"মই এজন ব্যৱহাৰিক আদৰ্শবাদী লোক বুলি নিজকে ক'ব বিচাৰো", এই কথাষাৰ মহাত্মা গান্ধীয়ে কৈছিল ৷ জীৱন আৰু ইয়াৰ সমস্যাসমূহৰ পৰা তেওঁ কিমান শিক্ষা লাভ কৰিলে সেই বিষয়ে বৰ্ণনা কৰিবলৈ গৈ তেওঁ নতুন দৰ্শন আৰু মানৱ প্ৰজন্মৰ বাবে কোনো বাৰ্তা বিচাৰি উলিওৱাৰ দাবীক নস্যাৎ কৰে ৷ তেওঁ দাবী কৰিছিল যে,"মোৰ ওচৰত পৃথিৱীক দিবলৈ নতুন একো নাই ৷ পাহাৰ-পৰ্বতৰ দৰেই সত্য আৰু অহিংসাবোৰ পুৰণি হৈ পৰিছে ৷" সত্যৰ সন্ধান কৰা গান্ধীয়ে তেওঁৰ পৰীক্ষণ আৰু ভুল-ক্ৰটি বোৰৰ পৰাই শিক্ষা লাভ কৰিছিল ৷ সত্য আৰু অহিংসাৰ জৰিয়তেই যিকোনো বিষয়ত তেওঁ নিজৰ দৃষ্টিভংগী গঢ় দিব বিচাৰিছিল ৷ কিন্তু এজন জৈন ধৰ্মৰ ভৱিষ্যদ্ৰষ্টাৰ সৈতে আলোচনাত মিলিত হোৱাৰ সময়ত তেওঁ মন্তব্য কৰিছিল,"প্ৰবৃত্তিৰে তেওঁ এজন সত্যবাদী হয় যদিও অহিংস নহয় ৷ সত্যতকৈ ধৰ্ম উচ্চ নহয় ৷ অহিংসাই হৈছে পৰম ধৰ্ম" ৷
নিজৰ শিষ্য আৰু অনুগামীসকলক গান্ধীবাদৰ প্ৰচাৰ কৰিবলৈ সতৰ্ক কৰি গান্ধীয়ে কৈছিল, "গান্ধীবাদ বুলি কোনো বস্তু নাই" ৷ মোৰ পাছত কোনো অনুগামী মই ৰাখি যাব নিবিচাৰো ৷ গান্ধীবাদী ধাৰণাৰে পৰিপুষ্ট হৈ ইয়াৰ প্ৰচাৰ কৰাৰ কোনো প্ৰয়োজন নাই ৷ কোনো ভাষা অথবা পৰিকল্পনাৰ প্ৰয়োজন নাই ৷ যি মই কোৱা সহজ সৰল সত্যত বিশ্বাস ৰাখে তেওঁলোকে কিন্তু ইয়াক জীৱনজুৰি প্ৰচাৰ কৰিব পাৰে" ৷ তেওঁ সকলোকে বুজাইছিল যে,শুদ্ধ কৰ্মক প্ৰচাৰৰ কোনো প্ৰয়োজন নাই,ই নিজৰ প্ৰচাৰ নিজেই কৰে আৰু ইয়াৰ বাবে অন্য লোকৰ প্ৰয়োজন নাই ৷
সত্যাগ্ৰহ আৰু সৰ্বোদয়,সত্য আৰু অহিংসা-এই ধাৰণাবোৰ প্ৰথমে তেওঁ নিজৰ মগজুৰ গৱেষণাগাৰত পৰীক্ষা কৰোৱাইছিল ৷ ধৰ্মৰ দৰেই বিজ্ঞানো তেওঁৰ বাবে গুৰুত্বপূৰ্ণ আছিল ৷ ধৰ্ম আৰু বিজ্ঞানৰ মাজত কোনো সংঘাত নাছিল ৷ তেওঁৰ আধ্যাত্মিকতাই বিজ্ঞান,ধৰ্ম আৰু দৰ্শনৰ সংমিশ্ৰণ ঘটাইছিল ৷ গান্ধীয়ে লিখিছিল,"মানুহৰ মগজু বিৰামহীন চৰাইৰ দৰে,ই যিমান বিচাৰিলেও আৰু যিমান পালেও সন্তুষ্ট নহয় ৷ মগজু যেতিয়া শান্ত হৈ থাকে তেতিয়াহে সহজ আৰু অৰ্থযুক্ত জীৱন সম্ভৱ হয় ৷ "সংযমেই হৈছে মানৱ জাতিৰ বিকাশৰ মূল" ৷ তেওঁ কয়, "সৰ্বোচ্চ সংযমৰ অবিহনে সৰ্বোচ্চ পূৰ্ণতা লাভ কৰাটো অসম্ভৱ ৷ গীতাৰ পৰা এটা উক্তি লৈ নিস্বাৰ্থ কৰ্মৰ অৰ্থ ব্যাখ্যা কৰি মহাত্মাই কৈছিল যে, ঋষিসকলৰ মতে ত্যাগৰ অৰ্থ হৈছে এনে এটা কৰ্ম যি ইচ্ছাৰ দ্বাৰা উৎপন্ন হয় আৰু য'ত নিজৰ লাভৰ সমৰ্পন হয় ৷
"মানৱ জাতিৰ উন্নয়নৰ বাবে ৰাজনীতি আৰু অৰ্থনীতি বহু আৱশ্যকীয়" ৷ ৰাজনীতি কোনো কাৰণতে প্ৰতিবন্ধকতা হ'ব নোৱাৰে ৷ নৈতিকতাৰ অবিহনে ৰাজনীতি ধূলিময় ৷ সঁচা অৰ্থনীতি সামাজিক ন্যায়ৰ বাবে থিয় দিয়ে ৷ ই সকলোৰে মাজত সমতাক প্ৰচাৰ কৰাৰ লগতে দুৰ্বল সকলকো সমান বুলি গণ্য কৰে ৷ এক সদাচাৰী জীৱন-যাপনৰ বাবে ই অত্যাৱশ্যকীয়"-গান্ধী ৷ "ৰাজনীতি আৰু অৰ্থনীতিৰ উদ্দেশ্য হৈছে সকলোৰে উন্নয়ন, কেৱল বিশেষ শ্ৰেণীৰ লোক অথবা সংখ্যাগুৰু সকলৰ উন্নয়ন নহয় ৷ বিসংগতিপূৰ্ণ এই সমাজত গান্ধীয়ে স্বীকাৰ কৰিছিল,"তেওঁ সৰ্বাধিক বিসংগতিপূৰ্ণ লোক" ৷ আধুনিক চিন্তাৰে উদ্বুদ্ধ মহাত্মাই খাদী কাপোৰ পৰিধান কৰাৰ লগতে ভ্ৰমণ কৰোতে হাতত যঁতৰ লৈ ঘূৰি ফুৰিছিল ৷ দুখ আৰু কষ্ট সহ্য কৰিব পৰা আৰু তিৰস্কাৰ আৰু অনাদৰ আদৰি ল'ব পৰা গান্ধীৰ শক্তিবোৰ আছিল অফুৰন্ত ৷ সেয়েহে আইনষ্টাইনে তেওঁক এজন বিস্ময়কৰ মানৱ বুলি আখ্যা দিছিল ৷ নিজৰ ওপৰত হাঁহিব পৰাটো গান্ধীৰ এক অসাধাৰণ ব্যক্তিত্ব আছিল ৷ নিজৰ যঁতৰটোৰ বিষয়ে এবাৰ তেওঁ মন্তব্য কৰিছিল, "মানুহে মোৰ যঁতৰটোক লৈ হাঁহে আৰু এজন সমালোচকে কৈছিল যে,মই মৰিলে যঁতৰৰ চকা কেইটা সৎকাৰ কৰিবৰ বাবে ব্যৱহাৰ কৰা হ'ব ৷ ইয়াৰ পাছতো যঁতৰক লৈ মোৰ বিশ্বাস সলনি হোৱা নাই" ৷ ইয়াৰ লগতে তেওঁ এইবুলিও মন্তব্য কৰিছিল,সমালোচক সকলে যদি খাদী আৰু গ্ৰামোদ্যোগৰ সহায়ৰ অবিহনে মোৰ দেশৰ লোকক সম্পূৰ্ণ সংস্থাপন দিব পাৰে তেন্তে মই এইক্ষেত্ৰত মোৰ প্ৰচেষ্টাবোৰ ত্যাগ কৰিবলৈ সাজু আছো" ৷
মহাত্মা যন্ত্ৰ আৰু আধুনিকতাৰ বিৰোধী নাছিল ৷ পঁজা ঘৰত বসবাস কৰা লোকৰ কষ্ট লাঘৱ কৰিবলৈ তেওঁ যন্ত্ৰৰ সমৰ্থনহে কৰিছিল আৰু সকলোৰে বাবে উপযোগী সামগ্ৰী নিৰ্মাতাক তেওঁ পুৰস্কৃতহে কৰিছিল ৷ তেওঁ বিৰোধিতা কৰিছিল যন্ত্ৰৰ অত্যাধিক ব্যৱহাৰ আৰু কোটি কোটি ক্ষুধাতুৰৰ বাবে চিন্তিত নোহোৱাকৈ সম্পত্তি উপভোগ কৰা সকলৰ ৷ ধৰ্ম প্ৰচাৰ কৰিবৰ বাবে তেওঁ ইয়াৰ ব্যৱহাৰিক অনুশীলনো কৰিছিল আৰু এই ধাৰণাসমূহহে প্ৰচাৰ কৰিছিল যিবোৰ ব্যৱহাৰিক আছিল ৷ তেওঁৰ 150 সংখ্যক জন্মদিনত আমি সকলোৱে তেওঁৰ মহান চিন্তাবোৰৰ ওপৰত মনোনিৱেশ কৰাৰ বহু প্ৰয়োজন আছে ৷ এই ধাৰণাসমূহৰ যোগ্য হ'ব পৰাটোৱে আমাৰ কাম্য ৷
লেখক - ডঃ প্ৰসন্ন কুমাৰ