ETV Bharat / bharat

Sidhu Moosewala murder: আজি আদালতত হাজিৰ কৰোৱা হ’ব হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড লৰেন্সক

সোমবাৰে অমৃতসৰ আদালতত হাজিৰ কৰোৱা হ’ব গেংষ্টাৰ লৰেন্স বিষ্ণয়ক (Gangster Lawrence Bishnoi hearing in Amritsar court) ৷ গেংষ্টাৰ লৰেন্স বিষ্ণয় ৰাণা কান্দোৱালীয়া হত্যাকাণ্ড (Sidhu Musewala murder case) আৰু জনপ্ৰিয় পাঞ্জাৱী গায়ক তথা কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল (Punjabi singer Sidhu Moosewala murder case) ৷

author img

By

Published : Jul 11, 2022, 10:24 AM IST

GANGSTER LAWRENCE BISHNOI IS HEARING IN AMRITSAR COURT AGAIN TODAY
Gangster Lawrence Bishnoi: পুনৰ অমৃতসৰ আদালতত হাজিৰ কৰোৱা হ’ব গেংষ্টাৰ লৰেন্স বিষ্ণয়ক

নেশ্যনেল ডেস্ক, 11 জুলাই: ৰাণা কান্দোৱালীয়া হত্যাকাণ্ডৰে জড়িত গেংষ্টাৰ লৰেন্স বিষ্ণয়ক আদালতে ১১ জুলাইলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল ৷ এই সময়সীমা সমাপ্ত হোৱাৰ এদিন পূৰ্বেই অৰ্থাৎ দেওবাৰে লৰেন্স বিষ্ণয়ক আদালতত হাজিৰ কৰোৱাৰ উদ্দেশ্যে ৰাজ্যিক অভিযান কোষলৈ অনা হয় ।

সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ অভিযুক্ত গেংষ্টাৰ লৰেন্স বিষ্ণয়ক সোমবাৰে পুনৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে অমৃতসৰ আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিব পৰা গৈছে (Gangster Lawrence Bishnoi hearing in Amritsar court) । দেওবাৰে নিশা মোহলী জিলাৰ খাৰাৰ নগৰৰ পৰা লৰেন্সক কঠোৰ নিৰাপত্তাৰ মাজেৰে অমৃতসৰলৈ আনি মল মাণ্ডিত অৱস্থিত এছ এছ অ’ চিত ৰখা হৈছিল ৷ সোমবাৰে পুৱা স্বাস্থ্য পৰীক্ষা কৰাই অমৃতসৰ আদালতত হাজিৰ কৰা হ’ব গেংষ্টাৰজনক ।

ইয়াৰ জৰিয়তে অমৃতসৰ আৰক্ষীয়ে পুনৰবাৰ লৰেন্সক জেৰা কৰাৰ সুযোগ লাভ কৰিব ৷ উল্লেখ্য যে, ২০২১ চনৰ ৩ আগষ্টত সংঘটিত হোৱা ৰাণা কান্ধোৱালিয়া হত্যাকাণ্ডৰ গোচৰত (Sidhu Musewala murder case) আৰক্ষীয়ে গেংষ্টাৰ লৰেন্স বিষ্ণয়ক জেৰা কৰাৰ বাবে আবেদন জনাইছিল আদালতত ।

ইফালে, জনপ্ৰিয় পাঞ্জাৱী গায়ক তথা কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ (Punjabi singer Sidhu Moosewala murder case) মাষ্টাৰমাইণ্ড আছিল অভিযুক্ত গেংষ্টাৰ লৰেন্স বিষ্ণয় (Lawrence Bishnoi mastermind) ৷ পঞ্জাৱ আৰক্ষীয়ে দিল্লীৰ পাটিয়ালা হাউছ আদালতত( Patiala House Court in Delhi) গেংষ্টাৰ বিষ্ণয় জনপ্ৰিয় পাঞ্জাৱী গায়ক তথা কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ লগতো জড়িত বুলি অৱগত কৰিছিল ৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে আৰম্ভ কৰা তদন্তত লৰেন্স বিষ্ণয়ক এই হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড বুলি জানিব পাৰে ৷ লগে লগে আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে লৰেঞ্চক জিম্মাত লৈ মাৰাথন জেৰা আৰম্ভ কৰে ৷

লগতে পঢ়ক: South Africa bar shootings: দক্ষিণ আফ্ৰিকাৰ আৰক্ষীৰ বাৰত গুলীচালনা, ১৪ জন নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.