছিল :

উত্তমে সুযোগ গ্ৰহণ কৰি ঘৰৰ পৰা পলাই গৈছিল ৷ বিগত দুটা দিনে প্ৰেমিকাগৰাকী প্ৰেমিকৰ ঘৰৰ সন্মুখত ভোকে-পিঁয়াহে বহি আছিল ৷ কোনেও প্ৰেমিকাগৰাকীক সহায় কৰা নাছিল ৷ কিন্তু তেনে সময়তে গাঁওবুঢ়াগৰাকীয়ে প্ৰেমিকাগৰাকীক খাদ্যৰ যোগান ধৰিছিল ৷

লগতে শীতৰ পৰা ৰক্ষা পাবলৈ কম্বলো যোগান ধৰিছিল ৷ আনকি এই ঘটনা সন্দৰ্ভত প্ৰেমিকাগৰাকীয়ে ৰাজগঞ্জ আৰক্ষীক অৱগত কৰিছিল ৷ কিন্তু আৰক্ষীয়ে এই ক্ষেত্ৰত যুৱতাগৰাকীক কোনো সহায়-সহযোগ নকৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে ৷

লগতে পঢ়ক : Man arrested for sexual assault: বিবাহিত মহিলাৰ সৈতে সম্পৰ্ক ৰাখিবলৈ গৈ ৰাইজৰ কিল খালে শ্ৰীমন্তই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.