নিউজ ডেস্ক, 22 নৱেম্বৰ: যৌন আতিশয্য, বলাৎকাৰ আদি ঘটনাৰ কথা নিতৌ আপুনি বাতৰিত পঢ়িবলৈ পায় (Rape news in India) ৷ আমাৰ দেশত প্ৰতিদিনে এনে ঘটনাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ বহু ধৰ্ষণৰ অপৰাধীয়ে শাস্তি লাভ কৰিছে যদিও এনে ঘটনা কিন্তু ঘটিয়েই আছে ৷ বৰ্তমান অকলশৰে কেতবোৰ স্থানত নাৰী সুৰক্ষিত নহয় বুলি এটা ধাৰণা আহি পৰিছে (Crime rate in India) ৷ কথাটো একেবাৰে নোহোৱাও নহয় ৷
কেৱল নাৰী নহয়, কেতিয়াবা পুৰুষো বলি হ’ল ধৰ্ষণ বা যৌন উৎপীড়নৰ ৷ মহিলাৰ দ্বাৰা পুৰুষক যৌন নিৰ্যাতন (Men molest by Women) ৷ অৱশ্যে এনেবোৰ ঘটনা সচৰাচৰ ৰাষ্ট্ৰ নহয় ৷ তাৰ কাৰণো বহু থাকে ৷ সেইবোৰ নুখুচৰি পোনেই ঘটনাৰ মাজলৈ আহো ৷ ইয়াতো যৌন নিৰ্যাতনৰ বলি হৈছে এজন যুৱক (Girls molest a boy whole night) ৷ কিন্তু আমি তেওঁৰ নাম গোপনে ৰাখি আপোনালোকক ঘটনাটো প্ৰকাশ কৰিম ৷
ভুক্তভোগী যুৱকগৰাকী এটা চামৰা কাৰখানাৰ শ্ৰমিক ৷ কেইদিনমান পূৰ্বে আন দিনাৰ দৰেই কাৰখানাৰ পৰা সন্ধিয়া ঘৰলৈ গৈ থকা অৱস্থাত এখন বিলাসী বাহনত অহা চাৰিগৰাকী যুৱতীয়ে তেওঁক এটা ঠিকনা সোধে ৷ ঠিকনাটো দেখুৱাই দিবৰ বাবে তেওঁক গাড়ীত বহিবলৈ কয় ৷ যুৱকজনে ইতস্ততঃ বোধ কৰিছিল ৷ কি কৰো কি নকৰো অৱস্থাত থাকোঁতেই যুৱতীকেইগৰাকীৰ মাজৰ এগৰাকীয়ে অজ্ঞান কৰে যুৱকজনক ৷ তাৰ পাচত তেওঁক গাড়ীত উঠাই চকুত ক’লা পটি আৰু দুয়োহাত ৰছীৰে বান্ধি লৈ গৈছিল কোনোবা এক স্থানলৈ (Four girls kidnapped a man) ৷
এটা অজ্ঞাত স্থানত গৈ গাড়ীখন ৰ’ল ৷ গাড়ীতেই চাৰিওগৰাকী যুৱতীয়ে যুৱকজনক দিছিল ড্ৰাগছ ৷ তাৰ পাচত উপৰ্যুপৰি যৌন নিৰ্যাতন চলায় যুৱকজনক ৷ কেৱল সিমানেই নহয়, জোৰ কৰি যুৱকজনক মদ খুৱাই দিছিল যুৱতী কেইগৰাকীয়ে ৷ তাৰ পাচতে আকৌ যৌন নিৰ্যাতন চলাই যুৱকজনক ৷ এইদৰে গোটেই নিশা গাড়ীৰ ভিতৰতে যুৱকজনৰ ওপৰত যৌন আতিশয্য চলোৱাৰ পাচত দোকমোকালি সময়ত পুনৰ চামৰাৰ কাৰখানাত তেওঁক পেলাই থৈ যায় যুৱতী কেইগৰাকীয়ে (Punjab man sexually abused by Four Girls) ৷
যুৱকজনে জনোৱা মতে, যুৱতী কেইগৰাকী 22-23 বছৰীয়া হ’ব আৰু আঢ্যৱন্ত পৰিয়ালৰ যুৱতী যেনেই ধাৰণা কৰিছিল তেওঁ ৷ চাৰিওগৰাকীয়ে ইংৰাজীতেই কথা-বতৰা পতা বুলি যুৱকজনে কয় ৷ যুৱকজন থানালৈ আহি আৰক্ষীক সমগ্ৰ ঘটনা অৱগত কৰিলে যদিও নতৰিলে কোনো গোচৰ (Male rape in India) ৷ এই সন্দৰ্ভত আৰক্ষীয়ে কাৰণ সোধাত তেওঁ কয় যে, পৰিয়ালৰ লোকে গোচৰ তৰিবলৈ বাৰণ কৰিছে ৷ কিয়নো এনে গোচৰ তৰি তেওঁলোক বিপদত পৰিব নোখোজে ৷
ঠিক চিনেমাৰ দৰে বা সচৰাচৰ ঘটি থকা মহিলা-কিশোৰী বলাৎকাৰৰ দৰেই এই ঘটনা ৷ এটা নিশা চাৰি যুৱতীৰ কামনাৰ বলি হ’ল আৰক্ষী ৷ তাৰ পাচত তেওঁ গোচৰ তৰিবলৈও অপাৰগ বিপদত পৰাৰ ভয়ত ৷ কেৱল মহিলায়েই নহয়, পুৰুষৰো নিৰাপত্তা নোহোৱা হৈছে লাহে লাহে ৷ এযা যেন তাৰেই চিন ৷
লগতে পঢ়ক: Ex Navy mans murder in Baruipur: প্ৰাক্তন নৌসেনাৰক্ষীৰ হত্যাত জড়িত পুত্ৰ-পত্নীক গ্ৰেপ্তাৰ