ETV Bharat / bharat

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰ গাজিয়াবাদ : কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড

author img

By

Published : Nov 6, 2021, 2:10 PM IST

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে(চিপিচিবি) প্ৰকাশ কৰা তথ্য অনুসৰি, দেশৰ আটাইতকৈ প্ৰদূষিত চহৰ হ'ল গাজিয়াবাদ । গাজিয়াবাদক 'ডাৰ্ক ৰেড জ'ন'ত নথিভুক্ত কৰা হৈছে । বৰ্তমান গাজিয়াবাদৰ বায়ুৰ মান সূচক (AQI) হৈছে 486 ৷

ghaziabad-became-most-polluted-city-in-country
দেশৰ আটাইতকৈ প্ৰদূষিত চহৰ গাজিয়াবাদ : কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড

নেশ্যনেল ডেস্ক, 6 নৱেম্বৰ : বৰ্তমান বায়ু প্ৰদূষণ(Air Pollution) এক চিন্তনীয় বিষয় ৷ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ভয়ংকৰ বায়ু প্ৰদূষণ ৷ এই বায়ু প্ৰদূষণে মানুহৰ জীৱনক ধ্বংসৰ গৰাহলৈ থেলি দিছে । বায়ুত দ্ৰৱীভূত হোৱা ক্ষতিকাৰক পদাৰ্থৰ বাবে ইয়াৰ লোকসকলে বিভিন্ন ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হৈ আহিছে ।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে(চিপিচিবি) প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমান গাজিয়াবাদৰ বায়ুৰ মান সূচক (একিউআই) হৈছে 486 ৷ ইতিমধ্যে 'চিপিচিবি'য়ে গাজিয়াবাদক 'ডাৰ্ক ৰেড জ'ন'ত নথিভুক্ত কৰিছে ।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে জনোৱা মতে, সম্প্ৰতি দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত অন্তৰ্ভুক্ত হয় গাজিয়াবাদ(Ghaziabad) । গাজিয়াবাদৰ লোনি(Loni) অঞ্চলত প্ৰদূষণৰ স্তৰ সৰ্বাধিক বুলি কয় 'চিপিচিবি'য়ে ৷ বৰ্তমান লোনিৰ বায়ুৰ গুণগত মান সূচক(The Air Quality Index) 496 ৷

উল্লেখ্য যে , বায়ুৰ গুণগত মান সূচক 0-50 হ'লে 'ভাল' শ্ৰেণী বুলি বিবেচনা কৰা হয় । 51-100ক 'সন্তোষজনক', 101-200ক 'মাধ্যম' হিচাপে, 201-300 ক 'বেয়া', 301-400ক 'অতি দুৰ্বল'', 400-500 'গুৰুতৰ' আৰু 500-ৰ ওপৰৰ বায়ু মানদণ্ড সূচকক 'অত্যন্ত গুৰুতৰ' বুলি গণ্য কৰা হয় ৷

লগতে পঢ়ক : দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত উদ্বেগ প্ৰকাশ মীৰা ৰাজপুতৰ

গাজিয়াবাদৰ প্ৰদূষিণ স্তৰৰ মাত্ৰা :

এলেকাপ্ৰদূষণ স্তৰ
ইন্দিৰাপুৰাম484
বসুন্ধৰা 482
সঞ্জয় নগৰ480
লোনি496

দেশৰ প্ৰথম 10 খন প্ৰদূষিত চহৰ :

প্ৰদূষিত চহৰপ্ৰদূষণ স্তৰ
গাজিয়াবাদ486
নয়দা478
হাপুড়468
বাগপত467
বলুন্দা চহৰ461
মেৰঠ461
গ্ৰেটাৰ নয়দা458
গুৰুগ্ৰাম455
ফৰিদাবাদ 454
দিল্লী 449

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.