ETV Bharat / bharat

COVID Vaccination Amrit Mahotsava : অহা ৭৫ দিনলৈ দেশৰ প্ৰাপ্তবয়স্ক লোকৰ বাবে ক'ভিডৰ বিনামূলীয়া বুষ্টাৰ পালি - Covid situation in India

দেশত আৰম্ভ হৈছে ক'ভিড টীকাকৰণ অমৃত মহোৎসৱ (COVID Vaccination Amrit Mahotsava in India)। কেন্দ্ৰই ১৫ জুলাইৰ পৰা ৩০ ছেপ্টেম্বৰলৈ এই ৭৫ দিনৰ বাবে সকলো চৰকাৰী ক'ভিড টীকাকৰণ কেন্দ্ৰত বিনামূলীয়া বুষ্টাৰ পালি প্ৰদানৰ এই বিশেষ কাৰ্যসূচী ঘোষণা কৰিছে । ১৮ বছৰৰ ওপৰৰ সকলো ব্যক্তি যিসকলৰ দ্বিতীয় পালি গ্ৰহণৰ কৰাৰ ৬ মাহ সম্পূৰ্ণ হৈছে তেওঁলোকে এই বুষ্টাৰ পালি ল'ব পাৰিব ।

COVID Vaccination Amrit Mahotsava
দেশৰ প্ৰাপ্তবয়স্ক লোকৰ বাবে ক'ভিডৰ বিনামূলীয়া বুষ্টাৰ পালি
author img

By

Published : Jul 15, 2022, 11:20 AM IST

নেশ্যনেল ডেস্ক,১৫ জুলাই : দেশত পুনৰ ক'ভিডৰ সংক্ৰমণ আৰম্ভ হৈছে (Covid situation in India)। ইয়াৰ মাজতে আকৌ চৰকাৰে ক'ভিড টীকাকৰণ প্ৰক্ৰিয়াও ক্ষিপ্ৰতৰ কৰি তুলিছে । এইবাৰ চৰকাৰে আৰম্ভ কৰিছে ক'ভিড টীকাকৰণ অমৃত মহোৎসৱ (COVID Vaccination Amrit Mahotsava in India)। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ হিচাপে উদযাপন কৰা আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিছে স্বাস্থ্য বিভাগে ।

শুকুৰবাৰৰ পৰা দেশজুৰি আৰম্ভ হৈছে এই বিশেষ টীকাকৰণ কাৰ্যসূচী । আগন্তুক ৭৫ দিনলৈ চলিব এই কাৰ্যসূচী । এই কাৰ্যসূচীৰ জৰিয়তে চৰকাৰে অধিক সংখ্যক যোগ্য প্ৰাপ্তবয়স্ক লোকসকলৰ মাজত বুষ্টাৰ পালি প্ৰদান কৰিব ।

পৰিয়াল কল্যাণ বিভাগৰ বিষয়া ড০ বিজয় পানীগ্ৰাহীয়ে কাৰ্যসূচী সম্পৰ্কে কয় যে ক'ভিড টীকাকৰণ অমৃত মহোৎসৱৰ জৰিয়তে চৰকাৰে ১৮-৫৯ বছৰ বয়সৰ সকলো নাগৰিককে টীকাকৰণ কৰাৰ চেষ্টা কৰিব ।

বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণৰ অধ্যক্ষতাত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্য সচিব আৰু এনএইচএম এমডিৰ সৈতে এক ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত হয় । য'ত টীকাকৰণ অভিযান ক্ষিপ্ৰতৰ কৰিবলৈ ৰাজ্যসমূহক আহ্বান জনোৱা হৈছে । ইফালে জন অভিযানৰ জৰিয়তে ক'ভিড টীকাকৰণ অমৃত মহোৎসৱৰ কাৰ্যসূচী সফল কৰিবলৈও ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিৰ্দেশ দিয়া হৈছে । আনহাতে উত্তৰাখণ্ডৰ চাৰ ধাম যাত্ৰা, জম্মু-কাশ্মীৰৰ অমৰনাথ যাত্ৰা আৰু কানৱাৰ যাত্ৰাৰ লগতে মুখ্য মেলা আৰু সভাসমূহৰ স্থানতো বিশেষ টীকাকৰণ শিবিৰ আয়োজন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।

কেন্দ্ৰীয় স্বাস্থ্য সচিবে উল্লেখ কৰা মতে ১৮ বছৰ বা তাতকৈ অধিক বয়সৰ লোক আৰু ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ লোকসকলৰ মাজত বুষ্টাৰ পালি মাত্ৰ ২৭ শতাংশহে সম্পূৰ্ণ হৈছে । যি এক উদ্বেগৰ কাৰণ বুলিও তেওঁ উল্লেখ কৰিছে ।

লগতে পঢ়ক :Tamil Nadu CM Covid positive : তামিলনাডুৰ মুখ্যমন্ত্ৰী ক'ভিডত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.