নেশ্যনেল ডেস্ক, 26 নৱেম্বৰ: চেলফিয়ে কাল হ'ল কৰ্ণাটকৰ চাৰিগৰাকী যুৱতীৰ বাবে ৷ কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ সীমান্তৱৰ্তী গাঁৱত অৱস্থিত কিতাৱাড়া জলপ্ৰপাতলৈ ভ্ৰমণলৈ গৈছিল চাৰিগৰাকী যুৱতী (Kitawada Falls in karnataka and Maharashtra border) ৷ নাম ক্ৰমে আছিয়া মুজাৱাৰ (১৭), কুডছিয়া হাছাম পেটেল (২০), ভিষ্টি (২০) আৰু তাছমিয়া (২০) ৷ যুৱতী কেইগৰাকী বেলাগাৱী জিলাৰ বাসিন্দা ।
মৃত আছিয়া মুজাৱাৰ , কুডছিয়া হাছাম পেটেল , ভিষ্টি আৰু তাছমিয়া ক্ৰমে উজ্বল নগৰ ,আনগোলাৰ ,ৰুক্কাশ আৰু জাটপাট কলনীৰ বাসিন্দা বুলি জানিব পৰা গৈছে (Kitawada Falls incident)৷
উল্লেখ্য যে, বেলাগাৱী জিলাৰ ৪০ গৰাকী যুৱতীয়ে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ সীমান্তৰ কিতাৱাদা জলপ্ৰপাতলৈ ভ্ৰমণলৈ গৈছিল(Kitawada Falls in Karnataka) । ভ্ৰমণৰ সময়ত পাঁচগৰাকী মহিলা চেলফি লোৱাৰ সময়ত পিছলি পৰে ।
পাঁচগৰাকী যুৱতীৰ ভিতৰত ৪গৰাকীৰ মৃত্যু হৈছে আৰু এগৰাকীৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে(Four Young Women Dies While Taking Selfie At Waterfall In Karnataka) । যুৱতী কেইগৰাকীৰ মৃতদেহ বেলাগাৱীৰ বিমছ হাস্পতাললৈ অনা হৈছে ।