নেশ্যনেল ডেস্ক,১১ মাৰ্চ: মধ্যপ্ৰদেশৰ এখন গাঁৱৰ বিদ্যালয়ত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ধ্বংস কৰা হয় । লগে লগে গাওঁখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা দেখা গৈছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত আফজলপুৰ থানাত এক গোচৰ ৰুজু কৰা হৈছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ শেহতীয়াকৈ আৰক্ষীয়ে প্ৰকাশ কৰা মতে কপিকুলে ক্ষতিগ্ৰস্ত কৰিছে মূৰ্তিটো । বিদ্যালয়খনৰ চকীদাৰে আৰক্ষীক জনোৱা মতে নিশা ৮ বজালৈ বিদ্যালয়খনৰ চৌহদত কোনো প্ৰৱেশ কৰা নাছিল । ইফালে কপিকুলে ইয়াৰ পূৰ্বেও মূৰ্তিটোৰ ক্ষতি সাধন কৰিছিল । যাৰ বাবে মন্দসৌৰ জিলাৰ গুৰ্জাৰবাৰ্দিয়া গাঁৱৰ আৰক্ষীয়ে এয়া কপিকুলে সংঘটিত কৰা বুলি সন্দেহ কৰিছে ।
আনহাতে আৰক্ষীৰ এই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে অঞ্চলটোৰ বিভিন্ন দল-সংগঠন । আৰক্ষীৰ বিবৃতিক গৰিহণা দি কংগ্ৰেছ নেতা দীপক সিং চৌহানে কোৱা মতে জাতিৰ পিতাৰ মূৰ্তি ধ্বংস কৰা কোনো সাধাৰণ কথা নহয় ।
লগতে পঢ়ক: মুৰ্ছিদাবাদৰ পথ দুৰ্ঘটনাত নিহত 7