ETV Bharat / bharat

G20 Digital Economy Ministers Meet : ন বছৰত ভাৰতৰ ডিজিটেল পৰিৱৰ্তন অভূতপূৰ্ব :প্ৰধানমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 8:20 PM IST

জি-২০ সন্মিলনত ভাৰতে ডিজিটেল অৰ্থনীতি, বিশেষকৈ ডিজিটেল বিত্তীয় লেনদেনত ইয়াৰ সাফল্য প্ৰদৰ্শন কৰিবলৈ সাজু । ভাৰতত আছে ৮৫০ নিযুততকৈও অধিক ইণ্টাৰনেট ব্যৱহাৰকাৰী ।

Prime Minister Narendra Modi
জি-২০ ডিজিটেল বিত্ত মন্ত্ৰীৰ বৈঠক

নেশ্য়নেল ডেস্ক, ৯ ছেপ্টেম্বৰ : নতুন দিল্লীত আজিৰে পৰা আৰম্ভ হৈছে জি-২০ সন্মিলন । এই জি-২০ সন্মিল চলি থকাৰ সময়তে ভাৰতে ডিজিটেল অৰ্থনীতি, বিশেষকৈ ডিজিটেল বিত্তীয় লেনদেনত ইয়াৰ সাফল্য বিশ্বৰ আন দেশসমূহৰ নেতাসকলৰ সন্মুখত প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে । তদুপৰি তেওঁলোকক এই ব্যৱস্থা গ্ৰহণ কৰাত সহায় কৰিবলৈ সাজু হৈছে ভাৰত ।

যোৱা মাহত বেংগালুৰুত অনুষ্ঠিত জি-২০ ডিজিটেল বিত্ত মন্ত্ৰীৰ বৈঠকত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছিল যে ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিই বিশ্বব্যাপী প্ৰত্যাহ্বানৰ বাবে সুৰক্ষিত আৰু সামগ্ৰিক সমাধান আগবঢ়ায় । যোৱা ন বছৰত ভাৰতৰ ডিজিটেল পৰিৱৰ্তন অভূতপূৰ্ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "এই সকলোবোৰ ২০১৫ চনত আমাৰ ডিজিটেল ইণ্ডিয়া উদ্যোগৰ শুভাৰম্ভৰ হৈছিল ।"

তেওঁ কয় যে ভাৰতত ৮৫০ নিযুততকৈও অধিক ইণ্টাৰনেট ব্যৱহাৰকাৰী আছে । প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ কয়,"আমি শাসনৰ পৰিৱৰ্তন, ইয়াক অধিক দক্ষ, সামগ্ৰিক, দ্ৰুত আৰু স্বচ্ছ কৰি তুলিবলৈ প্ৰযুক্তিৰ সুবিধা লৈছো । আমাৰ অনন্য ডিজিটেল পৰিচয় আধাৰে আমাৰ ১.৩ বিলিয়নতকৈও অধিক লোকক সামৰি লৈছে । ভাৰতত বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত বিপ্লৱ আনিবলৈ আমি জেএএম ত্ৰিমূৰ্তি-জন ধন বেংক একাউণ্ট, আধাৰ আৰু ম'বাইলৰ শক্তি ব্যৱহাৰ কৰিছো । প্ৰতি মাহে, আমাৰ তাৎক্ষণিক পৰিশোধ প্ৰণালী ইউপিআইত (ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ) প্ৰায় ১০ বিলিয়ন লেনদেন হয় ।"

জি-২০ ডিজিটেল অৰ্থনীতি মন্ত্ৰীৰ বৈঠকৰ পিছত এক বিবৃতিত উল্লেখ কৰা হৈছে যে জেণ্ডাৰ ডিজিটেল বিভাজনকে ধৰি ডিজিটেল বিভাজন সকলো দেশৰ বাবে যথেষ্ট প্ৰত্যাহ্বান । বিশেষকৈ উন্নয়নশীল আৰু অনুন্নত দেশসমূহৰ বাবে যথেষ্ট প্ৰত্যাহ্বান । চি ই টি এছ ইণ্টাৰনেচনেল থিংক টেংকৰ সঞ্চালক (গৱেষণা) আৰু ডিজিটেল অৰ্থনীতি আৰু চাইবাৰ নিৰাপত্তা বিশেষজ্ঞ অমল কুলকাৰ্ণীয়ে কয় যে ভাৰতে যোৱা পাঁচ বছৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে । বিশেষকৈ মোবাইল ফোন, ইউআইডিএআই আৰু জনধন একাউণ্ট ব্যৱহাৰ কৰাত লোকসকলক বেংকিঙৰ দৰে চৰকাৰী বিত্তীয় সেৱা লাভ কৰাত সহায় কৰিছে ।

কুলকাৰ্ণীয়ে কয়, "আমি ডিজিটেল অৰ্থনীতিৰ বিকাশৰ বাবে যথেষ্ট প্ৰণালী গঢ়ি তুলিছো । আমাৰ ইউপিআই আছে যিয়ে বুটাম এটা ক্লিক কৰিলে ধন হস্তান্তৰ কৰাত সক্ষম হয় । ইয়ে এক বিপ্লৱ আনিছে ।" তেওঁ পুনৰ কয় যে ভাৰতে কেৱল ই-কমাৰ্চৰ উদ্ভাৱন কৰাই নহয়, লগতে অনলাইনত সামগ্ৰী আৰু সেৱা ক্ৰয় আৰু বিক্ৰী কৰাৰ সামৰ্থ্যক সাৰ্বজনীন কৰিছে । এই সন্দৰ্ভত তেওঁ মুক্ত ই-কমাৰ্চ বিকাশৰ বাবে ভাৰত চৰকাৰৰ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগৰ (ডিপিআইআইটি) দ্বাৰা স্থাপিত ব্যক্তিগত অলাভজনক কোম্পানী অপেন নেটৱৰ্ক ফ'ৰ ডিজিটেল কমাৰ্চ (অ'এনডিচি)ৰ কথা উল্লেখ কৰে।

জি-২০ ডিজিটেল অৰ্থনীতি মন্ত্ৰীৰ বৈঠকৰ পিচতেই উক্ত বিবৃতিটোত উল্ল্খ কৰা হৈছে যে ডিজিটেল পৰিস্থিতিতন্ত্ৰত শিশু আৰু যুৱসকলৰ সুৰক্ষা আৰু সৱলীকৰণৰ বাবে চাইবাৰ শিক্ষা আৰু চাইবাৰ সজাগতাত গুৰুত্ব প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক:India preps for G20 Summit in Delhi : পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব ১৮ সংখ্যক G20 সন্মিলনৰ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.