নিউজ ডেস্ক, 20 অক্টোবৰ : আমি সততে শুনিবলৈ নতুবা দেখিবলৈ পাওঁ হিন্দু-মুছলিমৰ মাজত থকা আক্ৰোশ আৰু বিভেদৰ কথা ৷ প্ৰকৃত সত্য এইটোৱেই যে ধৰ্মীয় গোড়ামিৰ বেছিভাগ ঋণাত্মক বাতৰিয়েই শীৰ্ষস্থান দখল কৰে ৷ ইয়াৰ সমান্তৰালকৈ কিন্তু সমাজলৈ ঐকৰ বাৰ্তা কঢ়িওৱা বহু সংখ্যক ধনাত্মক বাতৰিও আছে যিবোৰৰ প্ৰচাৰ কমকৈ হয় ৷
![Muslim Family Playing Shehnai In Budhanath Temple](https://etvbharatimages.akamaized.net/etvbharat/prod-images/20-10-2023/bh-bha-01-forthreegenerationsthemuslimfamilyhasbeensettinganexampleofgangajamuniculturebyvisitingtemplesinthemorningandeveningandplayingshehnai-pkg-bh10044_20102023100128_2010f_1697776288_301.jpg)
আজিও ভাৰতবৰ্ষত জীয়াই আছে হিন্দু-মুছলিমৰ মাজত এৰাব নোৱাৰা সম্পৰ্ক ৷ মছজিদ-মন্দিৰ কৰি বিভাজন আনিবলৈ বিচাৰি থকাসকলে জানি আচৰিত হ’ব যে বিহাৰৰ ভাগলপুৰৰ এটা মুছলিম সম্প্ৰদায়ৰ পৰিয়ালে বছৰ বছৰ ধৰি নৱৰাত্ৰিৰ সময়ত মন্দিৰত শ্বেহনাই বজায় ৷ হত্যা-হিংসা, মাৰপিট, গোষ্ঠীগত তথা ধৰ্মীয় বিভেদৰ মাজত এনে এটা খবৰে নিশ্চয় সমাজৰ বাবে এক যোগাত্মক বাৰ্তা কঢ়িয়াই আনিব ৷
বিহাৰৰ ভাগলপুৰত বুধনাথ মন্দিৰৰ চৌহদত থকা মা দুৰ্গাৰ প্ৰতিমূৰ্তিৰ সমীপত এটি মুছলিম সম্প্ৰদায়ৰ পৰিয়ালে তিনিটা প্ৰজন্ম ধৰি জগত জননীক সন্তুষ্ট কৰিবলৈ শ্বেহনাই বজাই আহিছে । এই মুছলমান পৰিয়ালটোৱে মন্দিৰত পুৱা আৰু গধূলি শ্বেহনাই বজাই গংগা-জমুনী সংস্কৃতিৰ আদৰ্শ দাঙি ধৰি আহিছে । দুটা ধৰ্মৰ একতা আৰু বিশ্বাসৰ মাজত যেন গোড়ামিৰ দেৱাল ভাঙি পৰিছে ।
![Muslim Family Playing Shehnai In Budhanath Temple](https://etvbharatimages.akamaized.net/etvbharat/prod-images/20-10-2023/bh-bha-01-forthreegenerationsthemuslimfamilyhasbeensettinganexampleofgangajamuniculturebyvisitingtemplesinthemorningandeveningandplayingshehnai-pkg-bh10044_20102023100128_2010f_1697776288_706.jpg)
মন্দিৰত উপস্থিত থকা লোকসকলে কৈছিল যে মাতা ৰাণীয়ে ১০০ বছৰৰ আগতে এই মুছলমান পৰিয়ালটোক উদ্ধাৰ কৰিছিল ৷ তেতিয়াৰ পৰাই পৰিয়ালটোৱে মাতা ৰাণীৰ প্ৰতি অগাধ বিশ্বাস গঢ়ি তোলে । নৱৰাত্ৰিৰ ৰাতিপুৱা আৰু সন্ধিয়া ভাগলপুৰৰ বুধনাথ মন্দিৰত এই পৰিয়ালটোৰ কেইবাটাও প্ৰজন্মই শ্বেহনাই বজাই আহিছে । ওস্তাদ ইলিলা খানৰ পৰিয়ালে তেওঁলোকৰ পূৰ্বপুৰুষৰ এই পৰম্পৰাক উত্তৰ প্ৰজন্মলৈ বিয়পাই দিছে । এই পৰিয়ালটোৰ মাতা ৰাণীৰ ওপৰত আছে অপৰিসীম বিশ্বাস ।
৪০ বছৰ ধৰি চলি আছে এই পৰম্পৰা ৷ ভক্ত আৰু চৌপাশৰ মানুহবোৰ কেৱল শ্বেহনাইৰ সুৰতেই সাৰ পায় । এনে লাগে যেন শ্বেহনাই সুৰতেই ৰাতিপুৱা হয় ৷ উস্তাদ ইলিলা খান আছিল শ্বেহনাই বাদনত পাৰ্গত । তেওঁ ৰাষ্ট্ৰপতিৰ পৰা বঁটাও লাভ কৰিছিল ৷ অল ইণ্ডিয়া ৰেডিঅ’ আৰু দূৰদৰ্শনতো তেওঁ শ্বেহনাই বজাইছিল । তেওঁ মাতৃ দেৱীৰ আৰাধনাত শ্বেহনাই বজাই এই পৰম্পৰাক আগুৱাই লৈ গৈছিল আৰু তেওঁলোকৰ তিনি প্ৰজন্মৰ লোকে ৪০ বছৰ ধৰি এই পৰম্পৰা পালন কৰি আহিছে ।
![Muslim Family Playing Shehnai In Budhanath Temple](https://etvbharatimages.akamaized.net/etvbharat/prod-images/20-10-2023/bh-bha-01-forthreegenerationsthemuslimfamilyhasbeensettinganexampleofgangajamuniculturebyvisitingtemplesinthemorningandeveningandplayingshehnai-pkg-bh10044_20102023100128_2010f_1697776288_425.jpg)
২০১৭ চনত ওস্তাদ ইলিলা খানৰ মৃত্যুৰ পিচত তেওঁৰ ভাতৃ নাজাকত আলী, কাজিম হুছেইন, জাহাংগীৰ হুছেইন, তেওঁৰ জ্যেষ্ঠ পুত্ৰ ৰছিদ হুছেইন আৰু তেওঁৰ ভায়েক ছাজিদ হুছেইন, জ্যেষ্ঠ ভাতৃ জহীৰ হুছেইন আৰু ভতিজা আজাম হুছেইনে এতিয়াও এই পৰম্পৰা বজাই ৰাখিছে । শ্বেহনাই বজোৱাৰ সময়ত সমগ্ৰ মন্দিৰৰ কমপ্লেক্স আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলবোৰ ৰাগ ভৈৰৱ, ৰাগ ভৈৰৱী, ৰাগা দুৰ্গা, ৰাগা বাগেশ্বৰী, ৰাগা দৰবাৰী আদি বিভিন্ন ৰাগেৰে মন্ত্ৰমুগ্ধ হৈ পৰে ।
‘‘আমাৰ পৰিয়ালে ১৯৮৪ চনৰ পৰা ইয়াত শ্বেহনাই বজাই আহিছে । ওস্তাদ ইলিলা খান আছিল অতি বিখ্যাত । মাতা ৰাণীৰ আশীৰ্বাদ আছিল তেওঁৰ ওপৰত । বিহাৰৰ ৰাইজে আমাক চিনি পাইছিল আৰু সন্মান কৰিছিল । প্ৰত্যেকৰে নিজস্ব ধৰ্ম আছে আৰু সকলো ধৰ্মই ভাল । ধৰ্মক লৈ বৈষম্য কৰা উচিত নহয় । আমি ইয়াত বছৰ বছৰ ধৰি শ্বেহনাই বজাই আহিছো আৰু বেলেগ একো অনুভৱ নহয় ৷’’ - জাহাংগীৰ হুছেইন, শ্বেহনাই বাদক ।
লগতে পঢ়ক : Hindu Muslim harmony:হিন্দু মুছলমানৰ নামত ৰাজনীতি নকৰি বৰ অসমৰ সপোন দেখে এওঁলোকে
Example of Hindu Muslim harmony: আজিৰ যুগতো ধৰ্মীয় গোড়ামিৰ উৰ্ধত স্থান পালে মানৱীয়তাই