ETV Bharat / bharat

পলাতক হীৰা মেহুল চোকচিক ডমিনিকাত আটক

author img

By

Published : May 27, 2021, 3:11 PM IST

পঞ্জাৱ নেচনেল বেংকত ১৩,৫০০ কোটি টকাৰ ঋণ কেলেংকাৰীৰ অভিযুক্ত মষ্ট ৱান্টেড হীৰা ব্যৱসায়ী মেহুল চোকচিক আটক ৷ ইণ্টাৰপোলৰ অন্তিম জাননী (হালধীয়া জাননী) জাৰি কৰাৰ পাচতে ডমিনিকাত আটক কৰা হয় ।

Mehul Choksi detained
পলাতক হীৰা মেহুল চোকচি ডমিনিকাত বন্দী

নেশ্যনেল ডেস্ক,২৭ মে': শেহতীয়াকৈ এণ্টিগুয়া আৰু বাৰ্বুডাৰ পৰা পলায়ন কৰা মষ্ট ৱান্টেড হীৰা ব্যৱসায়ী মেহুল চোকচিক তেওঁৰ বিৰুদ্ধে ইণ্টাৰপোলৰ অন্তিম জাননী (হালধীয়া জাননী) জাৰি কৰাৰ পাচতে চুবুৰীয়া ডমিনিকাত আটক কৰা হয় । স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, তেওঁক এণ্টিগুয়া আৰু বাৰ্বুডাৰ ৰয়েল পুলিচ বাহিনীলৈ হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়া চলি আছে ।

এণ্টিগুয়া নিউজ ৰুমৰ খবৰ অনুসৰি, দেশখনৰ নাগৰিকত্ব গ্ৰহণ কৰাৰ পাচত চোকচি ২০১৮ চনৰ পৰা এণ্টিগুয়া আৰু বাৰ্বুডাত বাস কৰি আছিল । সন্ধানহীন হৈ থকা চোকচিক বিচাৰি উলিওৱাৰ বাবে ইণ্টাৰপোলৰ দ্বাৰা হালধীয়া জাননী জাৰি কৰা হৈছিল ।

পঞ্জাৱ নেচনেল বেংকত ১৩,৫০০ কোটি টকাৰ ঋণ কেলেংকাৰীৰ অভিযুক্ত চোকচিক দেওবাৰে এণ্টিগুয়া আৰু বাৰ্বুডাত তেওঁৰ গাড়ীত নৈশ ভোজনৰ বাবে যোৱা দেখা গৈছিল । তেওঁৰ কৰ্মচাৰীসকলে গাড়ীখন উদ্ধাৰ কৰাৰ পাচতে তেওঁ নিৰুদ্দেশ হোৱাৰ খবৰ দিছিল । ব্যৱসায়ীজনৰ উকীল বিজয় আগৰৱালে নিশ্চিত কৰিছিল যে চোকচি দেওবাৰৰ পৰা সন্ধানহীন হৈ আছিল ।

উল্লেখ্য যে, চোকচি আৰু তেওঁৰ ভতিজা নীৰৱ মোডীৰ বিৰুদ্ধে পঞ্জাৱ নেচনেল বেংকৰ পৰা ১৩,৫০০ কোটি টকাৰ ৰাজহুৱা ধন আত্মসাৎ কৰাৰ অভিযোগ আছে । আদালতৰ দ্বাৰা জামিন বাৰে বাৰে অস্বীকাৰ কৰাৰ পাচত লণ্ডনৰ কাৰাগাৰত বন্দী হৈ আছে মোডী ।

চোকচিয়ে ২০১৮ চনৰ জানুৱাৰীৰ প্ৰথম সপ্তাহত ভাৰতৰ পৰা পলায়ন কৰাৰ আগতে নাগৰিকত্ব বাই ইনভেষ্টমেণ্ট কাৰ্যসূচী ব্যৱহাৰ কৰি ২০১৭ চনত এণ্টিগুয়া আৰু বাৰ্বুডাৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল ৷ কেলেংকাৰীটো পৰৱৰ্তী সময়ত পোহৰলৈ আহিছিল । সমগ্ৰ ঘটনাটো চিবিআইয়ে তদন্ত কৰি আছে ।

লগতে পঢ়ক:ক'ভিড-19: মিজোৰামৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.