নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী: মিজোৰামত ১৬ ফেব্ৰুৱাৰীৰ দিনটোত এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰে ক’ভিড-১৯ৰ অৱস্থিতি ৷ ৰাজ্য়খনত কৰা ৭০১ টা ৰেপিড এণ্টিজেন পৰীক্ষাৰ অন্তত এজন ৩৭ বছৰীয়া ব্যক্তিৰ দেহত ধৰা পৰে ভাইৰাছৰ অৱস্থিতি । ব্যক্তিগৰাকীৰ দেহত কৰ'ণাৰ কিছুমান লক্ষণ ধৰা পৰিছিল । ইফালে ট্ৰু নেট পৰীক্ষাগাৰত কৰা আন ৩০ টা নমুনা পৰীক্ষাৰ ভিতৰত কোনো এজন লোক আক্ৰান্ত হোৱা নাই কৰ'ণাত । উল্লেখ যে ১৬ ফেব্ৰুৱাৰীৰ দিনটোত ৰাজ্যখনত ৭৩১ টা নমুনা পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে আক্ৰান্তৰ হাৰ ০.১৪ শতাংশ ।
সমান্তৰালকৈ ৰাজ্যখনত বৰ্তমানলৈ ক’ভিড-১৯ ত আক্ৰান্ত হৈছে মুঠ ৪,৩৯৬ গৰাকী লোক । এতিয়ালৈ ৰাজ্যখনত আৰোগ্য লাভ কৰিছে ৪,৩৬৮ গৰাকী লোকে । অৱশ্যে মিজোৰামত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ১০ জনকৈ লোক । তথ্য অনুসৰি ১৭ ফেব্ৰুৱাৰীলৈ ৰাজ্যখনত ক'ভিড-১৯ৰ ১৮ টা সক্ৰিয় ঘটনা আছে ।