ETV Bharat / bharat

ছট্টিশগড়ত জাবৰ পেলোৱা বাহনত কঢ়িয়ালে ক’ভিড ৰোগীৰ মৃতদেহ

author img

By

Published : Apr 15, 2021, 2:06 PM IST

কৰ'ণাৰ ভয়াবহ ছবি । ছট্টিশগড়ৰ ৰাজমন্দানগাঁৱত পিপিই কিট পৰিধান কৰি ছেনিটাইজেচন কৰ্মীয়ে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ মৃতদেহ আৱৰ্জনা কঢ়িওৱা বাহনেৰে শ্মশানলৈ লৈ যোৱাৰ দৃশ্য দেখা গৈছে ।

ছট্টিশগড়ত কৰ'ণাৰ ভয়াবহ দৃশ্য
ছট্টিশগড়ত কৰ'ণাৰ ভয়াবহ দৃশ্য

নেশ্যনেল ডেস্ক, ১৫ এপ্ৰিল: দেশত কৰ'ণাৰ দ্বিতীয় ঢৌৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । কৰ'ণাৰ দ্বিতীয় ঢৌত জৰ্জৰিত হৈ পৰিছে দেশ । দেশৰ ভিন্ন প্ৰান্তত কেতবোৰ মৰ্মান্তিক ছবি দেখিবলৈ পোৱা গৈছে । কোনো চিকিৎসালয়ত বিচনাৰ অভাৱ, অক্সিজেনৰ অভাৱ, ভেন্টিলেটৰৰ অভাৱ আদিৰ দৰে মৰ্মান্তিক ছবি দেখিবলৈ পোৱাৰ সময়তে এইবাৰ ছট্টিশগড়ত দেখা গৈছে কৰ'ণাৰ মৰ্মান্তিক ছবি । ৰাজ্যখনৰ ৰাজমন্দানগাঁৱত দেখা গ'ল কৰ'ণাৰ এক ভয়াবহ ছবি । পিপিই কিট পৰিধান কৰি ছেনিটাইজেচন কৰ্মীয়ে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ মৃতদেহ আৱৰ্জনা কঢ়িওৱা বাহনেৰে শ্মশানলৈ লৈ যোৱাৰ দৃশ্য দেখা গৈছে ।

এই ঘটনা পোহৰলৈ অহাৰ পাচতে মুখ্য চিকিৎসা বিষয়া বি আৰ তিৱাৰীয়ে তদন্তৰ নিৰ্দেশ দিয়ে । ইয়াৰোপৰি, তেওঁ কয় যে, প্ৰথমে বাহনখন আৱৰ্জনাৰ বাবে ব্যৱহাৰ কৰা হৈছিল কিন্তু এতিয়া ইয়াক মৃতদেহ কঢ়িয়াবলৈ ৰাজহুৱাকৈ ঘোষণা কৰা হৈছে । বুধবাৰেও ৰাজ্যখনত তিনিজন ক'ভিড ৰোগীৰ মৃত্যু হোৱা খবৰ লাভ কৰা গৈছে । আনহাতে, নতুনকৈ কৰ'ণাত আক্ৰান্ত হয় ১৪,২৫০ জন লোক ।

লগতে পঢ়ক: আহমেদাবাদৰ পৰা ক'ৰণা প্ৰতিষেধক ক্ৰয় যোগী আদিত্য নাথৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.