নিউজ ডেস্ক, 15 এপ্ৰিল : মঙলবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হোৱা ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰী জিন-য়েজ লে ড্ৰিয়ানে বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে ভাৰতীয় প্ৰযুক্তিৰ কেন্দ্ৰ বাংগালুৰুত উপস্থিত হ’ব ৷ ফ্ৰান্সৰ দূতাবাসৰ এজন বিষয়াই এক বিবৃতিত প্ৰকাশ কৰে এই কথা ৷ লে ড্ৰিয়ানে বাংগালুৰুৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰ’) মানৱ মহাকাশ উৰণ কেন্দ্ৰত ভাৰতৰ মানৱ মহাকাশ উৰণ কাৰ্যসূচী 'গগনযান'লৈ ফ্ৰান্সৰ অৱদানৰ কথা উল্লেখ কৰিব ৷
ড্ৰিয়ানে ইছৰ’ৰ অধ্যক্ষ কে শিৱান আৰু হিউমেন স্পেচ ফ্লাইট কেন্দ্ৰৰ সঞ্চালক এছ উন্নীকৃষ্ণন নায়াৰৰ সৈতেও বাৰ্তালাপ কৰিব । উল্লেখ্য যে, মহাকাশ সহযোগিতাৰ ক্ষেত্ৰত ফ্ৰান্স আৰু ভাৰতে কেইবা দশক ধৰি কাৰ্যকৰী জলবায়ু গৱেষণা উপগ্ৰহকে ধৰি বহুতো অভিযানত যুটীয়াভাৱে কাম কৰিছে ৷ ফ্ৰান্সৰ দূতাবাসৰ বিষয়াজনে বিবৃতিত প্ৰকাশ কৰা অনুসৰি, ভাৰত-ফ্ৰান্স অ’ছেনছেট3-আৰ্গোছ অভিযান শীঘ্ৰেই কাৰ্যকৰী কৰা হ'ব ৷ আনহাতে তৃতীয় যুটীয়া উপগ্ৰহ তৃষ্ণাৰ উন্নয়ন কাম উন্নীতকৰণৰ কাম চলি আছে । ইয়াৰ লগতে "থাৰ্মেল ইনফ্ৰাৰেড অৰ্বিটাৰ বিশ্বব্যাপী আৰু স্থিৰ ভিত্তিত পৃথিৱীৰ উষ্ণতা নিৰীক্ষণ কৰা প্ৰথম মানক হ'ব ৷
দূতাবাসৰ বিষয়াজনে বিবৃতিত ফ্ৰান্সে মহাকাশ সুৰক্ষা বিষয়ত ভাৰতৰ সৈতে কাম কৰিবলৈ আগ্ৰহী বুলি উল্লেখ কৰে । তেওঁ লগতে, লে ড্ৰিয়ানে ৰাষ্ট্ৰীয় জৈৱ বিজ্ঞান কেন্দ্ৰ, কোষীয় আৰু আণৱিক গৱেষণা কেন্দ্ৰ আৰু ষ্টেম কোষ বিজ্ঞান প্ৰতিষ্ঠানৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ কেন্দ্ৰ পৰিদৰ্শন কৰিব । লে ড্ৰিয়ানে ফ্ৰান্সক ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ বাবে এক আকৰ্ষণীয় ব্যৱসায়িক গন্তব্যস্থান হিচাপে প্ৰদৰ্শন কৰিবলৈ বিনিয়োগকাৰী আৰু মুখ্য ব্যৱসায়িক গোটৰ শীৰ্ষ বিষয়াসকলৰ লগতো বৈঠকত মিলিত হ’ব ৷
লগতে পঢ়ক : কেৰালাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক’ভিড প্ৰ’টকল উলংঘনৰ অভিযোগ