ETV Bharat / bharat

6 বছৰীয়া কণমানিক ধৰ্ষণৰ পাছত হত্যা কৰি পেলাই থৈ গ’ল নলাত

author img

By

Published : Aug 15, 2022, 10:50 PM IST

খুড়ীয়েকৰ ঘৰত খেলি ঘৰলৈ উভতাৰ পথত অচিনাক্ত যুৱকে অপহৰণ কৰি নি ধৰ্ষণ কৰি হত্যা কৰে এগৰাকী 6 বছৰীয়া কিশোৰীক (6 years minor girl raped and murdered)৷ সমগ্ৰ ঘটনা বন্দী হ’ল চিচিটিভি কেমেৰাত ৷

6 years minor girl raped and murdered at panipath
6 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰি পেলাই থৈ গ’ল নলাত

নেশ্যনেল ডেস্ক, 15 আগষ্ট: স্বাধীনতা দিৱসৰ উলহ মালহৰ মাজতেই হাৰিয়ানাৰ পানীপথত পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা ৷ খুড়ীয়েকৰ ঘৰত খেলি ঘৰলৈ উভতাৰ পথত অচিনাক্ত যুৱকে অপহৰণ কৰি নি ধৰ্ষণ কৰি হত্যা কৰে এগৰাকী 6 বছৰীয়া কিশোৰীক (6 years minor girl raped and murdered) ৷ এই সমগ্ৰ ঘটনা বন্দী হৈছিল চিচিটিভি কেমেৰাত ৷ ইয়াৰ পাছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷

ঘটনা অনুসৰি পিতৃ-মাতৃৰ সৈতে বাস কৰা এগৰাকী 6 বছৰীয়া নাবালিকাই ঘৰৰ নিলগতে থকা খুড়ীয়েকৰ ঘৰলৈ খেলিবলৈ গৈছিল ৷ খেলি হোৱাৰ পাছতেই কণমানিজনী ঘৰলৈ উভতাৰ পথত এজন অচিনাক্ত যুৱকে কণমানিজনীক ফুচুলাই হাতত ধৰি লৈ যায় ৷

তাৰ পাছৰে পৰা নিৰুদ্দেশ হয় নাবালিকাগৰাকী ৷ নাবালিকাগৰাকীক বিচাৰি পিতৃ-মাতৃয়ে হাহাকাৰ কৰা পাছতেই ঘৰৰ সমীপৰে এটা নলাত কণমানিজনীক অৰ্ধনগ্ন অৱস্থাত উদ্ধাৰ কৰা হয় ৷ ইতিমধ্যে নাবালিকাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰিছিল লম্পটটোৱে (6 years minor girl raped and murdered at Panipath) ৷

লগে লগে পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়াত চান্দীবাগ আৰক্ষী ঘটনাস্থলীত উপস্থি হৈ ঘটান সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷ আৰক্ষীয়ে সমগ্ৰ ঘটনা চিচিটিভি ফুটেজত চোৱাৰ পাছতে লম্পটটো বিশ্বকৰ্মা চকৰ নাগপাল ধাবাত কাম কৰা নেপালী যুৱক বুলি জানিবলৈ দিয়ে ৷ এই ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে লম্পটটো ৷ ইতিমধ্যে আৰক্ষীয়ে মৃত নাবালিকাগৰাকীৰ পৰিয়ালে ৰুজু কৰা এজাহাৰৰ ভিত্তিত লম্পটটোক বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Student murdered in Delhi, ৰাখী বন্ধন উপলক্ষে ভনীয়েকলৈ মিঠাই আনিবলৈ যাওতেই হত্যা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.